যশস্বী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা তথা শিল্পী জীৱন বৰাৰ আজি উত্তৰ লখিমপুৰ স্থিত নিজ বাসগৃহত দেহাৱসান ঘটে।
দীৰ্ঘদিনীয়া শাৰীৰিক অসুস্থতাত ভূগি থকা জীৱন বৰাৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৮৯ বছৰ।
উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বহু সংখ্যক লোকে স্বৰ্গগামী শিল্পী গৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা নিবেদন কৰে।
জীৱন বৰাৰ নশ্বৰ দেহ পৰৱৰ্তী সময়ত পানীগাঁৱত থকা প্ৰগতি সংঘলৈয়ো লৈ যোৱা হয়।
জীৱন বৰা ইণ্ডিয়ান পিপ’লছ থিয়েটাৰ এছ’চিয়েশ্যনৰ সৈতেও জড়িত আছিল। বৰাৰ দুখন বিখ্যাত অসমীয়া চলচ্চিত্ৰ হ’ল ওপজা সোণৰ মাটি(১৯৭২) আৰু পলাসৰ ৰং(১৯৭৬)।
ব্ৰজেন বৰুৱাই নিৰ্দেশনা কৰা ওপজা সোণৰ মাটি চলচ্চিত্ৰখনে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল।
জীৱন বৰাই আন এগৰাকী যশস্বী অসমীয়া অভিনেতা আব্দুল মজিদ আৰু সাহিত্যিক মহেন্দ্ৰ বৰঠাকুৰৰ সৈতেও একেলগে কাম কৰিছিল।
১৯৩১ চনৰ ১৪ নৱেম্বৰত লখিমপুৰ জিলাৰ পানীগাঁৱত জন্মগ্ৰহণ কৰা জীৱন বৰাই ১৯৪৪ চনৰ পৰা ১৯৪৭ চনলৈ ভাৰতীয় স্বাধীনতা সংগ্ৰামতো অংশ লৈছিল।
জীৱন বৰাই জে বি মহাবিদ্যালয় আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাৰ পাছত কৃষি বিভাগত যোগদান কৰিছিল।
বৰাই চলচ্চিত্ৰৰ লগতে বহুকেইখন উপন্যাস, অনুবাদমূলক গ্ৰন্থ অসমীয়া সমাজ জীৱনলৈ অৱদান হিচাপে আগবঢ়াই থৈ গৈছে।