NORTHEAST NOW (Assamese)

অৱসৰ কটাবলৈ গৈ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু ৰাফেল যুদ্ধবিমানৰ নিৰ্মাতা অলিভিয়েৰ দাছোৰ

March 9, 2021 10:05 am · এন ই নাও নিউজ

হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ফৰাচী ধনকুবেৰ তথা ৰাজনীতিবিদ অলিভিয়েৰ দাছোই। দেওবাৰে উত্তৰ ফ্ৰান্সৰ ডিউভিলৰ ওচৰত অৱস্থিত নৰমাণ্ডিত অৱসৰ কটাবলৈ যোৱাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো।

বাতৰি অনুসৰি, যান্ত্ৰিক কাৰণতে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে যদিও দুৰ্ঘটনাৰ বিতং তদন্ত চলাই থকা হৈছে।

দেওবাৰে স্থানীয় সময় অনুসৰি সন্ধিয়া ৬বজাত হেলিকপ্টাৰখন ভাঙি পৰে। ঘটনাস্থলীতে দাছো আৰু পাইলটৰ মৃত্যু হয়।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰোই দাছোৰ মৃত্যুত শোক প্ৰকাশ কৰি কয় যে অলিভিয়েৰ দাছোৱে অন্তৰেৰে ফ্ৰান্সক ভাল পাইছিল। তেওঁ আছিল ফ্ৰান্সৰ উদ্যোগ জগতৰ মহানায়ক।

উল্লেখযোগ্য যে ভাৰতীয় সেনা বাহিনীত অন্তৰ্ভুক্ত কৰা বহুলভাৱে চৰ্চিত ৰাফেল যুদ্ধবিমানৰ নিৰ্মাতা হিচাপেও দাছো পৰিচিত। তেওঁৰ সংস্থাই এই যুদ্ধবিমান নিৰ্মাণ কৰিছে। দাছো ‘লেফিগাৰো’ নামৰ প্ৰসিদ্ধ সংবাদপত্ৰৰো মালিক আছিল।

ফ্ৰান্সৰ অনত্যতম ধনাঢ্য পৰিয়াল দাছো বিশ্বৰ ধনীৰ তালিকাত ৩৬১নম্বৰ স্থানত আছে। ২০২০বৰ্ষৰ ফ’ৰ্বছৰ তালিকা অনুসৰি অলিভিয়েৰৰ সম্পত্তিৰ পৰিমান প্ৰায় ৬০০কোটি ইউৰো।

Related News