NORTHEAST NOW (Assamese)

শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

June 15, 2026 4:03 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 15, 2026 4:04 pm

শিৱসাগৰ জিলাৰ নাজিৰাৰ অন্তৰ্গত শিলাকূটী ভকত গাঁৱত সোমবাৰে পুৱা অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেচন (অএনজিচি)ৰ এডাল পাইপলাইনৰ পৰা গেছ নিৰ্গমন হোৱাৰ ফলত সমগ্ৰ অঞ্চলটোত তীব্ৰ উদ্বেগৰ সৃষ্টি হৈছে। অৱশ্যে অএনজিচিৰ বিষয়াসকলে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা বুলি দাবী কৰাৰ লগতে নিৰ্গমন হোৱা পাইপলাইনটো মূল উৎসৰ পৰা বিচ্ছিন্ন কৰি গেছৰ যোগান বন্ধ কৰি দিয়া হৈছে বুলি জানিবলৈ দিছে।

ঘটনাস্থলীত উপস্থিত থকা অএনজিচিৰ এজন বিষয়াই জানিবলৈ দিয়া মতে, পুৱা খবৰ পোৱাৰ লগে লগে তেওঁলোকৰ এটা দল উপস্থিত হৈ গেছৰ যোগান বন্ধ কৰি দিয়ে। বৰ্তমান চিন্তনীয় একো নাই আৰু সন্ধিয়ালৈ পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক হৈ পৰিব বুলি তেওঁ প্ৰকাশ কৰে। বিষয়াগৰাকীয়ে লগতে কয় যে ক্ষতিগ্ৰস্ত অংশটোলৈ গেছৰ প্ৰবাহ ইতিমধ্যে বন্ধ হৈছে আৰু কেৱল পাইপলাইনটোৰ ভিতৰত আৱদ্ধ হৈ থকা অৱশিষ্ট গেছখিনিহে বাহিৰলৈ ওলাই আছে। পাইপলাইনটো সম্পূৰ্ণৰূপে খালী হোৱাৰ পাছতে মেৰামতিৰ কাম আৰম্ভ কৰা হব বুলিও তেওঁ জানিবলৈ দিয়ে।

পাইপলাইনটোৰ জৰাজীৰ্ণ অৱস্থাৰ কথা স্বীকাৰ কৰি বিষয়াগৰাকীয়ে কয় যে ইয়াক সলনি কৰাৰ বাবে ইতিমধ্যে এটা প্ৰস্তাৱ দাখিল কৰা হৈছে আৰু বৰ্তমান ই উৰ্ধতন কৰ্তৃপক্ষৰ অনুমোদনৰ অপেক্ষাত আছে। ইয়াৰ উপৰি, ক্ষতিগ্ৰস্ত স্থানীয় ৰাইজক ক্ষতিপূৰণ প্ৰদানৰ বিষয়টোও বিবেচনাধীন হৈ আছে বুলি তেওঁ প্ৰকাশ কৰে। পূৰ্বে গেছ নিৰ্গমন নোহোৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো কিয় এনে ঘটনা ঘটিল, সেই সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত বিষয়াগৰাকীয়ে কয় যে গেৰাণ্টি দিয়া হৈছিল যদিও দুৰ্ভাগ্যৱশতঃ এনে ঘটনা সম্পূৰ্ণৰূপে কাৰো হাতত নাথাকে।

আনহাতে, কৰ্তৃপক্ষৰ এই কাৰ্যত স্থানীয় ৰাইজে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে। স্থানীয় লোকৰ অভিযোগ অনুসৰি, বিগত প্ৰায় তিনি মাহ ধৰি এই পাইপলাইনটোৰ পৰা ধীৰ গতিত গেছ নিৰ্গমন হৈ আছিল যদিও দেওবাৰৰ পৰা বাষ্প সদৃশ ধোঁৱা নিৰ্গত হবলৈ ধৰে। পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি পুৰণি পাইপ সলনি নকৰি জোৰা-তাপলি মাৰি চলাই থকাৰ বাবেই এই অঘটন সংঘটিত হোৱা বুলি এজন স্থানীয় কৃষকে ক্ষোভ প্ৰকাশ কৰি কয় যে নিৰ্গত গেছৰ দুৰ্গন্ধই ওচৰ-পাজৰৰ লোকসকলক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে। নিৰাপত্তাজনিত কাৰণত কৃষকসকলে পথাৰত ট্ৰেক্টৰ তথা অন্যান্য যন্ত্ৰপাতি মুকলিকৈ ব্যৱহাৰ কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে।

অঞ্চলটোৰ একাংশ বাসিন্দাই অভিযোগ কৰে যে পূৰ্বেও এনে ঘটনা সংঘটিত হৈছিল যদিও কোনো ক্ষতিপূৰণ প্ৰদান কৰা হোৱা নাছিল। শ্ৰমিকসকলে স্থান পৰিদৰ্শন কৰিছিল যদিও পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা নাছিল বুলিও তেওঁলোকে দাবী কৰে। যদিহে নিৰ্গত গেছত জুই লাগে, তেন্তে সমগ্ৰ অঞ্চলটোৱেই ভস্মীভূত হোৱাৰ আশংকা আছে বুলি স্থানীয় ৰাইজে সকীয়াই দিছে। ইয়াৰ লগতে পাইপলাইনৰ মেৰামতিৰ নামত ঠিকাদাৰৰ সৈতে মিলি দুৰ্নীতি সংঘটিত হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে।

এই সমগ্ৰ পৰিস্থিতিক লৈ স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভ আৰু শংকা বিৰাজ কৰিছে যদিও, প্ৰতিবেদন প্ৰস্তুত কৰা পৰ্যায়লৈকে ৰাইজে উত্থাপন কৰা দুৰ্নীতি আৰু গাফিলতিৰ অভিযোগসমূহৰ সন্দৰ্ভত অএনজিচিৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।

Related News