মূকবধিৰ সন্তানক লৈ ভুগিছিল হতাশাত: চতুৰ্থ মহলাৰ পৰা দলিয়াই হত্যা কৰিলে মাতৃয়ে

Mother killed Daughter

নিজ সন্তানৰ শাৰীৰিক অক্ষমতাৰ বাবে হতাশাত ভুগি এগৰাকী মহিলাই আশ্ৰয় লৈছে এক অভাৱনীয় পথৰ। মানসিকভাৱে ভাগি পৰি মহিলাগৰাকীয়ে হত্যা কৰিছে নিজৰ চাৰি বছৰীয়া সন্তানক।

এই নৃশংস ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ বাংগালুৰুত। মহিলাগৰাকীয়ে নিজৰ সন্তানটিৰ মূকবধিৰ অৱস্থাৰ বাবে হতাশগ্ৰস্ত হৈ চাৰি তেওঁলোকৰ চতুৰ্থ মহলাৰ এপাৰ্টমেণ্টৰ বাৰান্দাৰ পৰা দলিয়াই হত্যা কৰে।

এই সমগ্ৰ ঘটনাটোৰ দৃশ্যৰাজি বন্দী হৈছে এপাৰ্টমেণ্টত থকা চিচিটিভি ফুটেজত। ভিডিঅ’টোত মহিলাগৰাকীয়ে সন্তানটিক তললৈ দলিয়াই পেলোৱাৰ পিছত ৰেলিঙত ধৰি কিছু সময় তভক মাৰি ৰৈ থকা দেখিবলৈ পোৱা গৈছে।

ইয়াৰ পিছতে পৰিয়ালৰ আন সকল সদস্যই মহিলাগৰাকীয়েও আত্মহত্যা কৰাৰ আশংকাত দৌৰি গৈ লগে লগে ৰেলিঙৰ পৰা টানি আনে।

মহিলাগৰাকীয়ে শিশুটিক তললৈ দলিয়াই পেলোৱাৰ পিছত থিতাতে শিশুটিৰ মৃত্যু হয়। বৃহস্পতিবাৰে উত্তৰ বেংগালুৰুৰ এছ আৰ নগৰৰ এটা এপাৰ্টমেণ্টত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে চাৰি বছৰীয়া শিশুটি শ্ৰৱণ আৰু বাক শক্তি হীন আছিল। ইয়াৰ বাবে মহিলাগৰাকীয়ে যথেষ্ট হতাশাত ভুগিছিল বুলি আৰক্ষীয়ে উল্লেখ কৰে।

আনহাতে মহিলাগৰাকীৰ স্বামীয়ে গোচৰ ৰুজু কৰাৰ পিছত আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে মহিলাগৰাকী পেছাত এগৰাকী দন্ত চিকিৎসক আৰু তেওঁৰ স্বামীও এজন ছফ্টৱেৰ অভিযন্তা।