ভাৰতত প্ৰতি ৮ মিনিটত নিৰুদ্দেশ হয় এটি শিশু; সৰ্বাধিক কেৰালাত, উত্তৰ-পূবত সৰ্বনিম্ন

f3f122e3a4997f1f982e9eb3be1d02f6

প্ৰতিনিধিত্বমূলক ফটো

নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ প্ৰতিবেদন অনুসৰি ভাৰতত প্ৰতি ৮ মিনিটত এটি শিশু নিৰুদ্দেশ হয়। তথ্য অনুসৰি, দেশখনত প্ৰতি বছৰে এক লাখতকৈয়ো অধিক শিশু নিৰুদ্দেশ হয়।

একে সময়তে কেৰালাত এটা মাহত ৩০টি শিশু নিৰুদ্দেশৰ ঘটনা সংঘটিত হৈছে।

চৰকাৰখনে ৰাইজৰ সহায়ত নিৰুদ্দিষ্ট হোৱা শিশুৰ সন্ধান বিচৰাৰ বাবে এটা অফিচিয়েল ৱেবছাইট মুকলি কৰে।

ৱেবছাইটোত কেৰালাৰ পৰা নিৰুদ্দেশ হোৱা সৰ্বাধিক ৩৮৫১টা শিশু নিৰুদ্দেশৰ ঘটনা পঞ্জীয়ন হয়। নিৰুদ্দিষ্ট শিশুসকলৰ মাজত ৩১৬৩টা শিশুৰ সন্ধান পোৱাৰ বিপৰীতে ৬৮৮টা শিশুৰ কোনো শুংসূত্ৰ পোৱা হোৱা নাই।

কেৰালাত ১৫ দিনত ৬বছৰীয়া অভিৰাণীৰ পৰা ১৭ বছৰীয়া জ্যোথিকালৈ ১৩জনী কন্যা তেওঁলোকৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈছে।

প্ৰতিবেদন অনুসৰি, ২০১৮বৰ্ষত ২০৫ টা শিশুক অপহৰণ কৰা হৈছিল। ইয়াৰ ভিতৰত ১৯১ টা আছিল কন্যা শিশু।

একেদৰে ৰাজ্যখনত ২০১৬ৰ মে’ ৰ পৰা ২০১৯লৈকে ৫৭৮টা শিশুৰ অপহৰণৰ গোচৰ পঞ্জীয়ন কৰা হয়।

আৰক্ষীৰ মতে ইমান সংখ্যক অপহৰণৰ ঘটনাৰ ভিতৰত সৰ্বাধিক পলায়ন কৰা ঘটনা পঞ্জীয়ন হৈ আছে। গতিকেই অপহৰণৰ ঘটনাক লৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি সদৰী কৰে আৰক্ষীয়ে।

প্ৰতিবেদন অনুসৰি নিৰুদ্দেশ হোৱা শিশুৰ ভিতৰত গৰিষ্ঠ সংখ্যক কন্যা শিশু। ভাৰতত নিৰুদ্দেশ হোৱা অপহৃত হোৱা ৫৭,১৮৭টা শিশুৰ ভিতৰত ৪৪,২০৯টি কন্যা শিশু।

মহাৰাষ্ট্ৰ আৰু আন উত্তৰ ভাৰতৰ ৰাজ্যসমূহত সৰ্বাধিক শিশু নিৰুদ্দেশৰ ঘটনা পঞ্জীয়ন হৈ আছে।

মহাৰাষ্ট্ৰত ২০১৮ বৰ্ষত ১০,৬২৩ টা শিশু নিৰুদ্দেশ হৈছিল। ইয়াৰ ভিতৰত ৭৬৭টা হৈছে কন্যা শিশু।

সৰ্বাধিক সংখ্যক কন্যা শিশু নিৰুদ্দেশ হোৱা আন ৰাজ্যসমূহৰ ভিতৰত আছে দিল্লী, বিহাৰ, উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশ।

ইপিনে, তামিলনাডুত নিৰুদ্দেশ হৈছে ৩৪১টা শিশু। ইয়াৰ ভিতৰত ৩২৮ টা কন্যা শিশু।

আনহাতে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত আটাইতকৈ কম শিশু নিৰুদ্দেশৰ ঘটনা দেখা পোৱা যায়। ২০১৮ত মিজোৰামৰ পৰা মাত্ৰ ৪টা শিশু নিৰুদ্দেশ হৈছিল।