গ্ৰন্থৰ আদৰ! ৪০ বছৰ ধৰি লিখা ১০৪ পৃষ্ঠাৰ এখন কিতাপ; বিক্ৰী হ’ব প্ৰায় ৪০ লাখ ডলাৰত!

ফটোঃ সংগ্ৰহীত।

যেতিয়া কিতাপ এখন নিলামত উঠে আৰু ইয়াৰ দাম চকু কপালত উঠা ধৰণে বৃদ্ধি পায়, তেতিয়া সঁচাকৈয়ে ই বাতৰি হৈ পৰে।স্বাভাৱিকতে ই সকলোতকৈ বেছি অনুপ্ৰাণিত কৰে গ্ৰন্থপ্ৰেমী আৰু কিতাপ সংগ্ৰাহকক। তেনে এক ঘটনা সম্প্রতি সংঘটিত হ’বলৈ গৈ আছে৷

কিতাপ এখনক কেন্দ্ৰ কৰি তুংগত উঠিছে উন্মাদনা। এই গ্ৰন্থখন খ্ৰীষ্টান ধৰ্মৰ অন্যতম পুৰণি ধৰ্মীয় গ্ৰন্থ। অহা জুন মাহত গ্ৰন্থখনৰ নিলাম হোৱাৰ কথা। ব্ৰিটেইনৰ বিখ্যাত নিলাম ঘৰ “ক্ৰিষ্টীজ”য়ে এই তথ্য প্ৰকাশ কৰিছে।

কিয় ইমান মূল্যৱান, কিয় কিতাপখনক লৈ এই উন্মাদনা? ব্ৰিটিছ নিলাম ঘৰ ‘ক্ৰিষ্টীজ’ৰ মতে, কিতাপখনৰ নাম ‘দ্য ক্ৰছবি-শ্ব’ন কোডেক্স’। ২৫০-৩৫০ খ্ৰীষ্টাব্দৰ ভিতৰত মিচৰৰ পেপিৰাছৰ ওপৰত কপটিক লিপিৰে এই গ্ৰন্থখন লিখা হৈছিল। পেপিৰাছ হৈছে মিচৰৰ পেপিৰাছ উদ্ভিদৰ পৰা তৈয়াৰী এক প্ৰকাৰৰ লিখাৰ মাধ্যম। ইয়াক কাগজেই বুলিব পাৰি।

লগতে পঢ়কঃ ন্যায়াধীশসকললৈ মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ বাৰ্তা, ‘আনুগত্য সংবিধানৰ প্ৰতি হওক, কোনো দলৰ প্ৰতি নহয়’

এই ধৰ্মীয় গ্ৰন্থখন প্ৰাচীন এক খ্ৰীষ্টান গীৰ্জাত ৰচনা কৰা হৈছিল। তাৰ ভিতৰত  দুখন বাইবেলৰ সম্পূৰ্ণ পাণ্ডুলিপি আছে। এইখন পৃথিৱীৰ আটাইতকৈ পুৰণি গ্ৰন্থসমূহৰ ভিতৰত অন্যতম বুলি বিশ্বাস কৰা হয়। গ্ৰন্থখন নিলামত ৩৮ লাখ ডলাৰত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে।

নিলাম প্ৰতিষ্ঠান ক্ৰিষ্টীজৰ মতে, ভূমধ্যসাগৰীয় অঞ্চলৰ আশেপাশে খ্ৰীষ্টান ধৰ্মৰ প্ৰসাৰৰ প্ৰাৰম্ভিক পৰ্যায়ৰ এক গুৰুত্বপূৰ্ণ সোঁৱৰণী এই কিতাপখন। তেওঁলোকে কৈছিল যে ১০৪ পৃষ্ঠাৰ অৰ্থাৎ ৫২ খিলা পাতত এই গ্ৰন্থখন খ্ৰীষ্টান ধৰ্মৰ আগমনৰ আৰম্ভণিতে এজন লিখকে লিখিছিল। তেওঁ ৪০ বছৰ ধৰি কিতাপখন লিখিছিল!

বাতৰি অনুসৰি, মিচিচিপি বিশ্ববিদ্যালয়ে এই কিতাপখন ক্ৰয় কৰিছিল। ১৯৮১ চনলৈকে ই তাতেই আছিল। পিছলৈ ১৯৮৮ চনত নৰৱেৰ পাণ্ডুলিপি সংগ্ৰাহক মাৰ্টিন শ্বোয়েনে ইয়াক ক্ৰয় কৰে। এতিয়া শ্বোয়েনে আগন্তুক নিলামত তেওঁৰ সংগ্ৰহৰ অন্যান্য সামগ্ৰীৰ সৈতে কিতাপখন নিলাম কৰিব।

লগতে পঢ়কঃIPL 2024: অদমনীয় বাটলাৰ! অথলে গ’ল কিং কোহলীৰ বিৰাট ইনিংছ; দুৰ্দান্ত বেটিঙেৰ জয় কাঢ়ি নিলে ৰাজস্থানে

ক্ৰিষ্টীজৰ নিউয়ৰ্ক শাখাত প্ৰদৰ্শিত হৈছে কোডেক্স। ৯ এপ্ৰিললৈকে তাতেই থাকিব। পিছত ১১ জুনত লণ্ডনত এই কিতাপখন নিলাম কৰা হ’ব। সকলো দিশ বিবেচনা কৰিলে নিলামৰ মূল্য ২৬ লাখ ডলাৰৰ পৰা ৩৮ লাখ ডলাৰলৈ বৃদ্ধি পাব পাৰে! আহ, কি অবিশ্বাস্য মূল্য! আৰু একেলগে সংগ্ৰথিত ইতিহাস, ধৰ্ম, সংস্কৃতি আৰু ব্যৱসায়।