DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এইবাৰ সমাজবাদী পাৰ্টিৰ ‘পি জৈন’ৰ গৃহত অভিযান আয়কৰ বিভাগৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 31, 2021 4:17 pm
Modi vs akhilesh yadav
162
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ ব্যৱসায়ী ‘পি জৈন’ৰ গৃহত কৰ অভিযানক কেন্দ্ৰ কৰি শাসনাধিষ্ঠ বিজেপি আৰু সমাজবাদী পাৰ্টিৰ বাকবিতণ্ডাৰ কেইদিনমান পিছতে আজি সমাজবাদী পাৰ্টিৰ সদস্য হিচাপে পৰিচিত আন এজন ‘পি জৈন’ পুষ্পৰাজ ‘পাম্পি’ জৈনৰ গৃহত আজি পুৱা আয়কৰ বিভাগে অনুসন্ধান চলায়।

উত্তৰ প্ৰদেশ, দিল্লী আৰু মুম্বাইত প্ৰায় ৫০ টা স্থানত সুগন্ধি, পেট্ৰ’ল পাম্প আৰু শীতল সংৰক্ষণ ব্যৱসায়ৰ গৰাকী ব্যৱসায়ীজনে কিছুদিন পূৰ্বে আগন্তুক উত্তৰ প্ৰদেশ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ‘সমাজবাদী পাৰ্টি পাৰফিউম’ আৰম্ভ কৰিছিল।

সমাজবাদী পাৰ্টিয়ে টুইটাৰত এই অভিযানৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়: “যোৱাবাৰ ভুলৱশত: বৃহৎ বিফলতাৰ পিছত এইবাৰ বিজেপিৰ চূড়ান্ত সহযোগী আয়কৰ বিভাগে অৱশেষত সমাজবাদী পাৰ্টিৰ পুষ্প ৰাজ জৈন আৰু কনৌজৰ অন্যান্য সুগন্ধি ব্যৱসায়ীসকলৰ ঠাইত অভিযান চলাইছে। উত্তৰ প্ৰদেশৰ নিৰ্বাচনত বিজেপিয়ে ভয় খাই কেন্দ্ৰীয় সংস্থাসমূহৰ মুকলিকৈ অপব্যৱহাৰ কৰাটো সচৰাচৰ হয়। মানুহে সকলো চাই আছে, তেওঁলোকে ভোটৰ দ্বাৰা উত্তৰ দিব।”

উল্লেখ্য যে পীয়ুষ জৈনৰ কানপুৰ আৰু কনৌজ চৌহদত অভিযানত বৃহৎ পৰিমাণৰ ধন আৰু সোণ উদ্ধাৰ হোৱাৰ পিছত বিজেপিয়ে অভিযোগ কৰিছিল যে পীয়ুষ জৈনে অলপতে সমাজবাদী সুগন্ধি মুকলি কৰিছিল। বিৰোধী দলটোক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে কানপুৰত কয় যে ২০১৭ চনৰ আগতে সমাজবাদী পাৰ্টিয়ে সমগ্ৰ উত্তৰ প্ৰদেশত ছটিয়াই দিয়া দুৰ্নীতিৰ সুগন্ধি সকলোৱে দেখিবলৈ পাইছে।

ইয়াৰ প্ৰত্যুত্তৰ দি সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে কয় যে বিজেপিয়ে ব্যৱসায়ী পীযুষ জৈনক সমাজবাদী পাৰ্টিৰ পুষ্পৰাজ জৈন বুলি ভুলবশত: অনুসন্ধান কৰিছে। পীযুষ জৈনৰ সৈতে কোনো সম্পৰ্ক অস্বীকাৰ কৰি তেওঁ কয় যে বিজেপিয়ে নিজৰ ব্যৱসায়ীক ভুলবশতঃ অভিযান চলাইছিল।

অভিযানৰ পিছত পুষ্পৰাজ জৈনে সংবাদ মাধ্যমৰ আগত কয় যে পীযুষ জৈনৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই আৰু তেওঁ এই নিম্ন স্তৰৰ ৰাজনীতিৰ বাবে দুখিত।

Recent News

Sikkim

প্ৰতি নৱজাতকৰ বিপৰীতে ১০০ টাকৈ গছপুলি: ছিকিম চৰকাৰৰ অভিনৱ পদক্ষেপ

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

ফেচবুক কৰ্ণাৰ: বাল্য বিবাহ মানেই অবৈধ নেকি

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

বিবিচিৰ তথ্যচিত্ৰ নিষিদ্ধকৰণ : উচ্চতম ন্যায়ালয়ৰ ৰোষত মোদী চৰকাৰ!

Singapore Chief Justice In Supreme Court

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ লগতে বহিল ছিংগাপুৰৰ মুখ্য ন্যায়াধীশ সুন্দৰেশ মেনন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd