• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

তেতিয়ালৈকে নিশা নামি আহিছিল। মংগীবাইয়ে নিৰ্জন অঞ্চল, পথাৰ আৰু ৰুক্ষ পথৰ মাজেৰে খোজ কাঢ়ি গৈ থাকিল। অৱশ্যে ভঙা শিকলি আৰু তলাটো তেতিয়াও তেওঁৰ ডিঙিত ওলমি আছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2026 3:36 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহিলাগৰাকীক ডিঙিত লোহাৰ শিকলিৰে ঘৰৰ ভিতৰৰ খুঁটা এটাত বান্ধি থোৱা হৈছিল। অভিযোগ অনুসৰি, তেওঁৰ স্বামীয়ে ৰঙা গৰম লোহাৰ ৰড ব্যৱহাৰ কৰি তেওঁৰ শৰীৰত সেক দিছিল, বাৰে বাৰে প্ৰহাৰ কৰিছিল আৰু আৰক্ষীৰ ওচৰলৈ নাযাবলৈ সকীয়াই দিছিল।

শুকুৰবাৰে নিশা সেই মহিলাগৰাকীয়ে ক্লান্ত, ক্ষতবিক্ষত শৰীৰ আৰু ৰক্তাক্ত ভৰিৰে উপস্থিত হয় মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ এখন থানাত। অৱশ্যে মহিলাগৰাকীৰ ডিঙিত তেতিয়াও ওলমি আছিল লোহাৰ শিকলি। স্বামীয়ে তেওঁক এই শিকলিৰে বন্দী কৰি ৰাখিছিল।

Apply Now

অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে স্বামী চৰ্দাৰ সিং তনৱাৰক। কিন্তু কেনেকৈ আৰক্ষীৰ ওচৰলৈ গ’ল ভুক্তভোগী মহিলা?

মংগীবাই তনৱাৰ নামৰ যুৱতীগৰাকীয়ে আৰক্ষীক জনোৱা মতে, ১০ জুনৰ সন্ধিয়া স্বামী মদ্যপান কৰি ঘৰলৈ উভতি অহাৰ পিছতে নিৰ্যাতন আৰম্ভ হৈছিল।

ৰাতিৰ আহাৰ খোৱাৰ পিছত স্বামীয়ে তাইক গালি-গালাজ কৰিবলৈ ধৰিলে। মংগীবাই প্ৰতিবাদ কৰাৰ সময়ত তেওঁ বাহিৰলৈ ওলাই গছৰ ডাল কাটি লাঠি বনালে। ইয়াৰ পৰাই আৰম্ভ হ’ল নৃশংস প্ৰহাৰ।

নিৰ্যাতিতা মংগীবাই তানোৱাৰে আৰক্ষীক জনায় যে যোৱা ১০ জুনত তেওঁৰ স্বামী মাতাল অৱস্থাত ঘৰলৈ অহাৰ পিছৰে পৰা অত্যাচাৰ আৰম্ভ হয়। নিশা আহাৰা খোৱাৰ পিছত স্বামীয়ে তেওঁক গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে। মংগীবাইয়ে প্ৰতিবাদ কৰাৰ পিছত স্বামীয়ে ঘৰৰ বাহিৰলৈ গৈ গছৰ এডাল ডাল কাটি আনি লাঠী তৈয়াৰ কৰে। তাৰ পিছতে আৰম্ভ হয় নিৰ্মম প্ৰহাৰ।

লাঠিৰে মংগীবাইক কোবায়। বাৰে বাৰে তেওঁক চৰিয়ায় আৰু ভাবুকি দিয়া হয়। এই অত্যাচাৰ সহ্য কৰিব নোৱাৰি মংগীবাই আৰক্ষীৰ কাষ চাপিবলৈ সিদ্ধান্ত ল’লে। ৰাতিৰ আন্ধাৰত তেওঁ মনে মনে নিজৰ ঘৰৰ পৰা ওলাই আহিল। ঘণ্টাৰ পিছত ঘণ্টা খোজ কাঢ়ি গৈ থাকিল খিলচিপুৰ থানাৰ ফালে। কিন্তু তাত পোৱাৰ আগতেই স্বামীয়ে এটা মন্দিৰৰ ওচৰত তেওঁক ধৰিলে। তেওঁক আকৌ মাৰপিট কৰি জোৰকৈ গাঁৱলৈ লৈ গ’ল।

