• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোদীৰ ভাল দিন! পিঁয়াজে কন্দুৱাইছে কৃষক আৰু জনসাধাৰণক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2023 7:30 pm
2.8k
VIEWS
Share on FacebookShare on Twitter

মোদীৰ আচ্ছে দিনৰ চৰকাৰে আকৌ কোব সোধাইছে দেশৰ দৰিদ্ৰৰ মূৰত। একেকোবে কেইবাগুণলৈ বৃদ্ধি পালে পিঁয়াজৰ দাম। 

মাত্ৰ এসপ্তাহতে ১৫ টকাৰ পৰা ৭০-৮০ টকালৈ বৃদ্ধি পাইছে পিঁয়াজৰ দাম। কিন্তু এই মূল্যবৃদ্ধিৰ ফলত বিশেষ লাভাম্বিত নহ’ল কৃষকসকল । 

এতিয়া খুবেই শোচনীয় হৈ পৰিছে দেশৰ পিয়াঁজ খেতিয়ক বিশেষকৈ মহাৰাষ্ট্ৰৰ পিঁয়াজ উৎপাদক সকলৰ অৱস্থা । 

আনহাতে, কৃষক সংগঠনসমূহে অভিযোগ কৰিছে যে জমাকাৰীসকলে সঠিক সময়ত বৃহৎ পৰিমাণৰ পিঁয়াজ মজুত কৰি বজাৰত পিয়াঁজৰ দাম বৃদ্ধি কৰি লাভ আদায় কৰিছে।

উল্লেখ্য যে অস্বাভাৱিক বতৰৰ বাবে আন আন শাক-পাচলি আৰু শস্যৰ দৰে এইবাৰ দেশত পিয়াঁজৰ উৎপাদনো যথেষ্ট হ্ৰাস পাইছে। সেয়ে বিগত তিনিমাহে বজাৰত পিয়াঁজৰ মূল্য বৃদ্ধিৰ দেখা পোৱা গৈছিল। সেইবাবেই বজাৰত পিঁয়াজৰ যোগান অব্যাহত ৰাখিবলৈ কেন্দ্ৰই যোৱা মাহত পিঁয়াজৰ ৰপ্তানিৰ ওপৰত ৪০ শতাংশ শুল্ক আৰোপ কৰিছিল। কিন্তু তাৰ পৰাও নহ’ল একো লাভ। 

অক্টোবৰৰ মাজভাগত প্ৰতি কিলোত পিঁয়াজৰ দাম মাত্ৰ ২৫ টকা হোৱাৰ বিপৰীতে অক্টোবৰৰ শেষৰ ফালে প্ৰতি কিলোত পিঁয়াজৰ দাম বৃদ্ধি পালে ৮০ টকালৈ।

অতিৰিক্ত শুল্ক আৰোপ কৰাৰ পিছতো পিঁয়াজৰ মূল্য নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে কৃষক সংগঠনসমূহে অতিৰিক্ত শুল্ক প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে। 

চাহিদা অনুসৰি উপভোক্তা সামগ্ৰী মন্ত্ৰালয়ে এক বিবৃতি জাৰি কৰি প্ৰতি কেজিত পিয়াঁজৰ ৰপ্তানি মূল্য ৬৭ টকা নিৰ্ধাৰণ কৰে। অৱশ্যে ইয়াৰ পিছতো মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব পৰা নাই। 

বিশেষজ্ঞসকলৰ মতে, মজুতকাৰীসকলক বৃহৎ পৰিমাণৰ পিয়াঁজ মজুত ৰখাত বাধা নিদিলে মূল্যৰ কোনো পৰিৱৰ্তন নহ’ব। কাৰণ, পিঁয়াজৰ এই অস্বাভাৱিক মূল্যবৃদ্ধিৰ একমাত্ৰ কাৰণ হ’ল চাহিদা অনুসৰি বজাৰত যোগানৰ অভাৱ।

ইফালে, পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ বজাৰত পিয়াঁজৰ এই মূল্যবৃদ্ধিৰ বাবে কেন্দ্ৰৰ মোডী চৰকাৰক সমালোচনা কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। এই সন্দৰ্ভত তেওঁ কয়, “২০১৪ চনত মোডী চৰকাৰে ক্ষমতালৈ অহাৰ পিছত দেশত মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব বুলি কৈছিল।” কিন্তু তাৎপৰ্যপূৰ্ণভাৱে দেশৰ বজাৰত খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলো বস্তুৰে মূল্য মোডী চৰকাৰৰ দিনত যথেষ্ট বৃদ্ধি পাইছে।” 

কংগ্ৰেছ অধ্যক্ষগৰাকীয়ে লগতে কয়, ‘’হাৰ্ডিং আৰু ক’লা বজাৰৰ বাবে দেশত পিঁয়াজৰ দাম বৃদ্ধি পাইছে। কিন্তু মোডী চৰকাৰৰ ইয়াক নিয়ন্ত্ৰণ কৰাৰ কোনো ইচ্ছা নাই। এই চৰকাৰখনে দেশৰ মূল্যবৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।”

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd