NORTHEAST NOW (Assamese)

কাজিৰঙাত বনৰীয়া ম’হৰ আক্ৰমণত যুৱক আহত

December 21, 2019 4:54 pm · উত্তম শইকীয়া

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা দ’ গোসাঁনী বৰত আজি পুৱা বনৰীয়া ম’হৰ আক্ৰমণত এজন যুৱক আহত হয়।

প্ৰাপ্ত তথ্য মতে পুৱা কুঁৱলীৰ মাজত গৰু লৈ ওলায় যোৱা বাবলু ভূমিজ নামৰ যুৱকজনক উদ্যানৰ পৰা ওলায় অহা বনৰীয়া ম’হে আক্ৰমণ কৰে ৷

পিছত ম’হৰ আক্ৰমনত গুৰুতৰভাৱে আহত হোৱা বাবলু ভূমিজক স্থানীয় লোকৰ সহযোগত ততাতৈয়াকৈ বোকাখাত অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

চিকিৎসকে জনোৱা মতে ম’হৰ আক্ৰমণত বাবলু ভূমিজে শৰীৰৰ বিভিন্ন স্থানত আঘাত পাইছে।

Related News