• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিত যোগদানেই লক্ষ্য ভুৱনেশ্বৰ কলিতাৰ!! কোন যোগাযোগত আছিল কলিতাৰ সৈতে?

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
August 5, 2019 7:54 pm
67774410_3553513298007359_2004735509359755264_n
7.5k
VIEWS
Share on FacebookShare on Twitter

জ্যেষ্ঠ কংগ্ৰেছ নেতা ভুৱনেশ্বৰ কলিতাই আজি ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ পিছত ৰাজ্যৰ ৰাজনৈতিক মহলত এক প্ৰকাৰৰ “আলোড়ন”ৰ সৃষ্টি হৈছে।

দলৰ পৰা পদত্যাগ কলিতাই নিশ্চিত নকৰিলেও দলৰ পৰাও পদত্যাগ কৰা বুলি ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত বাতৰি ওলাইছে।

ইয়াৰ মাজতে এটা সূত্ৰৰ দাবী, কলিতাই অচিৰেই বিজেপিত যোগদান কৰাৰ সকলো ভিতৰুৱা প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

অৱশ্যে আঠষষ্ঠি বছৰীয়া কলিতাই এই পৰ্য্যন্ত তেওঁৰ পদত্যাগৰ কোনো কাৰণ দাঙি ধৰা নাই। কিন্তু ঘটনাটো যে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ বাবে বিনা মেঘে বজ্ৰপাতৰ দৰে হৈছে, সেয়া ৰাজ্যিক নেতৃত্বৰ নীৰৱতাৰ পৰাই ধৰিব পাৰি। কলিতাৰ পদত্যাগ সম্পৰ্কত তেওঁলোকে কোনো পূৰ্বাভাস পোৱা নাছিল।

ৰাজনৈতিক বিশ্লেষকে কলিতাই ৰাজ্যসভা আৰু দলৰ পৰা পদত্যাগ কৰাৰ দুটা কাৰণ দাঙি ধৰিছে :-

প্ৰথম, কলিতা দলৰ হাই-কমাণ্ডক লৈ সুখী নাছিল, যি তেওঁক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পতাৰ অনুৰোধটোক গুৰুত্ব দিয়া নাছিল।

দ্বিতীয়তে, যদি তেওঁ বিজেপিত যোগদান কৰে, তেওঁ ৰাজ্যসভাত আন এটা কাৰ্য্যাকালৰ বাবে প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পাব, যিটোৱে তেওঁক দিল্লীৰ ৰাজনৈতিক মহলত খোপনি অব্যাহত ৰখাত সহায় কৰিব। অন্যথা তেওঁ অহা ২০২০ চনৰ ৯ এপ্ৰিলৰ পৰা অৱসৰী জীৱন ল’ব লগীয়া হ’ল হেঁতেন।

Bhubaneshwar Kalita
ভুৱনেশ্বৰ কলিতাৰ পদত্যাগপত্ৰখনৰ প্ৰতিলিপি।

কাৰণ তেওঁ জানে, তেওঁক পুনৰ এটা কাৰ্য্যকালৰ বাবে নিৰ্বাচন কৰি পঠাবলৈ অসম বিধানসভাত কংগ্ৰেছৰ সিমান বিধায়ক নাই।

ইপিনে, বিজেপিও ভুৱনেশ্বৰ কলিতাৰ পদত্যাগৰ পৰা লাভান্বিত হৈছে।

যোৱা লোকসভা নিৰ্বাচনত বিপুল বিজয়ৰ পিছত, বিজেপিয়ে উচ্চ সদনত ইয়াৰ কমজোৰ স্থিতিয়ে গুৰুত্বপূৰ্ণ আইনবোৰ স্তব্ধ কৰাটো বিচৰা নাই।

অধিৱেশন আৰম্ভ হোৱাৰ পৰাই বিৰোধী শিবিৰৰ পৰা কেইবাটাও দল সলনিৰ ঘটনা দেখা গৈছে।

তেলুগু দেশম পাৰ্টি, ৰাষ্ট্ৰীয় লোক দল আৰু সমাজবাদী পাৰ্টিৰ কিছু সংখ্যকে ইতিমধ্যে বিজেপিত যোগদান কৰিছে।

ৰাজ্যসভাত এতিয়া এন ডি এৰ ১১৬জন সদস্য আছে, যিটো সংখ্যা সংখ্যাগৰিষ্ঠতাৰ পৰা সামান্য কম।

শেহতীয়া দল সলনিৰ পিছত সমাজবাদী পাৰ্টিৰ সাংসদ নীৰজ শ্বেখৰ (যিজন প্ৰাক্তন প্ৰধান মন্ত্ৰী চন্দ্ৰ শ্বেখৰৰ পুত্ৰ) আন দুজন সাংসদক বিজেপিত যোগদান কৰোৱাৰ বাবে যোগাযোগত আছিল।

আৰু সমাজবাদী দলৰ সাংসদকেইজনে- সঞ্জয় শেঠ আৰু সুৰেন্দ্ৰ নাগৰ- আজি ভুৱনেশ্বৰ কলিতাৰ সৈতে একেলগে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰে।

কলিতাকে ধৰি তিনিজনকৈ সাংসদৰ ৰাজ্যসভাৰ পৰা পদত্যাগে এইটো স্পষ্ট কৰে যে বিজেপিয়ে খুব সোনকালেই মেজিক ফিগাৰ স্পৰ্শ কৰিবলৈ আগ বাঢ়িছে।

সূত্ৰবোৰে কয়, বিজেপিয়ে বিৰোধীৰ শিবিৰৰ নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈ থকা সাংসদ-নেতাসকলৰ ওপৰত চকু ৰাখিছে।

জুলাই ৩০ তাৰিখে, অসমৰ বিতৰ্কিত সাংসদ সঞ্জয় সিঙেও ৰাজ্যসভা আৰু দলৰ পৰা পদত্যাগ কৰিছিল আৰু ২৪ ঘণ্টাৰ ভিতৰতে বিজেপিত যোগদান কৰিছিল। পদত্যাগ কৰি তেওঁ কৈছিল, “দলটোত নেতৃত্বৰ শূন্যতা আছে”।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd