NORTHEAST NOW (Assamese)

জি এম চি এইচত পুনৰ এগৰাকী ক’ভিড আক্ৰান্তৰ মৃত্যু

August 6, 2020 11:09 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

আজি গুৱাহাটী মেডিকেল কলেজ এণ্ড হাস্পতাল চমুকৈ জি এম চি এইচত এগৰাকী ক’ভিড-১৯ ৰোগীৰ মৃত্যু হয়।

মৃত্যু হোৱা লোকজনক ধীৰেন কলিতা বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, প্ৰথম অৱস্থাত কলিতাক মহানগৰীৰ ব্যক্তিগত চিকিৎসালয় নেমকেয়াৰত ভৰ্তি কৰোৱা হৈছিল।

কিন্তু পৰীক্ষাত ক’ভিড পজিটিভ পোৱাত চিকিৎসাৰ বাবে বুধবাৰে নিশা নেমকেয়াৰৰ পৰা জি এম চি এইচ্চলৈ লৈ অহা হয় যদিও আজি পুৱা কলিতাই মৃত্যুবৰণ কৰে।

৫২ বছৰীয়া কলিতাৰ ঘৰ কামৰূপ গ্ৰাম্যৰ পুঠিমাৰিত বুলি জানিব পৰা গৈছে। যোৱা সোমবাৰে পেটৰ বিষত ভোগাত তেওঁক নেমকেয়াৰত ভৰ্তি কৰোৱা হৈছিল।

ইফালে পৰিয়ালৰ লোকে অভিযোগ কৰি কয় যে কলিতাৰ চিকিৎসাৰ ক্ষেত্ৰত নেমকেয়াৰ হাস্পতাল কৰ্তৃপক্ষই আৰম্ভণিতে অলপো গুৰুত্ব প্ৰদান কৰা নাছিল।

Related News