মঙলদৈৰ বেংক মেনেজাৰক আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত এজনক গ্ৰেপ্তাৰ

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মিৰ্জা মহম্মদ ছালেহ

দৰং জিলাত চাঞ্চল্যৰ সৃষ্টি কৰা কানাড়া বেংকৰ মঙলদৈ শাখাৰ মেনেজাৰ আনন্দ কুমাৰৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাৰ সৈতে জড়িত এজন যুৱকক আজি দলগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আটকাধীন যুৱকজনক দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ১নং শিয়ালমাৰী গাঁৱৰ বাসিন্দা আইনুল হকৰ পুত্ৰ মিৰ্জা মহম্মদ ছালেহ বুলি চিনাক্ত কৰা হৈছে।

অৱশ্যে ঘটনাৰ মূল অভিযুক্ত তথা ধৃত যুৱকজনৰ বাপেক পলাতক অৱস্থাত থকা আইনুল হকক বাতৰি লিখা পৰ্যন্ত আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ সক্ষম হোৱা নাই।

উল্লেখযোগ্য যে যোৱা শনিবাৰে কানাড়া বেংকৰ মঙলদৈ শাখাৰ পৰা ঋণ লৈ পিছত পৰিশোধ নকৰা আইনুল হক নামৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদ গৰাকীয়ে আৱেলি শাখাটোৰ মেনেজাৰ আনন্দ কুমাৰক ঋণ পৰিশোধ কৰিম বুলি কৈ ঘৰলৈ মাতি আনি বেয়াকৈ প্ৰহাৰ কৰিছিল।

অৱশ্যে কেইজনমান স্থানীয় যুৱকৰ সহযোগত আৰক্ষীয়ে বেংক মেনেজাৰ গৰাকীক অৰ্ধ চেতন অৱস্থাত উদ্ধাৰ কৰে। পিছত আনন্দ কুমাৰে অভিযুক্ত আইনুল হক আৰু তেওঁৰ পৰিয়ালৰ লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।