DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

১৫ আগষ্টৰ দিনাই প্ৰতিবাদ সাব্যস্ত এটা পৰিয়ালৰ; বাহিৰাগত ব্যৱসায়ীয়ে দখল কৰিলে পৈতৃক সম্পত্তি

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 16, 2019 6:33 pm
১৫ আগষ্টৰ দিনাই প্ৰতিবাদ সাব্যস্ত এটা পৰিয়ালৰ; বাহিৰাগত ব্যৱসায়ীয়ে দখল কৰিলে পৈতৃক সম্পত্তি
1.3k
VIEWS
Share on FacebookShare on Twitter

১৫ আগষ্ট, দেশৰ স্বাধীনতা দিৱসৰ দিনাই শিৱসাগৰত এটা দৰিদ্ৰ পৰিয়ালে নিজৰ পৈতৃক সম্পত্তি উদ্ধাৰৰ বাবে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হোৱা ঘটনাই জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

শিৱাসাগৰৰ পিয়লি পথৰ প্ৰয়াত উপেন্দ্ৰ নাথ গগৈৰ পৰিয়ালটোৱে মুখত ক’লা কাপোৰ বান্ধি পিয়লি নগৰৰ পথৰ কাষত ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে।

পৰিয়ালৰ অভিযোগ শিৱসাগৰ নগৰৰ হস্পিতেল ৰোডত প্ৰয়াত উপেন্দ্ৰনাথ গগৈৰ নামত নামজাৰি হৈ থকা ২৭৫৮ দাগ আৰু ২১ নং একচনা পট্টাৰ প্ৰায় ২ কঠা ৪ লোচা মাটি কলকাতাৰ মনিষ দাস নামৰ এজন ব্যৱসায়ীয়ে দাবী-ধমকিৰে বেদখল কৰাৰ।

এই বেদখল বিষয়টোক লৈ যোৱা ৩১ জুলাইতো পৰিয়ালটোৱে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অনশন কাৰ্যসূচী গ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

১৫ আগষ্টৰ দিনা প্ৰতিবাদস্থলীত উপস্থিত থকা উপেন্দ্ৰনাথ গগৈৰ জ্যেষ্ঠ পুত্ৰ প্ৰদীপ গগৈয়ে সংবাদ মাধ্যমক কয় যে, পিতৃৰ মৃত্যুৰ পিছত তেওঁ আৰু আৰু তেওঁৰ ভাতৃ প্ৰবীণ গগৈয়ে কৰ্ম সংস্থাপনৰ বাবে তিনিচুকীয়ালৈ গৈছিল। সেই সময়ত তেওঁৰ মাতৃ প্ৰয়াত অন্নলতা গগৈক মনিষ দাসে টেণ্ট হাউছৰ ব্যয়সায় কৰা উদ্দেশ্যে বাঁহ ৰাখিবৰ বাবে উক্ত ভূমি বিচাৰি অনুৰোধ কৰিছিল।

সেই অনুসৰি অন্নলতা গগৈয়ে সেই ভূমি মাহেকীয়া ভাড়া সূত্ৰে মনিষ দাসক বাঁহ ৰখাৰ বাবে অনুমতি দিয়ে। কিন্তু পিছলৈ মনিষ দাসে উক্ত ভূমিত ঘৰ-দুৱাৰ সাজি দখল কৰিবলৈ লয়। উপেন্দ্ৰনাথ গগৈৰ জ্যেষ্ঠ পুত্ৰ প্ৰদীপ গগৈয়ে কয়।

তাৰোপৰি গগৈয়ে কয় যে মনিষ দাসক মাটি সমূহৰ ভাড়া আদায় দিবলৈ কোৱাৰ লগতে ঘৰ সমূহ মাটি খালি কৰি দিবলৈ হেঁচা কোৱাত দাসে তেওঁলোকক ভয়-ভাবুকিহে দিয়ে।

গতিকে প্ৰতিবাদস্থলীৰ পৰাই প্ৰদীপ গগৈয়ে সমগ্ৰ বিষয়টো সন্দৰ্ভত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপ কৰিবৰ বাবে অনুৰোধ জনায়।

আনহাতে প্ৰদীপ গগৈৰ ভতিজী নয়নমণি গগৈয়েও তেওঁলোকৰ পৰিয়ালটোৱে ন্যায় নোপোৱালৈকে তেওঁলোকে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিব বুলি মন্তব্য কৰে।

ইফালে বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলা সমিতিয়ে শিৱসাগৰত এটা খিলঞ্জীয়া পৰিয়ালে ন্যায় বিচাৰি স্বাধীনতা দিৱসৰ দিনাই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

সৰ্বানন্দ সোণোৱাল চৰকাৰে অসমত খিলঞ্জীয়া মানুহৰ স্বাৰ্থ ৰক্ষা কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ তুলি সংগঠনটোৱে কালি প্ৰতিবাদস্থলীৰ পৰাই এলানি আন্দোলন ঘোষণা কৰিছে।

সেই অনুসৰি ২১ আগষ্টত সংগঠনটোৱে শিৱসাগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিবলৈ দিছে।

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd