NORTHEAST NOW (Assamese)

গাৰো উগ্ৰপন্থী সংগঠনৰ নামত দাবী কৰা ধন নিবলৈ আহি আটক যুৱক

November 5, 2019 11:51 am · নীলমণি শৰ্মা
Updated: November 5, 2019 11:59 am
ফটো : নৰ্থ-ইষ্ট নাও

গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত পৰইকানত দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত পৰিছে এজন যুৱক। যুৱক জনে নিজকে এজন জি এন এল এৰ সদস্য বুলি পৰিচয় দিছে।

আটকাধীন যুৱকজনৰ সৈতে আৰু এজন যুৱক আহিছিল যদিও যুৱকজনক আটক কৰিবলৈ সক্ষম নহ’ল আৰক্ষী।

আৰক্ষীয়ে আটক কৰা যুৱক জন মেঘালয়ৰ উত্তৰ গাৰোপাহাৰৰ ৰংজোলৰ ক্ৰাইনিথ এম চাংমা বুলি জানিবলৈ দিয়ে।

জানিব পৰা মতে কিছুদিন পূৰ্বে যুৱকজনে নিজকে জি এন এল এৰ সদস্য বুলি পৰিচয় দি নয়াপাৰাৰ ব্যৱসায়ী আখতাৰ আলীৰ পৰা পাঁচ লাখ টকা দাবী কৰে। দাবী কৰা ধন আদায় নিদিলে গুলিয়াই মৰাৰো ভাবুকি প্ৰদান কৰিছিল যুৱকজনে।

ঘটনা সন্দৰ্ভত ব্যৱসায়ী আখতাৰ আলীয়ে লগে লগে কৃষ্ণাই আৰক্ষী থানাত অৱগত কৰে। ইফালে দাবী কৰা ধনৰ ৫০ হাজাৰ টকা নিবলৈ আহোতে পূৰ্বৰে পৰা খাপ পিতি থকা আৰক্ষীয়ে দুজনৰ এজনক আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে বৰ্তমান ধনদাবী কৰা যুৱক জন জি এন এল এৰ সদস্য হয় নে নহয় আৰু পলাই যাবলৈ সক্ষম হোৱা যুৱকজনৰ পৰিচয় উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

Related News