বঙাইগাঁৱত টাটা মেজিক-স্কুটীৰ মাজত সংঘৰ্ষ: থিতাতে নিহত এজন যুৱক

Accident-750x375-1-1-1140x570

প্ৰতিনিধিত্বমূলক ফটো

বঙাইগাঁও চহৰৰ নিকটবৰ্তী পুৰণি বঙাইগাঁৱৰ হাতীউত্ৰাত শুকুৰবাৰে সন্ধিয়া ৭ মান বজাত এখন টাটা মেজিক আৰু স্কুটীৰ মাজত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত স্কুটী আৰোহী যুৱক জন থিতাতে নিহত হয়।

নিহত যুৱকজনক  নিৰঞ্জন মণ্ডল(২৫) বুলি আৰক্ষীয়ে চিনাক্ত কৰে৷ নিহত নিৰঞ্জন মণ্ডলৰ ঘৰ বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত ২ নং খগড়পুৰত বুলি জানিব পৰা গৈছে।

আনহাতে, স্কুটীখনত থকা পুৰণি বঙাইগাঁও ঝাকুৱাপাৰাৰ মাধৱ ৰায়(৩৫) নামৰ আনজন যুৱকো গুৰুতৰভাৱে আহত হয়। ইফালে টাটা মেজিক বাহনখনত থকা যাত্ৰীসকলো কম-বেছি পৰিমানে আহত হৈছে ৷

জানিব পৰা মতে, এ এছ ১৯ চি-৪৫৪০ নম্বৰৰ যাত্ৰীবাহী টাটা মেজিক বাহনখন বঙাইগাঁও চহৰৰ পৰা অভয়াপুৰীলৈ বুলি গৈ থকা অৱস্থাত পুৰণি বঙাইগাঁৱৰ হাতীউত্ৰাত বিপৰীত দিশৰ পৰা বঙাইগাঁও দিশে আহি থকা এ এছ ১৯ এম ৫৬৮৫ নম্বৰৰ স্কুটীখনৰ সৈতে সংঘৰ্ষ সংঘটিত হয় ৷

সংঘৰ্ষৰ ফলত টাটা মেজিক বাহনখন পথৰ ওপৰতে বাগৰি পৰাৰ বিপৰীতে স্কুটীখন পথৰ দাঁতিত চিটিকি পৰে ৷ দুৰ্ঘটনাটোত খগড়পুৰ দ্বিতীয় খণ্ডৰ শচীন্দ্ৰ মণ্ডলৰ পুত্ৰ নিৰঞ্জন মণ্ডলৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে স্কুটীখনত থকা আনজন যুৱক মাধৱ ৰায় গুৰুতৰভাৱে আহত হয় ৷

দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত বঙাইগাঁও যান-বাহন শাখাৰ আৰক্ষী উপস্থিত হয়। আহতসকলক উদ্ধাৰ কৰি বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ লগতে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

ইপিনে, স্কুটীখনত থকা আনজন যুৱক মাধৱ ৰায়ৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে মাধৱ ৰায়ক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