• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ আমোলত অসমত প্ৰতি ৫ ঘণ্টাত ধৰ্ষিতা হৈ আছে এগৰাকীকৈ মহিলা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2023 2:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ “বেটি বচাও বেটি পঢ়াও” শ্ল’গান আৰু অসমত নাৰী সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ২০১৬ চন আৰু ২০২১ চনত দুবাৰকৈ চৰকাৰ গঠন কৰিবলৈ সুবিধা লাভ কৰা বিজেপি চৰকাৰৰ প্ৰকৃত ছবিখন লাহে লাহে উন্মোচিত হৈছে। মহিলা-যুৱতীসকলৰ সুৰক্ষা আৰু কল্যাণৰ অন্যতম প্ৰতিশ্ৰুতিৰে চৰকাৰ গঠন কৰা ভাৰতীয় জনতা পাৰ্টীৰ অসম চৰকাৰৰ দিনত ৰাজ্যৰ ভিন্ন প্ৰান্তত দৈনিক অকথ্য নিৰ্যাতনৰ সন্মুখীন হৈছে বহু মহিলা-যুৱতী। চৰকাৰৰ এনে বিফলতাক কঠোৰ ভাষাৰে সমালোচনা কৰি আজি আপ অসমৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে আপৰ ৰাজ্যিক মুখপাত্ৰ সুশান্ত কুমাৰ নাথে। 

এই সংবাদমেলত নাৰী সৱলীকৰণ কথা কোৱা চৰকাৰৰ বাস্তৱ ছবিখন উন্মোচন কৰে আপ অসমে। উল্লেখযোগ্য যে যোৱা ২০১৬ চনৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহলৈকে, অৰ্থাৎ অসম বিজেপি চৰকাৰৰ যোৱা সাত বছৰত অসমৰ ভিন্ন প্ৰান্তত ধৰ্ষণৰ সন্মুখীন হৈছে মুঠ ১২,৭২৬ গৰাকী মহিলা আৰু যুৱতী। উল্লেখযোগ্য যে এইয়া মাত্ৰ অসমৰ ভিন্ন ঠাইত পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যাহে। বিভিন্ন কাৰণত পঞ্জীয়ন নোহোৱাকৈ থকা এনে ঘটনাৰ সংখ্যা আৰু অধিক। ইয়াৰে ভিতৰত যোৱা সাত বছৰত গুৱাহাটী মহানগৰীতেই সংঘটিত হৈছে ৪৫২টা ধৰ্ষণৰ ঘটনা। ইয়াৰ উপৰি গুৱাহাটীত বিগত সাত বছৰত  মুঠ ৮,৭০০টা মহিলা সম্পৰ্কীয় অপৰাধ সংঘটিত হৈছে।

Apply Now

তাৰেই ৩,১৫৩টা মহিলা সম্পৰ্কীয় অপহৰণৰ ঘটনা সংঘটিত হৈছে বুলি কৈ এনে ঘটনাৰ বিৰুদ্ধে চৰকাৰক কঠোৰ হ’বলৈ দাবী জনায় আপ অসমে।

আজিৰ এই সংবাদমেলখনত আপৰ ৰাজ্যিক মুখপাত্ৰ সুশান্ত কুমাৰ নাথে কয় যে, “নাৰী সবলীকৰণৰ কথা কোৱা অসমত বিজেপি চৰকাৰৰ যোৱা সাত বছৰৰ শাসন  কালত দৈনিক ৫ গৰাকী মহিলা ধৰ্ষণৰ বলি হৈছে।

ইয়াৰ উপৰি অসমৰ জনতাৰ সুৰক্ষাৰ ক্ষেত্ৰত অতি চূড়ান্তভাৱে বিফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা এইখন চৰকাৰৰ দিনত অসমৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ নিৰ্যাতনৰ সন্মুখীন হোৱা মহিলাৰ সংখ্যা হৈছে ১,৭০,১৭৪ গৰাকী। আৰু এইয়াও মাত্ৰ পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যাহে। এই সংখ্যাৰ যোৱা সাত বছৰৰ গড় হিচাপে দৈনিক পৰিসংখ্যা বিচাৰিলে উত্তৰ ওলাব যে, অসমত বিজেপি চৰকাৰৰ দিনত দৈনিক ৬৬ গৰাকী মহিলা বিভিন্ন কাৰণত বিভিন্ন ধৰণে নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে। এইখন চৰকাৰৰ দিনত বিভিন্ন ধৰণে অকথ্যা নিৰ্যাতনৰ সন্মুখীন হৈ গোচৰ পঞ্জীয়ন নোহোৱাকৈ থকা মহিলাৰ সংখ্যা উলিয়াবলৈ হ’লে অসমৰ জনতাই সংখ্যাৰ পাছত শূন্য লগাই লগাই ভাগৰি যাব বুলিও অসম চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে আপ অসমে। আজিৰ এই সংবাদ মেলত নাৰী সুৰক্ষাৰ আৰু নাৰী সবলীকৰণৰ বাবে বিফলতাৰ অৰ্জন কৰা চৰকাৰক অসমৰ প্ৰতিজন নাগৰিকক সুৰক্ষা প্ৰদান কৰিবলৈ দাবী জনাই আপ অসমে চৰকাৰৰ সাত বছৰীয়া বিফলতাৰ অন্য কেতবোৰ দিশো উন্মোচন কৰে।

