• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিত যোগদানেই লক্ষ্য ভুৱনেশ্বৰ কলিতাৰ!! কোন যোগাযোগত আছিল কলিতাৰ সৈতে?

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
August 5, 2019 7:54 pm
67774410_3553513298007359_2004735509359755264_n
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জ্যেষ্ঠ কংগ্ৰেছ নেতা ভুৱনেশ্বৰ কলিতাই আজি ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ পিছত ৰাজ্যৰ ৰাজনৈতিক মহলত এক প্ৰকাৰৰ “আলোড়ন”ৰ সৃষ্টি হৈছে।

দলৰ পৰা পদত্যাগ কলিতাই নিশ্চিত নকৰিলেও দলৰ পৰাও পদত্যাগ কৰা বুলি ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত বাতৰি ওলাইছে।

Apply Now

ইয়াৰ মাজতে এটা সূত্ৰৰ দাবী, কলিতাই অচিৰেই বিজেপিত যোগদান কৰাৰ সকলো ভিতৰুৱা প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।

অৱশ্যে আঠষষ্ঠি বছৰীয়া কলিতাই এই পৰ্য্যন্ত তেওঁৰ পদত্যাগৰ কোনো কাৰণ দাঙি ধৰা নাই। কিন্তু ঘটনাটো যে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ বাবে বিনা মেঘে বজ্ৰপাতৰ দৰে হৈছে, সেয়া ৰাজ্যিক নেতৃত্বৰ নীৰৱতাৰ পৰাই ধৰিব পাৰি। কলিতাৰ পদত্যাগ সম্পৰ্কত তেওঁলোকে কোনো পূৰ্বাভাস পোৱা নাছিল।

ৰাজনৈতিক বিশ্লেষকে কলিতাই ৰাজ্যসভা আৰু দলৰ পৰা পদত্যাগ কৰাৰ দুটা কাৰণ দাঙি ধৰিছে :-

প্ৰথম, কলিতা দলৰ হাই-কমাণ্ডক লৈ সুখী নাছিল, যি তেওঁক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পতাৰ অনুৰোধটোক গুৰুত্ব দিয়া নাছিল।

দ্বিতীয়তে, যদি তেওঁ বিজেপিত যোগদান কৰে, তেওঁ ৰাজ্যসভাত আন এটা কাৰ্য্যাকালৰ বাবে প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পাব, যিটোৱে তেওঁক দিল্লীৰ ৰাজনৈতিক মহলত খোপনি অব্যাহত ৰখাত সহায় কৰিব। অন্যথা তেওঁ অহা ২০২০ চনৰ ৯ এপ্ৰিলৰ পৰা অৱসৰী জীৱন ল’ব লগীয়া হ’ল হেঁতেন।

Bhubaneshwar Kalita
ভুৱনেশ্বৰ কলিতাৰ পদত্যাগপত্ৰখনৰ প্ৰতিলিপি।

কাৰণ তেওঁ জানে, তেওঁক পুনৰ এটা কাৰ্য্যকালৰ বাবে নিৰ্বাচন কৰি পঠাবলৈ অসম বিধানসভাত কংগ্ৰেছৰ সিমান বিধায়ক নাই।

ইপিনে, বিজেপিও ভুৱনেশ্বৰ কলিতাৰ পদত্যাগৰ পৰা লাভান্বিত হৈছে।

যোৱা লোকসভা নিৰ্বাচনত বিপুল বিজয়ৰ পিছত, বিজেপিয়ে উচ্চ সদনত ইয়াৰ কমজোৰ স্থিতিয়ে গুৰুত্বপূৰ্ণ আইনবোৰ স্তব্ধ কৰাটো বিচৰা নাই।

অধিৱেশন আৰম্ভ হোৱাৰ পৰাই বিৰোধী শিবিৰৰ পৰা কেইবাটাও দল সলনিৰ ঘটনা দেখা গৈছে।

তেলুগু দেশম পাৰ্টি, ৰাষ্ট্ৰীয় লোক দল আৰু সমাজবাদী পাৰ্টিৰ কিছু সংখ্যকে ইতিমধ্যে বিজেপিত যোগদান কৰিছে।

ৰাজ্যসভাত এতিয়া এন ডি এৰ ১১৬জন সদস্য আছে, যিটো সংখ্যা সংখ্যাগৰিষ্ঠতাৰ পৰা সামান্য কম।

শেহতীয়া দল সলনিৰ পিছত সমাজবাদী পাৰ্টিৰ সাংসদ নীৰজ শ্বেখৰ (যিজন প্ৰাক্তন প্ৰধান মন্ত্ৰী চন্দ্ৰ শ্বেখৰৰ পুত্ৰ) আন দুজন সাংসদক বিজেপিত যোগদান কৰোৱাৰ বাবে যোগাযোগত আছিল।

আৰু সমাজবাদী দলৰ সাংসদকেইজনে- সঞ্জয় শেঠ আৰু সুৰেন্দ্ৰ নাগৰ- আজি ভুৱনেশ্বৰ কলিতাৰ সৈতে একেলগে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰে।

কলিতাকে ধৰি তিনিজনকৈ সাংসদৰ ৰাজ্যসভাৰ পৰা পদত্যাগে এইটো স্পষ্ট কৰে যে বিজেপিয়ে খুব সোনকালেই মেজিক ফিগাৰ স্পৰ্শ কৰিবলৈ আগ বাঢ়িছে।

সূত্ৰবোৰে কয়, বিজেপিয়ে বিৰোধীৰ শিবিৰৰ নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈ থকা সাংসদ-নেতাসকলৰ ওপৰত চকু ৰাখিছে।

জুলাই ৩০ তাৰিখে, অসমৰ বিতৰ্কিত সাংসদ সঞ্জয় সিঙেও ৰাজ্যসভা আৰু দলৰ পৰা পদত্যাগ কৰিছিল আৰু ২৪ ঘণ্টাৰ ভিতৰতে বিজেপিত যোগদান কৰিছিল। পদত্যাগ কৰি তেওঁ কৈছিল, “দলটোত নেতৃত্বৰ শূন্যতা আছে”।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd