NORTHEAST NOW (Assamese)

দেশত ৮৯ লাখ অতিক্ৰম ক’ৰ’না আক্ৰান্তৰ সংখ্যা, আৰোগ্যৰ হাৰ ৯৩.৫৮ শতাংশলৈ বৃদ্ধি

November 19, 2020 12:09 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

দেশত ক’ৰ’না ৰোগীৰ সংখ্যা ৮৯ লাখ অতিক্ৰম কৰিছে। যোৱা ২৪ ঘণ্টাত ৪৫ হাজাৰ ৫৭৬ গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে।

ইয়াৰ সৈতে, ক’ৰ’না ৰোগীৰ মুঠ সংখ্যা ৮৯, ৫৮,৪৮৪ লৈ বৃদ্ধি পালে।

যোৱা ২৪ ঘণ্টাত ৫৮৫ গৰাকী লোকৰ মৃত্যু হৈছিল। ইয়াৰ সৈতে, এই পৰ্যন্ত ক’ৰ’নাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ১,৩১৫৭৮ জনলৈ।

বৃহস্পতিবাৰে ৰাতিপুৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰা তথ্য অনুসৰি, দেশত বৰ্তমান ৪,৪৩,৩০৩ গৰাকী সক্ৰিয় ৰোগী আছে।

সুখবৰ এটাই যে ৮৩,৮৩,৬০৩ গৰাকী ৰোগী এতিয়ালৈকে ক’ৰ’নাৰ পৰা সুস্থ হৈ উঠিছে। দেশত আৰোগ্যৰ হাৰ ৯৩.৫৮ শতাংশলৈ বৃদ্ধি পাইছে।

ইফালে যোৱা ২৪ ঘণ্টাত ১০ লাখৰো অধিক লোকৰ পৰীক্ষা কৰা হৈছে। আই চি এম আৰৰ মতে, ১৮ নৱেম্বৰত ১০,২৮২০৩ টা পৰীক্ষা কৰা হৈছিল।

দেশত এতিয়ালৈকে মুঠ ১২,৮৫,০৮,৩৮৯টা পৰীক্ষা কৰা হৈছে।

Related News