• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী নবীন পাটনায়কক হত্যাৰ ষড়যন্ত্ৰ! এখন পত্ৰক লৈ উৰিষ্যাত উত্তেজনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 8, 2021 11:04 am

2 min read

Naveen-Patnaik

উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়ক।

125
VIEWS
Share on FacebookShare on Twitter

উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক হত্যাৰ ষড়যন্ত্ৰ চলিছে। মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ এগৰাকী অজ্ঞাত ব্যক্তিয়ে এই সন্দৰ্ভত সতৰ্ক কৰি দি ইংৰাজীত লিখা এখন পত্ৰ প্ৰেৰণ কৰিছে।

পত্ৰখনত দাবী কৰা হৈছে যে মহাৰাষ্ট্ৰৰ নাগপুৰত থকা এই ষড়যন্ত্ৰৰ মূল চক্ৰটোৱে নবীন পাটনায়কক হত্যা কৰাৰ বাবে ভেৰোণীয়া হত্যাকাৰী নিয়োগ কৰিছে।

সমগ্ৰ বিষয়টো সন্দৰ্ভত উৰিষ্যাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। বৃহস্পতিবাৰে ৰাজ্যখনৰ প্ৰশাসনৰ তৰফৰ পৰা এই বিষয়ে জানিবলৈ দিয়া হৈছে।

কোৱা হৈছে যে যোৱা ৫তাৰিখে উক্ত পত্ৰ পোৱাৰ পাছতেই ৰাজ্যখনৰ বিশেষ গৃহ সচিব ড০ সন্তোষ বালাক আৰক্ষী আৰু চোৰাংচোৱা বিভাগৰ ডিজি তথা ভুৱনেশ্বৰৰ আৰক্ষী আয়ুক্তক এই বিষয়ে তদন্তৰ নিৰ্দেশ দিছে।

ইপিনে, বিষয়টো পোহৰলৈ অহা পাছতেই উৰিষ্যাৰ প্ৰশাসনত তীব্ৰ চাঞ্চচল্যৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰী গৰাকীৰ নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে আৰু সকলোপিনে কঠোৰ নিৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে।

এই পত্ৰখন কোনে প্ৰেৰণ কৰিছে সেই বিষয়েও সন্ধান চলাই থকা হৈছে।

পত্ৰখনত উল্লেখ কৰা হৈছে নবীন পাটনায়কক হত্যা কৰাৰ বাবে নাগপুৰৰ এজন ব্যক্তিয়ে কেইবাজনো ভেৰোণীয়া হত্যাকাৰী নিয়োগ কৰিছে।

পেছাদাৰী হত্যাআৰীসকলৰ হাতত একে-৪৭ আৰু ছেমি অট’মেটিক পিষ্টলকে ধৰি অত্যাধুনিক মাৰনাস্ত্ৰ থকা বুলিও কোৱা হৈছে।

দেশৰ ভিতৰত এগৰাকী স্বচ্ছ ৰাজনীতিক তথা সুদক্ষ প্ৰশাসক হিচাপে সুনাম আছে উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ। প্ৰচাৰৰ পৰা আঁতৰত থাকিয়েই নীৰৱে জনসাধাৰণৰ বাবে কাম কৰি যোৱা নেতা হিচাপেও পাটনায়ক সৰ্বজনবিদিত।

এনেকুৱা এগৰাকী ব্যক্তিক হত্যাৰ চেষ্টা কৰাৰ কথা শুনি আচৰিত হৈ পৰিছে নেতাগৰাকীৰ অনুৰাগীসকল।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd