নুমলীগড়ৰ ড্ৰাগছ ব্যৱসায়ত জড়িত ইকবাল আহমেদৰ বোকাখাত থানাত আত্মসমৰ্পণ

ড্ৰাগছ ব্যৱসায়ী

বোকাখাত আৰক্ষী থানাত আত্মসমৰ্পণ কৰা ড্ৰাগছ ব্যৱসায়ী ইকবাল আহমেদ। ফটো: নৰ্থইষ্ট নাও

বোকাখাত আৰক্ষী থানাত আজি নুমলীগড়ৰ আন এটা ড্ৰাগছ ব্যৱসায়ীয়ে আত্মসমৰ্পণ কৰে৷ নুমলীগড়ৰ এই ড্ৰাগছ ব্যৱসায়ীজনৰ নাম ইকবাল গাজী ৷ দীৰ্ঘদিন ধৰি ইকবাল আহমেদে  চিৰাজ আহমেদ আৰু বাবা কছাৰীৰ লগত নুমলীগড়ত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল ৷

যোৱা ১৯ আগষ্টত নুমলীগড়ৰ ৰাইজে ড্ৰাগছ সেৱন কৰি থকা অৱস্থাতে কৰায়ত্ব কৰি ড্ৰাগছ ব্যৱসায়ী চিৰাজ আহমেদ আৰু ড্ৰাগছ সেৱনকাৰী প্ৰিয়াংশু তাঁতীক বোকাখাত আৰক্ষীক চমজাই দিছিল ৷

পৰৱৰ্তী সময়ত বোকাখাত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত  ছিৰাজ আহমেদৰ ঘৰত তালাচী চলায় আৰু ছিৰাজ আহমেদে  ব্যৱহাৰ কৰা এ এছ ০৩ এইছ ৬৯২৯ নম্বৰৰ ইণ্ডিকা গাড়ীখনৰ চিটৰ ভিতৰৰ এটা চাদাৰ টেমাৰ পৰা প্ৰায় লক্ষাধিক টকাৰ  ব্ৰাউন চুগাৰ, ব্ৰাউন চুগাৰত ব্যৱহাৰ কৰা কাগজ আৰু দুটা লাইটাৰ উদ্ধাৰ কৰাৰ লগতে ইণ্ডিকা গাড়ীখনো জব্দ কৰে ৷

নুমলীগড়ৰ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত মূল অভিযুক্ত ছিৰাজ আহমেদৰ অন্যতম সহযোগী আছিল চিদ্দিক আলি আৰু ইকবাল আহমেদ ৷ আজি ইকবাল আহমেদে বোকাখাত আৰক্ষী থানাত আত্মসমৰ্পণ কৰে যদিও চিদ্দিক আলী নামৰ আনজন দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীয়ে এতিয়াও কৰায়ত্ব কৰিব পৰা নাই ৷

উল্লেখ্য যে দীৰ্ঘ দিন ধৰি চিৰাজ আহমেদৰ নেতৃত্বত ইকবাল আৰু চিদ্দিকৰ সহযোগত নুমলীগড়ত ড্ৰাগছৰ এখন ভয়ংকৰ বজাৰ গঢ়ি উঠিছিল ৷ এই ব্যৱসায়ী গোটটোৰ দ্বাৰাই নুমলীগড়ৰ উপৰিও বোকাখাত, দেৰগাওঁ, কমাৰগাওঁ, গোলাঘাটৰ বহু যুৱক ড্ৰাগছ আসক্ত হৈ মৃত্যুৰ মুখলৈ গতি কৰিছিল যাৰ বাবে নুমলীগড়ৰ বাসিন্দাই নিজা উদ্যোগতেই ইয়াৰ বিৰুদ্ধে মাৰ বান্ধি ঠিয় দি কৰায়ত্ব কৰিছিল ড্ৰাগছ মাফিয়াক ৷