প্ৰাক্তন কংগ্ৰেছী বিধায়িকা ৰুমী নাথৰ আঘাতযুক্ত মুখৰ ফটোক “মুছলমান স্বামী”ৰ প্ৰহাৰৰ চিন বুলি অপপ্ৰচাৰ

Rumi Nath

হিন্দুত্ব বাহিনীয়ে অপপ্ৰচাৰ কৰিবলৈ ব্যৱহাৰ কৰা পোষ্টটোৰ দুটা স্ক্ৰীন শ্বট।

 

কাছাৰৰ বৰখলা বিধানসভা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়িকা ৰুমী নাথৰ আঘাতযুক্ত মুখৰ এখন ফটোক লৈ অপপ্ৰচাৰত লিপ্ত হৈছে হিন্দুত্ব বাহিনী।

২০১২ চনত এটা গণপ্ৰহাৰৰ ঘটনাত আঘাতপ্ৰাপ্ত ৰুমী নাথৰ পুৰণি ফটোখন দি ছ’চিয়েল মিডিয়া টুইটাৰত হিষ্টৰি অব ইণ্ডিয়া (History Of India (@RealHistoriPix)) নামৰ এটা একাউণ্টৰ পৰা সাম্প্ৰদায়িক ৰহন সানি প্ৰচাৰ কৰা হৈছে আৰু টুইটটো প্ৰায় ৫০০ বাৰ ৰিটুইট কৰা হৈছে।

টুইটটোত কোৱা হৈছে, অসমত এগৰাকী হিন্দু মহিলাই জাকিৰ হুছেইন নামৰ এজনক বিয়া কৰাবৰ বাবে নিজৰ স্বামী আৰু সন্তানক ৰুবিয়া হ’ল আৰু বিয়াৰ পিছত জাকিৰ হুছেইনে তেওঁৰ কি কৰিলে চাওক।

টুইটটোৰ সৈতে দুখন ফটো সন্নিৱিষ্ট কৰি দিয়া হৈছে। এখনত এজন পুৰুষৰ সৈতে ৰুমী নাথক দেখা গৈছে। আনখন মুখত কেইবাটাও আঘাতৰ ক’লা দাগৰ সৈতে ৰুমীৰ অকলশৰীয়া ফটো।

টুইটটো Congress Mukt Bharat (@sagenaradamuni) –এও শ্বেয়াৰ কৰিছে আৰু টেগলাইন দিছে এই বুলি যে মুছলমান পুৰুষক বিয়া কৰোৱা এগৰাকী হিন্দু মহিলা ঘৰুৱা হিংসাৰ বলি হৈছে।

লগতে পঢ়ক এক দশকৰ পিছত লক্ষ্মী ওৰাঙক আকৌ এবাৰ নগ্ন কৰিলে বিজেপিৰ সমৰ্থকে

বহুতে এই মূল পোষ্টটোৰ ফটো আৰু বাৰ্তাক ফেইচবুকতো শ্বেয়াৰ কৰিছে আৰু হাজাৰ হাজাৰ লোকে লাইক কৰিছে। ইয়াৰ ভিতৰত ‘Rss Uttarpara Nagar’.ও আছে।

প্ৰকৃত ঘটনাটোলৈ ঘূৰি চালে দেখা যায় এইটো আছিল ২০১২ চনৰ এটা ঘটনা, যি সময়ত ৰুমী নাথ বৰখলা সমষ্টিৰ বিধায়িকা হৈ আছিল।

তেওঁ আৰু তেওঁৰ দ্বিতীয় স্বামী জেকী জাকিৰ (এই বিতৰ্কিত টুইটটোত কোৱাৰ দৰে জাকিৰ হুছেইন নহয়) দক্ষিণ কৰিমগঞ্জ নগৰত একাংশ উত্তেজিত লোকে প্ৰহাৰ কৰিছিল, যিটো ঘটনাত ৰুমী নাথৰ এজাহাৰৰ পিছত পাঁচজনকৈ লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ঘটনাটোৰ কিছুদিন পূৰ্বে ৰুমী নাথে নিজৰ স্বামীক এৰি জেকীৰ সৈতে বিয়া হৈছিল।

বিজেপিৰ সৈতে জড়িত বিভিন্নটা হিন্দুত্ববাদী সংগঠনে বিভিন্ন সময়ত এনে ঘটনাবোৰৰ অপব্যাখ্যা আৰু সাম্প্ৰদায়িক ৰহন সানি প্ৰচাৰ কৰি আহিছে।

২০০৭ চনত গুৱাহাটী মহানগৰীৰ ৰাজপথত সভ্য নাগৰিকেৰে গঠিত এটা উন্মত্ত দলৰ হাতত বিবস্ত্ৰা হোৱা লক্ষ্মী ওৰাঙৰ নগ্ন ফটোখনো ৰাজনৈতিক মুনাফাত ব্যৱহাৰ কৰি বিজেপিৰ সমৰ্থকে ইয়াক পশ্চিম বংগত হিন্দু মহিলাক কংগ্ৰেছ কাৰ্য্যকৰ্তাই ৰাজপথত পিটাৰ দৃশ্য বুলি যোৱা বছৰ অপপ্ৰচাৰ চলাইছিল।