NORTHEAST NOW (Assamese)

পুলৱামাত সংঘৰ্ষত এগৰাকী সেনা জোৱান চহিদ, এজন সন্ত্ৰাসবাদীৰ মৃত্যু

August 12, 2020 10:17 am · এন ই নাও নিউজ

বুধবাৰে ৰাতিপুৱা জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত নিৰাপত্তাৰক্ষী বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত এগৰাকী সেনা বাহিনীৰ জোৱান চহিদ হোৱাৰ লগতে এজন সন্ত্ৰাসবাদীৰ মৃত্যু হয়।

মৃত্যু হোৱা সন্ত্ৰাসবাদী জনৰ পৰিচয় এতিয়ালৈ লাভ কৰা হোৱা নায়।

”এটা এ কে চিৰিজৰ ৰাইফল, গ্ৰেনেড, যুদ্ধত ব্যৱহৃত সামগ্ৰী সন্ত্ৰাসবাদীজনৰ পৰা উদ্ধাৰ কৰা হয়,” সেনাবাহিনীৰ সূত্ৰত প্ৰকাশ।

মঙলবাৰৰ নিশাৰ ভাগৰ পৰা সন্ত্ৰাসবাদীৰ সন্ধানত জম্মু-কাশ্মীৰ আৰক্ষী, ৫৩ ৰাষ্ট্ৰীয় ৰাইফল আৰু চি আৰ পি এফে সন্মিলিতভাৱে অভিযান আৰম্ভ কৰিছিল।

অভিযানকাৰী দলটোৰ ওপৰত লুকাই থকা সন্ত্ৰাসবাদীয়ে অতৰ্কিতে আক্ৰমণ চলাই আৰু এই আক্ৰমণত সেনা বাহিনীৰ জোৱান গৰাকী চহিদ হয়।

নিৰাপত্তাৰক্ষী বাহিনীৰ প্ৰতি আক্ৰমণত এজন সন্ত্ৰাসবাদীৰ মৃত্যু হয়।

বৰ্তমান সময়তো নিৰাপত্তাৰক্ষী বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে।

Related News