• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰীলৈ মুইভাৰ পত্র : ‘তৃতীয় ৰাষ্ট্ৰত আলোচনা কৰক, নাগালেণ্ডৰ বাবে সুকীয়া পতাকা, সংবিধান দিয়ক’

ভদ্ৰ গগৈ by ভদ্ৰ গগৈ
October 6, 2020 7:56 pm
NSCN-IM-general-secretary-Th.-Muivah-addressing-the-Naga-Independence-Day-celebrations-at-NSCN-IM-headqaurters-Camp-Hebron-on-August-14-2015.-File-750x375
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এনএছচিএন(আইএম)ৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখা এখন পত্ৰ ৰাজহুৱা কৰা হৈছে।

পত্ৰখন ৰাজহুৱা হোৱাৰ লগে লগে উত্তৰ পূৱৰ বিদ্ৰোহী সংগঠনটোৰ কেবাটাও বিস্ফোৰক দাবী ফাদিল হোৱাই নহয় ভাৰত চৰকাৰৰ সৈতে অব্যাহত থকা তেওঁলোকৰ ৰাজনৈতিক আলোচনা যে মুঠেও ফলপ্ৰসূ হোৱা নাই সেয়া স্পষ্ট হৈ পৰিছে।

Apply Now

যোৱা ২০ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখা পত্ৰখনত মুভাই লিখিছে যে ৰাজনৈতিক আলোচনা অব্যাহত ৰাখিবলৈ সৰ্বোচ্চ পৰ্যায়ত অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ স্তৰত পূৰ্ব চৰ্তহীনভাৱে পুনৰ আৰম্ভ কৰিব লাগিব। আৰু এই আলোচনা ভাৰত বাহিৰৰ এখন তৃতীয় ৰাষ্ট্ৰত হ’ব লাগিব বুলি মুইভাই দাবী কৰিছে।

উল্লেখ্য যে এনএছচিএন(আইএম)এ আলোচনাৰ মেজত ভাৰত চৰকাৰৰ ওচৰত বৃহত্তৰ নাগালেণ্ডৰ বাবে সুকীয়া পতাকা আৰু সংবিধানো দাবী কৰি আহিছে। মুভাই প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনত এই বিষয়ে উল্লেখ কৰি কয় যে চূড়ান্ত নাগা চুক্তিত এই দুয়োটা বিষয়কে অন্তৰ্ভুক্ত কৰিব লাগিব ভাৰত চৰকাৰে।

ভাৰত চৰকাৰৰ আমন্ত্ৰণক্ৰমে ৰাজনৈতিক আলোচনাৰ বাবে মুইভা আৰু এনএছচিএন(আইএম)ৰ অধ্যক্ষ ইশ্বাক শ্বুৱে ২০০২ চনতে ভাৰতলৈ আহিছিল যদিও পুনৰ বিশ্বৰ এখন তৃতীয় ৰাষ্ট্ৰত আলোচনাৰ দাবী জনোৱাটোৱে আলোচনাই ফলপ্ৰসূভাৱে আগনবঢ়াটোকে সূচাইছে বুলি ধাৰণা কৰা হৈছে।

তেওঁ পত্ৰখনৰ যোগেদি ভাৰত চৰকাৰক মনত পেলাই দিয়ে যে ভাৰত চৰকাৰৰ সৈতে এনএছচিএন(আইএম)এ স্বাক্ষৰ কৰা বুজাবুজি চুক্তিত এনএছচিএন(আইএম)ক “বেআইনী কাৰ্যকলাপ(প্ৰতিৰোধ)আইন”(Under Unlawful Activities (Prevention) Act) অধীনত নিষিদ্ধকৰণ উঠাই লোৱা সিদ্ধান্তও অন্তৰ্ভুক্ত আছিল। কিন্তু ভাৰত চৰকাৰে এনএছচিএন(আইএম)ক এই আইনৰ অধীনত এতিয়াও নিষিদ্ধ কৰি ৰাখিছে বুলি পত্ৰখনত উল্লেখ কৰিছে মুইভাই।

ইফালে মুইভাই এনএছচিএন(আই এম)-এ নাগা বিষয়টো ৰাজনৈতিক বুলি স্বীকৃতি দিয়াৰ পিছতহে ভাৰত চৰকাৰৰ সৈতে ৰাজনৈতিক আলোচনা কৰিবলৈ সন্মত হৈছিল বুলি পত্ৰখনত উল্লেখ কৰি কৈছে যে এনএছচিএন(আই এম)ৰ বিষয়টো “ভাৰত চৰকাৰৰ আভ্যন্তৰীণ আইন-শৃংখলাৰ বিষয়” নহয়।

বিগত ২২ বছৰে ভাৰত চৰকাৰে নগা সমস্যাটো আলোচনাৰ নামত উপেক্ষাহে কৰি আহিছে বুলিও দাবী কৰিছে মুইভাই।

উল্লেখ্য যে ১৯৯৭ চনৰ ১ আগষ্টত নগা সমস্যা সমাধানৰ বাবে তৃতীয় ৰাষ্ট্ৰত ভাৰত চৰকাৰৰ লগত সৰ্বোচ্চ স্তৰত ৰাজনৈতিক আলোচনা অৰ্থাৎ প্ৰধানমন্ত্ৰী স্তৰৰ আলোচনা কৰা হ’ব বুলি ভাৰত চৰকাৰে সন্মত হোৱাৰ পিছতহে এনএছচিএন(আইএম)-এ চৰকাৰৰ সৈতে যুদ্ধ বিৰতিৰ চুক্তিত স্বাক্ষৰ কৰিছিল।

তেওঁ লগতে পত্ৰখন কয় যে এক স্থায়ী আৰু গ্ৰহণযোগ্য আৰু সন্মানীয় ৰাজনৈতিক নিষ্পত্তিৰ বাবে “ফ্ৰেমৱৰ্ক চুক্তিৰ সিদ্ধান্ত অনুসৰি, আমি আমাৰ প্ৰস্তাৱ উল্লেখ কৰিছিলো আৰু নাগালেণ্ডক ভাৰত চৰকাৰে নিজা পতাকা, সংগীত, প্ৰতীক-চিহ্ন দিব লাগিব দাবী জনাই আহিছো।”

মুইভাৰ পত্ৰখন ৰাজহুৱা হোৱাৰ পিছত দেখা গৈছে এনএছচিএন(আইএম)ৰে আলোচনাৰ নামত ভাৰত চৰকাৰে কেৱল কালক্ষয়হে কৰি আছে। যাৰ ফলত ক্ষুব্ধ হৈ উঠিছে এনএছচিএন(আই এম)।

ভদ্ৰ গগৈ

ভদ্ৰ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd