NORTHEAST NOW (Assamese)

ডবল ছিম ব্যৱহাৰ কৰোতালৈ সুখবৰ; এটা ছিম ৰিচাৰ্জ কৰিলেই পাব দুয়োটাতে উপকাৰ

September 25, 2019 1:11 pm · এন ই নাও নিউজ
Updated: September 25, 2019 1:32 pm

সম্প্ৰতি সৰহসংখ্যক ম’বাইল চলোৱা লোকেই এটা ম’বাইলত দুখনকৈ ছিম কাৰ্ড ব্যৱহাৰ কৰে। এতিয়া দুটা ছিম ব্যৱহাৰ কৰা সকলৰ বাবে আহিছে এক সুখবৰ।

যিহেতু এতিয়াৰ পৰা দুটা ছিমৰ মাত্ৰ এটা ছিম ৰিচাৰ্জ কৰিয়েই দুয়োটা ছিমতে গ্ৰাহকে লাভ কৰিব উপকাৰ। অৰ্থাৎ এটা ছিম ৰিচাৰ্জ কৰিয়েই গ্ৰাহকে ব্যৱহাৰ কৰিব পাৰিব আনটো ছিমো।

দুটা ছিম ব্যৱহাৰ কৰা সৰহসংখ্যক গ্ৰাহকেই এটা ছিম নিয়মিতভাৱে ৰিচাৰ্জ কৰাৰ বিপৰীতে আনটো অনিয়মতি ভাৱে বা মাজে সময়ে ৰিচাৰ্জ কৰা দেখা যায়। ফলত গ্ৰাহকে ব্যৱহাৰ কৰা দুটা ছিমৰ কোম্পানীৰ যিকোনো এটা কোম্পানী লোকচানৰ সন্মুখীন হ’ব লগীয়া হয়।

বিশেষকৈ জিঅ’ ছিম অহাৰ পিছত এই সমস্যাই বেছিকৈ দেখা দিছিল। যিহেতু গ্ৰাহকে জিঅ’ ছিম নিয়মতিভাৱে ৰিচাৰ্জ কৰাৰ বিপৰীতে আনটো ছিম কেতিয়াবাহে ৰিচাৰ্জ কৰে।

সেয়েহে জিঅ’ৰ বাহিৰে আন আন কোম্পানীসমূহে মাহে ৩৫ টকা ৰিচাৰ্জ কৰাটো বাধ্যতামূলক কৰি দিছিল। ইয়াৰ বাবে গ্ৰাহক সকলৰ মাজত কিছু অসন্তুষ্টিয়েও দেখা দিছিল।

বৰ্তমান এই সমস্যাৰ সমাধান হিচাপে এক নতুন নিয়ম উলিয়াইছে ৰিলায়েন্স জিঅ’ই। নতুন নিয়ম অনুসৰি এতিয়াৰ পৰা দুটা ছিমৰ মাত্ৰ এটা ছিম ৰিচাৰ্জ কৰিয়েই দুয়োটা ছিম ব্যৱহাৰ কৰিব পাৰিব গ্ৰাহকে।

জিঅ’ই উলিওৱা এই নতুন নিয়ম অনুসৰি গ্ৰাহকে জিঅ’ নাম্বাৰ ৰিচাৰ্জ কৰাৰ লগে লগে আনটো ছিমৰো বৈধ্যতাৰ সময়সীমা বাঢ়ি যাব। ফলত গ্ৰাহকে পূৰ্বৰ দৰে মাহে মাহে ৩৫ টকা ৰিচাৰ্জ নকৰাকৈয়ে হ’ব।

ইয়াৰ বাবে জিঅ’ ছিম ব্যৱহাৰ কৰাসকলে My Jio appৰ জৰিয়তে আনটো ছিম জিঅ’ ছিমৰ সৈতে সংযোগ কৰিব লাগিব। তেতিয়া জিঅ’ ৰিচাৰ্জ কৰিলে দ্বিতীয়টো ছিমৰো বৈধ্যতাৰ সময়সীমা বৃদ্ধি পাব।

Related News