যোৱা সাত বছৰত অসমত ৩৯,০৭৫ টা মহিলা সম্পৰ্কীয় অপহৰণ, ৮,৩৫৮টা হত্যা, ১,০৩,২৯৬টা চুৰি।

১,১,৫৮টা ডাকাইটি, ৯,৫৭৮টা লুটপাত, আৰু ১৮,৭৬৪ টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে। অতি দুৰ্ভাগ্যজনক দিশটো হৈছে যে আত্মহত্যা কৰা এই সকল ব্যক্তিৰ ভিতৰত অধিকাংশই নৱ প্ৰজন্মৰ যুৱক-যুৱতী। যি সময়ত অসমৰে ধেমাজীৰ যুৱতী গৈ আকাশৰ বুকুত যুঁজাৰু বিমান উৰুৱাবলৈ সক্ষম হৈছে, সেই সময়ত চৰকাৰে অসমৰ জনতাৰ জীৱন সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দি দুবাৰকৈ চৰকাৰ গঠন কৰাৰ পাছতো, বিশেষকৈ মহিলা আৰু যুৱতীসকলৰ জীৱন কিয় সুৰক্ষিত কৰিব পৰা নাই বুলি আজিৰ এই সংবাদমেলত চৰকাৰক প্ৰশ্ন কৰে আপ অসমে। আৰু কিয় অমৃত কালত আধুনিক ভাৰতৰ কথা কোৱা চৰকাৰৰ দিনত লাখ লাখ পুলিচ প্ৰশাসনে আবৰি ৰখা অসমতো দৈনিক ৪-৫ গৰাকী মহিলা যুৱতী ধৰ্ষিতা হৈছে, কি কাৰণত দৈনিক ৬৬ গৰাকীকৈ মহিলা যোৱা সাত বছৰত ভিন্ন ধৰণৰ নিৰ্যাতনৰ সন্মুখীন হৈছে বুলি চৰকাৰক প্ৰশ্ন কৰে। ইয়াৰ উপৰি যোৱা সাত বছৰত অসমৰ তথাকথিত ত্ৰাণকৰ্তাৰ ভাও লৈ থকা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সময়ত মহিলা আৰু যুৱতীসকলৰ লগত চেলফি উঠাৰ সমান্তৰালকৈ কেনেকৈ তেওঁলোকক অনাগত দিনত অধিক সুৰক্ষিত কৰি ৰাখিব পাৰি সেই কথাত গুৰুত্ব আৰোপ কৰক বুলি দাবী জনায়। লগতে আপৰ তৰফৰ পৰা আজিৰ এই সংবাদ মেলত এইটো দাবী উত্থাপন কৰে যে যোৱা সময়খিনিত ৰাজ্যত ভিন্ন ধৰণৰ অকথ্য, অমানৱীয় ঘটনাৰ বলি হোৱা প্ৰতিটো গোচৰৰ অতি ক্ষীপ্ৰতাৰে বিচাৰ হওক। বিজেপি চৰকাৰে যোৱা সাত বছৰত ৰাজ্যত নিৰ্যাতনৰ সন্মুখীন হোৱা ভিন্ন ব্যক্তিক ফাষ্টট্ৰেক আদালতৰ জৰিয়তে তেওঁলোকৰ ন্যায় লাভৰ বিচাৰ ব্যবস্থা খৰতকীয়া কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজিলৈকে কিমানজনে চৰকাৰৰ এই প্ৰতিশ্ৰুতি ফল লাভ কৰি ন্যায় লাভ কৰিলে সেইটো এটা ডাঙৰ ৰহস্য বুলি অভিহিত কৰি, যোৱা সময়খনিত যিকোনো ধৰণৰ সমস্যা বা নিৰ্যাতনৰ সন্মুখীন হোৱা প্ৰতিগৰাকী ব্যক্তিক ন্যায় প্ৰদান বাবে চৰকাৰক উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় আপ অসমে।

উল্লেখ যোগ্য যে, আজিৰ এই সংবাদমেলত আপৰ মুখপাত্ৰ হেপ্পী গগৈ,আৰু মুখপাত্ৰ আৰতি দেৱীও উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd