• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2026 4:21 pm
146
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টেলিভিছন জগতৰ এগৰাকী উদীয়মান আৰু জনপ্ৰিয় অভিনেত্ৰী সঞ্চিতা উগালেৰ দেওবাৰে কৰুণ মৃত্যু ঘটে। মাত্ৰ ২২ বছৰ বয়সতে মুম্বাইৰ সমীপত অভিনেত্ৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে। তেওঁ জনপ্ৰিয় ধাৰাবাহিক কুমকুম ভাগ্য আৰু ৱাগলে কি দুনীয়া আদিকে ধৰি কেইবাটাও প্ৰকল্পত অভিনয় কৰিছিল। দেওবাৰে অৰ্থাৎ ১৪ জুনত সংঘটিত হোৱা এই শোকাৱহ ঘটনাই বৰ্তমান টেলিভিছন উদ্যোগ আৰু তেওঁৰ অনুৰাগীসকলৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে।

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, এই ঘটনাটো ১৪ জুনৰ সন্ধিয়া প্ৰায় ৭ বজাৰ পৰা ৭:৩০ বজাৰ ভিতৰত নালাচোপাৰা ইষ্টৰ আচোল ভিলেজৰ সাই সন্তোষী বিল্ডিং নামৰ তেওঁৰ নিজা বাসগৃহত সংঘটিত হৈছিল। আচোল আৰক্ষী থানাৰ সহকাৰী আৰক্ষী পৰিদৰ্শক বিনোদ বাঘে জনোৱা মতে, সঞ্চিতাই নিজৰ শোৱা কোঠাৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি লৈছিল আৰু এখন শাৰী ব্যৱহাৰ কৰি চিলিং ফেনত ওলমি আত্মহত্যা কৰিছিল। ইয়াৰ পিছতে পৰিয়ালৰ লোক আৰু স্থানীয় বাসিন্দাসকলে তেওঁক ততাতৈয়াকৈ ভাসাই-বিৰাৰ পৌৰসভা হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

Apply Now

এই ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীৰ দলটো থলীত উপস্থিত হয় আৰু প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া আৰম্ভ কৰে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। সঞ্চিতাৰ পিতৃ মছিন্দ্ৰ উগালেৰ অভিযোগৰ ভিত্তিত আচোল আৰক্ষীয়ে ১৫ জুনত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা চমুকৈ বিএনএছএছৰ ১৯৪ ধাৰাৰ অধীনত এটা অপমৃত্যুৰ গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে জনোৱা মতে এই পৰ্যন্ত আত্মহত্যাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। কৰ্তৃপক্ষই সকলো সম্ভাৱ্য দিশৰ পৰা ঘটনাটোৰ তদন্ত চলাই আছে আৰু অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে।

সঞ্চিতা উগালেয়ে অতি কম বয়সতে টেলিভিছন, চলচ্চিত্ৰ আৰু অটিটি প্লেটফৰ্মত নিজৰ কেৰিয়াৰ অতি নিষ্ঠাৰে গঢ়ি তুলিছিল। তেওঁ বিখ্যাত ধাৰাবাহিক কুমকুম ভাগ্যত দিয়া টেণ্ডনৰ চৰিত্ৰত অভিনয় কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ ৱাগলে কি দুনীয়া ধাৰাবাহিকত ৰুচিতা জৈতলীৰ চৰিত্ৰত দেখা গৈছিল। পাছলৈ তেওঁ দংগল টিভিৰ দিলৱালী দুলহা লে জায়েগী ধাৰাবাহিকত সৌৰভ বেদীৰ বিপৰীতে সুকুন নামৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। কেৱল টেলিভিছনেই নহয়, চলচ্চিত্ৰ আৰু ডিজিটেল প্ৰকল্পতো তেওঁ খোজ পেলাইছিল। তেওঁ বিকী কৌশল অভিনীত ছাৱা ছবিত তাৰা ৰাণীৰ সৰু কালৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল আৰু মনোজ বাজপেয়ী অভিনীত চাইলেন্স ২ নামৰ ডিজিটেল প্ৰকল্পটো কাম কৰিছিল। বৰ্তমান এই গোচৰৰ তদন্ত চলি থকাৰ বাবে আৰক্ষীৰ তৰফৰ পৰা অধিক তথ্য অহালৈ অপেক্ষা কৰা হৈছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

September 24, 2026 9:20 am
মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

September 24, 2026 8:30 am
ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

ফ্ৰিজত ৰাখিলেই বিষাক্ত হ’ব পাৰে এই ৫ বিধ খাদ্য! সাৱধান হওক

September 24, 2026 8:05 am
শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

শংকৰদেৱ কলাক্ষেত্ৰত কংগ্ৰেছৰ “যুৱ সংলাপ ২০২৬”: ৰাজনীতি, পৰিৱেশ, সংস্কৃতি আৰু সংস্থাপনক লৈ ঐতিহাসিক বৌদ্ধিক মন্থন

September 23, 2026 10:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়ন্ত্ৰণত নেকি? নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াক লৈ উদ্বেগ উচ্চতম ন্যায়ালয়ৰ

September 24, 2026 9:20 am
মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

মহিলাৰ কাপোৰ খোলাৰ চেষ্টা মানেই ধৰ্ষণৰ চেষ্টা নহয় : উচ্চতম ন্যায়ালয়

September 24, 2026 8:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd