এন আৰ চি : বিভিন্ন দাবীৰ প্রতি সঁহাৰি জনাই শিথিল কৰা হৈছে অন্তৰ্ভুক্তি, আপত্তি দাখিলৰ চৰ্ত

এন আৰ চি

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সোমবাৰৰ পৰা এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ দাবী আৰু আপত্তি দাখিলৰ প্ৰ-পত্ৰ উপলব্ধ হৈছে। সেই অনুসৰি এন আৰ চিৰ চূড়ান্ত খচৰাত কোনো লোকৰ নাম অন্তৰ্ভুক্তিৰ আপত্তি দাখিলৰ ক্ষেত্ৰত থকা চৰ্ত শিথিল কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা ৩০ জুলাইত চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে এন আৰ চিৰ ৱেবছাইটত (www.nrcassam.nic.in) দাবী আৰু আপত্তি দাখিলৰ খচৰা প্ৰ-পত্ৰ প্ৰদৰ্শন কৰা হৈছিল আৰু তাকে লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। আপত্তি দাখিলৰ প্ৰ-পত্ৰত উল্লেখ কৰা হৈছিল যে কোনো লোকৰ বিৰুদ্ধে দাখিল কৰা আপত্তিৰ ক্ষেত্ৰত তথ্য ভুল বুলি প্ৰমাণিত হ’লে দাখিল কৰোঁতাজন ১৯৫৫ চনৰ নাগৰিকত্ব আইন অনুসৰি শাস্তিৰ সন্মুখীন হ’ব লাগিব।

উক্ত চৰ্তক লৈ বিভিন্ন পক্ষই প্ৰতিবাদ কৰিছিল আৰু অসম মন্ত্ৰী পৰিষদৰ বৈঠকে শাস্তিৰ বিষয়টো বাদ দি ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ চমুকৈ এছ অ’ পি যুগুতাবলৈ কেন্দ্ৰীয় চৰকাৰক  আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

জানিব পৰা মতে যোৱা ১৬ আগষ্টত উচ্চতম ন্যায়ালয়ৰ এন আৰ চি সম্পৰ্কীয় গোচৰৰ শুনানিৰ আগে আগে দাখিল কৰা খচৰা এছ অ’ পিত এই বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে।

ইতিমধ্যে ৱেবছাইটৰ উপৰি সংশ্লিষ্ট এন আৰ চি সেৱা কেন্দ্ৰসমূহত দাবী আৰু আপত্তি দাখিলৰ প্ৰ-পত্ৰ উপলব্ধ হৈছে। সোমবাৰৰ পৰা উপলব্ধ হোৱা আপত্তি দাখিলৰ প্ৰ-পত্ৰত ভুল তথ্যৰ বাবে শাস্তিৰ প্ৰসংগটো উঠাই দিয়া হৈছে।

ইপিনে অহা ৩০ আগষ্টৰপৰা প্ৰ-পত্ৰসমূহ জমা দিব পাৰিব। অৱশ্যে পূৰণ কৰা প্ৰ-পত্ৰসমূহ সংশ্লিষ্ট এন আৰ চি সেৱা কেন্দ্ৰতহে জমা দিব লাগিব।

উল্লেখ্য যে যোৱা ৩১ জুলাইৰ শুনানিত উচ্চতম ন্যায়ালয়ে দাবী আৰু আপত্তি নিষ্পত্তিৰ সম্পৰ্কত এছ অ’ পি যুগুতাই উলিওৱাৰ বাবে ভাৰতৰ মহাপঞ্জীয়ক আৰু এন আৰ চি উন্নীতকৰণৰ ৰাজ্যিক সমন্বয়কক নিৰ্দেশ দিছিল।

আনহাতে, উচ্চতম ন্যায়ালয়ত দাখিল কৰা এছ অ’ পি সম্পৰ্কত অহা ২৮ আগষ্টত ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। ন্যায়ালয়ে এছ অ’ পি চূড়ান্ত কৰাৰ পিছত অতিৰিক্ত নিৰ্দেশনা জাৰি কৰা হ’ব বুলি সদৰী কৰা হৈছে।