NORTHEAST NOW (Assamese)

ত্ৰিপুৰাক মুকলিত মলত্যাগ মুক্ত কৰাৰ বাবে অ’ এন জি চিৰ ২০ কোটি টকাৰ অনুদান

January 24, 2019 8:29 am · পিনাকী দাস

ত্ৰিপুৰাক মুকলিত মলত্যাগ মুক্ত (অ’ ডি এফ) ৰাজ্য হিচাপে গঢ়ি তোলাত সহায় কৰিবলৈ আগবাঢ়ি আহিছে তেল আৰু প্ৰাকৃতিক গেছ নিগম চমুকৈ অ’ এন জি চি।

সেই উদ্দেশ্য বুধবাৰে অ’ এন জি চিৰ ত্ৰিপুৰাৰ এছেট মেনেজাৰ গৌতম কুমাৰ সিংহ ৰয়ে মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবক তেওঁৰ চৰকাৰী বাসগৃহত সাক্ষাৎ কৰি জীৱনধাৰা ৰাজ্যিক জল আৰু অনাময় অভিযান (জে এছ ডব্লিউ এছ এম)ৰ অধীনত তেওঁক ২০ কোটি টকাৰ এখন চে’ক প্ৰদান কৰে।

চে’ক প্ৰদান কৰি ৰয়ে কয় যে উক্ত ২০ কোটি টকা ৰাজ্যখনক মুকলিত মলত্যাগ মুক্ত কৰাৰ বাবে লোৱা পৰিকল্পনালৈ আগবঢ়োৱা ২৫ কোটি টকাৰ প্ৰথমটো কিষ্টি। এই ধনৰাশিৰে ৰাজ্যখনৰ ২০৮৩৩ পৰিয়ালে অনাময় ব্যৱস্থা লাভ কৰিব পাৰিব।

আনহাতে, অনুদান গ্ৰহণ কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে অ’ এন জি চিয়ে গ্ৰহণ কৰা পদক্ষেপক প্ৰসংশা কৰি কয় যে প্ৰতিষ্ঠানটোৱে সদায়ে ৰাজ্যখনৰ বিকাশত অৰিহনা আগবঢ়াই আহিছে।

Related News