ঘৰলৈ উভতি অহাৰ পিছত তেওঁ আৰু অধিক অকথ্য অত্যাচাৰৰ বলি হ’ল। মংগীবাইয়ে অভিযোগ কৰে যে তেওঁৰ স্বামীয়ে তেওঁৰ ডিঙিত লোহাৰ শিকলি বান্ধি তাৰ আনটো মূৰ খুঁটাত বান্ধি ৰাখিছিল। অভিযোগ অনুসৰি স্বামীয়ে তাৰ পিছত তেওঁক কয়, “এতিয়া চাওঁচোন তুমি কেনেকৈ থানালৈ গৈ মোৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা।”

ইয়াৰ পিছতে স্বামীয়ে গেছ ষ্ট’ভত লোহাৰ ৰড গৰম কৰি শৰীৰত চেপি ধৰাৰ অভিযোগ কৰিছে মহিলাগৰাকীয়ে। তেওঁ কয় যে গৰম ৰডটো তেওঁৰ কঁকাল, নিতম্ব আৰু সোঁ উৰুত চেপি ধৰিছিল। তেওঁ বিষত চিঞৰি উঠিছিল, কিন্তু কোনো সহায় কৰিবলৈ নাহিল।

পিছৰ ২৪ ঘণ্টা মংগীবাইক ঘৰৰ ভিতৰতে ৰখা হৈছিল। তেওঁক বাহিৰলৈ ওলাই যাবলৈ বা কাৰো লগত কথা পাতিবলৈ দিয়া হোৱা নাছিল।

অভিযোগ অনুসৰি মংগীবাইৰ স্বামীয়ে একেসময়তে গাঁৱৰ মানুহক গোটাই পঞ্চায়ত মাতিবলৈ চেষ্টা কৰিছিল আৰু আৰক্ষীৰ কাষ চপাৰ পৰিকল্পনা পৰিত্যাগ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। তাৰ পিছত আৰু অধিক হিংসা আৰু নিৰ্যাতনৰ আশংকাত মহিলাগৰাকীয়ে সন্মতি দিয়াৰ অভিনয় কৰে। আচলতে তেওঁ পলায়নৰ সুযোগ বিচাৰি আছিল।

তেওঁৰ স্বামীয়ে প্ৰস্তাৱিত পঞ্চায়তখনৰ বাবে গাঁৱৰ মানুহক মাতিবলৈ ঘৰৰ পৰা ওলাই গৈছিল। মহিলাগৰাকীয়ে এই সুযোগ গ্ৰহণ কৰিলে। এটা শিল মংগীবাইৰ চকুত পৰিল। তাৰপাছত শিলটো তুলি লৈ শিকলিৰে বান্ধি থোৱা তলাটোত আঘাত কৰিবলৈ ধৰিলে। বহু চেষ্টাৰ পিছতো তলাটো ভাঙি যোৱা নাছিল।

কিন্তু তেওঁ কোবাই থাকিল। কেইবাবাৰো চেষ্টা কৰাৰ অন্তত অৱশেষত তলাটো ভাঙি গ’ল। শিকলিডাল খুলি গ’ল। ফলত তেওঁৰ বন্দীত্বৰ অন্ত পৰিল। এক মুহূৰ্তও নষ্ট নকৰাকৈ মংগীবাই তানোৱাৰে খৰধৰকৈ ঘৰৰ পৰা ওলাই আহি খিলচিপুৰৰ ফালে খোজ দিবলৈ ধৰিলে।

তেতিয়ালৈকে নিশা নামি আহিছিল। মংগীবাইয়ে নিৰ্জন অঞ্চল, পথাৰ আৰু ৰুক্ষ পথৰ মাজেৰে খোজ কাঢ়ি গৈ থাকিল। অৱশ্যে ভঙা শিকলি আৰু তলাটো তেতিয়াও তেওঁৰ ডিঙিত ওলমি আছিল। কাঁইটে তেওঁৰ ভৰি দুখন বিন্ধি আছিল। যাত্ৰাত তেওঁৰ ভৰি দুখনত ঘাঁ হৈ ৰক্তাক্ত হৈ পৰিছিল। তথাপিও তেওঁ আগবাঢ়িল।

তেওঁৰ ডিঙিত থকা শিকলিডাল দেখি ৰাস্তাৰ কাষৰ মানুহবোৰে ভাবিলে যে মংগীবাই তানোৱাৰ হয়তো মানসিকভাৱে ভাৰসাম্যহীন। খুব কম সংখ্যক লোকে প্ৰশ্ন কৰিবলৈ ৰৈছিল। আৰু তাতোকৈ কম মানুহেই বুজি পাইছিল যে শিকলিটো আচলতে কিহৰ প্ৰতীক। অৱশ্যে তেওঁৰ দুৰ্দশা লক্ষ্য কৰি এজন পথচাৰীয়ে তেওঁক কিবা এটা খাবলৈ আগবঢ়াই দিলে। অৱশ্যে তেওঁ থানাৰ ফালে খোজ কাঢ়ি যোৱাটো বন্ধ নকৰিলে।

নিশা প্ৰায় ১০ বজাত যেতিয়া মংগীবাই খিলচিপুৰ থানাত প্ৰৱেশ কৰে তেতিয়া অভিজ্ঞ আৰক্ষী জোৱানসকলো হতভম্ব হৈ পৰে। তেওঁৰ ডিঙিত তেতিয়াও ওলমি আছিল লোহাৰ শিকলি। মহিলাগৰাকীৰ শৰীৰত পোৰাৰ চিন স্পষ্টকৈ দেখা গৈছিল। তেওঁ যেন মানসিকভাৱে ভাগি পৰিছিল।

থানা পোৱাৰ কিছু মুহূৰ্তৰ ভিতৰতে তেওঁ কান্দোনত ভাঙি পৰিল আৰু সমগ্ৰ ঘটনাটো বৰ্ণনা কৰিলে। আৰক্ষীয়ে শিকলিটো আঁতৰাই তেওঁক চিকিৎসা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

আৰক্ষীয়ে জনোৱা মতে, পৰীক্ষাত মংগীবাইৰ শৰীৰত ঘাঁ আৰু পোৰাৰ চিন পোৱা গৈছে। লগে লগে গাঁওখনলৈ এটা দল পঠিয়াই অভিযুক্ত স্বামীক গ্ৰেপ্তাৰ কৰে।

খিলচিপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কমল সিং গেহলটে কয় যে মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰলৈ গৈ তেওঁৰ স্বামীয়ে তেওঁক প্ৰহাৰ কৰি অবৈধভাৱে আটক কৰি ৰখাৰ অভিযোগ উত্থাপন কৰে। “মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে। অভিযুক্তক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰা হৈছে।”

আৰক্ষীৰ মতে, ঘৰত তৰ্ক-বিতৰ্কৰ পিছতে এই বিবাদ আৰম্ভ হৈছিল আৰু পিছত হিংসাত্মক ৰূপ লৈছিল। ঘটনাৰ সকলো দিশৰ তদন্ত অব্যাহত ৰাখিছে তদন্তকাৰীয়ে।

এসময়ত যি শিকলিৰে তেওঁৰ মাত স্তব্ধ কৰিবলৈ চেষ্টা কৰা হৈছিল, সেই শিকলিটোৱেই শেষত তেওঁক থানালৈ লৈ গৈছিল, আৰু সেইটোৱেই হৈ পৰিছে তেওঁক নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত ব্যক্তিজনৰ বিৰুদ্ধে আটাইতকৈ শক্তিশালী প্ৰমাণ।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

June 15, 2026 4:03 pm
স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

June 15, 2026 4:03 pm
স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd