আভ্যন্তৰীণ কন্দল আৰু জনসাধাৰণৰ মাজত ক্ৰমশ: হেৰুৱাই পেলোৱা সমৰ্থনৰ ফলশ্ৰুতিত ভাৰতীয় ৰাজনীতিত আশ্চৰ্যজনকভাৱে দুৰ্বল হৈ পৰা এসময়ৰ প্ৰতিপত্তিশীল ভাৰতীয় জাতীয় কংগ্ৰেছে এই বিপৰ্যয়ৰ পৰা মুক্ত হৈ দেশীয় ৰাজনীতিত পূৰ্ণশক্তিৰে ঠন ধৰি উঠাৰ লক্ষ্যৰে গ্ৰহণ কৰা ‘ভাৰত জোড়ো যাত্ৰা’ শীৰ্ষক জনসম্পৰ্কমুখী অভিযানে ইতিমধ্যে দুমাহ অতিক্ৰম কৰিছে।
দলৰ শীৰ্ষ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত অব্যাহত থকা কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰাই অকুণ্ঠ জনসমৰ্থন লাভ কৰিছে। পদযাত্ৰাৰ সময়ত কংগ্ৰেছ নেতা-কৰ্মীসকলক সহযোগিতা আগবঢ়াই বৃহৎ সংখ্যক জনসাধাৰণে যাত্ৰাত অংশগ্ৰহণ কৰিছে। এই বিপুল জনসমৰ্থনৰ সময়তে শনিবাৰে ভাৰত জোড়ো যাত্ৰাত দেখিবলৈ পোৱা যাব এক বিশেষ দৃশ্য।
১৯ নৱেম্বৰত ভাৰত জোড়ো যাত্ৰাৰ নেতৃত্ব বহন কৰা দলৰ নেতা ৰাহুল গান্ধীৰ সৈতে দেখা নাযাব কোনো পুৰুষ সদস্যক। ইয়াৰ পৰিৱৰ্তে এই দিনটোত গান্ধীক সংগ দিব কেৱল মহিলাসকলে। বৃহস্পতিবাৰে দলৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে এই কথা প্ৰকাশ কৰিছে।
দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা কংগ্ৰেছ নেত্ৰী ইন্দিৰা গান্ধীৰ জন্ম বাৰ্ষিকী উপলক্ষে এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দলৰ যোগাযোগ আৰু প্ৰচাৰ বিভাগৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰমেশে সাংবাদিকৰ আগত কয়, “১৯ নৱেম্বৰত আকোলা জিলাৰ ৱাডেগাঁৱত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে ৰাহুল গান্ধীৰ সৈতে কেৱল মহিলাসকলেহে যাত্ৰাত অংশ ল’ব।”
১৯ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া দুয়োবেলাৰ পদযাত্ৰাত কংগ্ৰেছৰ মহিলা কৰ্মীসকলে অংশগ্ৰহণ কৰিব। মহাৰাষ্ট্ৰৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ পৰাও দলৰ মহিলা প্ৰতিনিধিসকলে দিনটোৰ পদযাত্ৰাৰ অংশ হ’ব বুলিও তেওঁ উল্লেখ কৰিছে।
উল্লেখ্য যে যোৱা ৭ নৱেম্বৰত মহাৰাষ্ট্ৰত উপস্থিত হোৱাৰ পিছত কংগ্ৰেছৰ ভাৰত জোড়ো পদযাত্ৰাই ৰাজ্যখনৰ মাজেৰে পাৰ হৈ আহিছে আৰু ২০ নৱেম্বৰত মধ্যপ্ৰদেশত উপস্থিত হ’ব।