NORTHEAST NOW (Assamese)

গুৰুত্বপূৰ্ণ বৈঠকত নিয়মানুৱৰ্তিতা ভংগ কৰি নিলম্বিত হ’ল আৰক্ষী বিষয়া

December 24, 2018 10:41 am · অনিৰ্বাণ পাঠক
নিলম্বিত আৰক্ষী বিষয়া তৰুণ কুমাৰ চিৰিঙৰ এখন ফাইল ফটো। উৎস : ফেচবুক।

এখন আৰক্ষী থানাৰ এজন দায়িত্বশীল বিষয়া হৈও গুৰুত্বপূৰ্ণ বৈঠকৰ সময়ত পদবীৰ লগত খাপ নোখোৱা ধৰণৰ আচৰণ কৰা বাবে চাকৰিৰ পৰা নিলম্বিত হ’ব লগীয়া হৈছে সোণাপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তৰুণ কুমাৰ চিৰিং। ২৩ ডিচেম্বৰত বিষয়াজনক এটা নিৰ্দেশযোগে নিলম্বন কৰে আইন শৃংখলাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালাই।

উল্লেখযোগ্য যে ২৩ ডিচেম্বৰত গুৱাহাটী মহানগৰীৰ আইন-শৃংখলাক লৈ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালাই গুৱাহাটীৰ আৰক্ষী ৰিজাৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰিছিল। অভিযোগমতে, এই বৈঠক চলি থকাৰ মাজতে সোণাপুৰৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তৰুণ কুমাৰ চিৰিঙে দায়িত্বহীনৰ দৰে আচৰণ কৰিছিল। তামোল-পাণ চোবাই চোবাই বৈঠকত বহি আছিল বিষয়াজন।

এই কথা চকুত পৰাৰ পিছতে বিষয়াগৰকীক তৎকালীনভাৱে চাকৰিৰ পৰা নিলম্বনৰ নিৰ্দেশ দিয়ে আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালাই। এই নিৰ্দেশনাৰ ভিত্তিত মহানগৰ আৰক্ষী আয়ুক্তই নিলম্বন কৰে ভাৰপ্ৰাপ্ত বিষয়া চিৰিঙক।

অভিযোগমতে, চিৰিঙে নিজেই এজন দায়িত্বশীল বিষয়া হৈও গুৰুত্বপূৰ্ণ বৈঠকখনৰ সময়ত নিয়মানুৱৰ্তিতা ভংগ কৰাৰ লগতে বিষয়বস্তুৰ প্ৰতি মনোযোগ দিয়া নাছিল।

Related News