• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰধানমন্ত্ৰীলৈ মুইভাৰ পত্র : ‘তৃতীয় ৰাষ্ট্ৰত আলোচনা কৰক, নাগালেণ্ডৰ বাবে সুকীয়া পতাকা, সংবিধান দিয়ক’

Bhadra Gogoi ভদ্ৰ গগৈ
ডিমাপুৰ , October 6, 2020 8:02 pm

3 min read

NSCN-IM-general-secretary-Th.-Muivah-addressing-the-Naga-Independence-Day-celebrations-at-NSCN-IM-headqaurters-Camp-Hebron-on-August-14-2015.-File-750x375
540
VIEWS
Share on FacebookShare on Twitter

এনএছচিএন(আইএম)ৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখা এখন পত্ৰ ৰাজহুৱা কৰা হৈছে।

পত্ৰখন ৰাজহুৱা হোৱাৰ লগে লগে উত্তৰ পূৱৰ বিদ্ৰোহী সংগঠনটোৰ কেবাটাও বিস্ফোৰক দাবী ফাদিল হোৱাই নহয় ভাৰত চৰকাৰৰ সৈতে অব্যাহত থকা তেওঁলোকৰ ৰাজনৈতিক আলোচনা যে মুঠেও ফলপ্ৰসূ হোৱা নাই সেয়া স্পষ্ট হৈ পৰিছে।

যোৱা ২০ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখা পত্ৰখনত মুভাই লিখিছে যে ৰাজনৈতিক আলোচনা অব্যাহত ৰাখিবলৈ সৰ্বোচ্চ পৰ্যায়ত অৰ্থাৎ প্ৰধানমন্ত্ৰীৰ স্তৰত পূৰ্ব চৰ্তহীনভাৱে পুনৰ আৰম্ভ কৰিব লাগিব। আৰু এই আলোচনা ভাৰত বাহিৰৰ এখন তৃতীয় ৰাষ্ট্ৰত হ’ব লাগিব বুলি মুইভাই দাবী কৰিছে।

উল্লেখ্য যে এনএছচিএন(আইএম)এ আলোচনাৰ মেজত ভাৰত চৰকাৰৰ ওচৰত বৃহত্তৰ নাগালেণ্ডৰ বাবে সুকীয়া পতাকা আৰু সংবিধানো দাবী কৰি আহিছে। মুভাই প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনত এই বিষয়ে উল্লেখ কৰি কয় যে চূড়ান্ত নাগা চুক্তিত এই দুয়োটা বিষয়কে অন্তৰ্ভুক্ত কৰিব লাগিব ভাৰত চৰকাৰে।

ভাৰত চৰকাৰৰ আমন্ত্ৰণক্ৰমে ৰাজনৈতিক আলোচনাৰ বাবে মুইভা আৰু এনএছচিএন(আইএম)ৰ অধ্যক্ষ ইশ্বাক শ্বুৱে ২০০২ চনতে ভাৰতলৈ আহিছিল যদিও পুনৰ বিশ্বৰ এখন তৃতীয় ৰাষ্ট্ৰত আলোচনাৰ দাবী জনোৱাটোৱে আলোচনাই ফলপ্ৰসূভাৱে আগনবঢ়াটোকে সূচাইছে বুলি ধাৰণা কৰা হৈছে।

তেওঁ পত্ৰখনৰ যোগেদি ভাৰত চৰকাৰক মনত পেলাই দিয়ে যে ভাৰত চৰকাৰৰ সৈতে এনএছচিএন(আইএম)এ স্বাক্ষৰ কৰা বুজাবুজি চুক্তিত এনএছচিএন(আইএম)ক “বেআইনী কাৰ্যকলাপ(প্ৰতিৰোধ)আইন”(Under Unlawful Activities (Prevention) Act) অধীনত নিষিদ্ধকৰণ উঠাই লোৱা সিদ্ধান্তও অন্তৰ্ভুক্ত আছিল। কিন্তু ভাৰত চৰকাৰে এনএছচিএন(আইএম)ক এই আইনৰ অধীনত এতিয়াও নিষিদ্ধ কৰি ৰাখিছে বুলি পত্ৰখনত উল্লেখ কৰিছে মুইভাই।

ইফালে মুইভাই এনএছচিএন(আই এম)-এ নাগা বিষয়টো ৰাজনৈতিক বুলি স্বীকৃতি দিয়াৰ পিছতহে ভাৰত চৰকাৰৰ সৈতে ৰাজনৈতিক আলোচনা কৰিবলৈ সন্মত হৈছিল বুলি পত্ৰখনত উল্লেখ কৰি কৈছে যে এনএছচিএন(আই এম)ৰ বিষয়টো “ভাৰত চৰকাৰৰ আভ্যন্তৰীণ আইন-শৃংখলাৰ বিষয়” নহয়।

বিগত ২২ বছৰে ভাৰত চৰকাৰে নগা সমস্যাটো আলোচনাৰ নামত উপেক্ষাহে কৰি আহিছে বুলিও দাবী কৰিছে মুইভাই।

উল্লেখ্য যে ১৯৯৭ চনৰ ১ আগষ্টত নগা সমস্যা সমাধানৰ বাবে তৃতীয় ৰাষ্ট্ৰত ভাৰত চৰকাৰৰ লগত সৰ্বোচ্চ স্তৰত ৰাজনৈতিক আলোচনা অৰ্থাৎ প্ৰধানমন্ত্ৰী স্তৰৰ আলোচনা কৰা হ’ব বুলি ভাৰত চৰকাৰে সন্মত হোৱাৰ পিছতহে এনএছচিএন(আইএম)-এ চৰকাৰৰ সৈতে যুদ্ধ বিৰতিৰ চুক্তিত স্বাক্ষৰ কৰিছিল।

তেওঁ লগতে পত্ৰখন কয় যে এক স্থায়ী আৰু গ্ৰহণযোগ্য আৰু সন্মানীয় ৰাজনৈতিক নিষ্পত্তিৰ বাবে “ফ্ৰেমৱৰ্ক চুক্তিৰ সিদ্ধান্ত অনুসৰি, আমি আমাৰ প্ৰস্তাৱ উল্লেখ কৰিছিলো আৰু নাগালেণ্ডক ভাৰত চৰকাৰে নিজা পতাকা, সংগীত, প্ৰতীক-চিহ্ন দিব লাগিব দাবী জনাই আহিছো।”

মুইভাৰ পত্ৰখন ৰাজহুৱা হোৱাৰ পিছত দেখা গৈছে এনএছচিএন(আইএম)ৰে আলোচনাৰ নামত ভাৰত চৰকাৰে কেৱল কালক্ষয়হে কৰি আছে। যাৰ ফলত ক্ষুব্ধ হৈ উঠিছে এনএছচিএন(আই এম)।

Recent News

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

প্ৰতিবাদ; আধাৰশিলা স্থাপন নকৰাকৈয়ে উভতিবলগীয়া হ’ল বিধায়ক ভাস্কৰ শৰ্মা

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd