NORTHEAST NOW (Assamese)

উত্তপ্ত বিশ্বনাথ ঘাট : ভোগালী বিহুৰ দিনাই বনৰীয়া ম’হৰ আক্ৰমণ নিহত এজন

January 14, 2021 2:43 pm · কাজী জেইদুল ইছলাম

ভোগালী বিহুৰ দিনাই বিশ্বনাথ ঘাটত সংঘটিত হৈছে এক কৰুণ ঘটনা।

বৃহস্পতিবাৰে দুপৰীয়া ১১:৫০ মান বজাত বিশ্বনাথ ঘাটৰ মটক গাৱত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উলাই অহা এটা বনৰীয়া ম’হে জয়ন্ত দাস নামৰ এজন ব্যক্তিক আক্ৰমণ কৰে।

বনৰীয়া ম’হটোৰ আক্ৰমণত জয়ন্ত দাস নামৰ লোকজনৰ মৃত্যু হয়।

ইয়াৰ পিছতে স্থানীয় লোকে বিশ্বনাথ ঘাটৰ বনবিভাগৰ চেণ্ট্ৰেল ৰেঞ্জৰ কাৰ্যালয় ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

উত্তেজিত লোকসকলে বনবিভাগৰ কাৰ্যালয় লণ্ড ভণ্ড কৰাৰ এখন গাড়ীতো অগ্নিসংযোগ কৰে।

স্থানীয় লোকৰ অভিযোগ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বনৰীয়া ম’হটো ওলাই আহি জনাঞ্চলত আতংকৰ সৃষ্টি কৰাৰ বিষয়ে বনভিবাগক অৱগত কৰাৰ পিছতো কোনো যথোচিত ব্যৱস্থা নল’লে।

আনকি বন বিভাগৰ লোক যথা সময়ত উপস্থিত নোহোৱাৰ বাবেই জয়ন্ত দাস নামৰ লোকজন বনৰীয়া ম’হৰ আক্ৰমণত মৃত্যু হোৱা বুলি অভিযোগ কৰিছে ৰাইজে।

ইফালে স্থানীয় ৰাইজে বন বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি বনৰীয়া ম’হৰ আক্ৰমণত নিহত জয়ন্ত দাসৰ পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ লগতে পৰিয়ালটোৰ এজন ব্যক্তিৰ চৰকাৰী সংস্থাপনৰো দাবী উত্থাপন কৰিছে।

Related News