ঈদৰ আনন্দৰ মাজতে পূৱ বিলাসীপাৰাত সংঘটিত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু

Bike Bilashipara

বিলাসীপাৰাত দুৰ্ঘটনাগ্ৰস্ত হোৱা বাইকখন

পবিত্ৰ ঈদৰ আনন্দৰ মাজতে আজি পূৱ বিলাসীপাৰাৰ চাপৰত সংঘটিত হোৱা এটা শোকাৱহ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুতৰভাবে আহত হয়।

ঘটনাৰ বিৱৰণী অনুসৰি আজি ৰাতিপুৱা পবিত্ৰ ঈদ উপলক্ষে আনোৱাৰ হুছেইন, আলম উদ্দিন শ্বেখ আৰু অমৰ আলী নামৰ তিনিজন লোক এখন বাইকত আহি আছিল। কিছুদুৰ অহাৰ পাছত বাইকখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰে এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে।

এনেদৰে তীব্ৰ বেগী বাইকখনে বিদুতৰ খুঁটাত খুন্দা মৰাৰ ফলত থিতাতে আনোৱাৰ হুছেইন নামৰ যুৱকজনৰ মৃত্যু হয়। আন দুজন যুৱক ক্ৰমে আলম উদ্দিন শ্বেখ আৰু অমৰ আলী বাইক দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাবে আহত হয়।

স্থানীয় ৰাইজে আহত দুয়োগৰাকী লোকক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আৰক্ষীক দুৰ্ঘটনা সন্দৰ্ভত খবৰ দিয়ে।

স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনা স্থলীত আৰক্ষীৰ দল উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত এ এচ-১৯ এম-১৪০১ নম্বৰৰ বাইকখন জব্দ কৰাৰ লগতে আনোৱাৰ হুছেইনৰ মৃতদেহটো মৰোণত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ঈদৰ দিনটোত এনেদৰে পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকাকুল পৰিবেশে বিৰাজ কৰিছে।