• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধৰ্ষণৰ সংজ্ঞা সম্প্ৰসাৰণ চুইজাৰলেণ্ড নিম্ন সদনৰ

“সন্মতিবিহীন সকলো যৌন সম্পৰ্কই ধৰ্ষণ” – চুইজাৰলেণ্ড নিম্ন সদন

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
December 6, 2022 5:11 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ ছুইজাৰলেণ্ডৰ নিম্ন সদনে  ধৰ্ষণৰ সংজ্ঞা সম্প্ৰসাৰণৰ পক্ষত ৰায়দান কৰিছে। সকলো সন্মতিহীন যৌন সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰাৰ প্ৰস্তাৱ গৃহীত কৰিছে চুইজাৰলেণ্ডৰ ৰাজনৈতিক সদনে।  কিন্তু ধৰ্ষণৰ আইন সলনি কৰিবলৈ তথা ধৰ্ষণৰ সম্পৰ্কত অধিক শক্তিশালী আইন প্ৰণয়ন কৰিবলৈ আৰু কিছু পদক্ষেপ ল’ব লাগিব বুলিও উল্লেখ কৰিছে সদনে । চুইজাৰলেণ্ড সদনে পৰৱৰ্তী সময়ত আইনৰ প্ৰস্তাৱ সম্পৰ্কত জনপ্ৰিয় ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি জানিবলৈ দিছে।

চুইজাৰলেণ্ডৰ পূৰ্বৰ আইন অনুসৰি মহিলাক জোৰ-জবৰদস্তি কৰি যৌন সম্পৰ্ক স্থাপন কৰাটো ধৰ্ষণ বুলি গণ্য কৰা হয়। কিন্তু এই ক্ষেত্ৰত মহিলাগৰাকীয়ে জোৰ-জবৰদস্তিটো কিছু পৰিমাণে বন্ধ কৰিবলৈ চেষ্টা কৰি বিফল হ’লেহে ইয়াক ধৰ্ষণ বুলি গণ্য কৰা হয়। সেয়ে এইবাৰ এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে চুইজাৰলেণ্ডৰ আদালতে। চুইজাৰলেণ্ড আদালতে আইন সংশোধন কৰি ধৰ্ষণৰ সংজ্ঞা সম্প্ৰসাৰণ কৰি সন্মতিবিহীন সকলো যৌন সম্পৰ্ককেই ধৰ্ষণৰ শাৰীত গণ্য কৰিছে।

Apply Now

কিন্তু চুইজাৰলেণ্ডৰ বহু লোকে ভাবে যে বৰ্তমানৰ আইনখনত ধৰ্ষণৰ সংজ্ঞাটো সংশোধন কৰাৰ প্ৰয়োজন আছে। যৌন নিৰ্যাতনৰ মাত্ৰা বা ভুক্তভোগীয়ে আক্ৰমণকাৰীক কিমানখিনি প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছিল এই সকলো নিৰ্বিশেষে অসন্মতিসূচক সকলো যৌন সম্পৰ্কক ধৰ্ষণ হিচাপে অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

চলিত বৰ্ষৰ আৰম্ভণিতে ছুইজাৰলেণ্ডৰ সংসদৰ উচ্চ সদন কাউন্সিল অৱ ষ্টেটছে ইয়াৰ ধৰ্ষণৰ এই বিষয়টো সন্দৰ্ভত ভোট গ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত কৰিছিল। আনহাতে যোৱা সোমবাৰে নিম্ন সদনৰ ৰাষ্ট্ৰীয় পৰিষদতো ভোটগ্ৰহণ অনুষ্ঠিত হয়। ইয়াৰ পিছত সদনত স্পষ্টভাৱে কোৱা হয় যে ‘কেৱল হয় মানে হয়’। অৰ্থাৎ যৌন সম্পৰ্ক স্থাপনৰ বাবে স্পষ্ট সন্মতি থাকিব লাগিব। অন্যথা তাক ধৰ্ষণ বুলি গণ্য কৰা হ’ব।

উল্লেখ্য যে নিম্ন সংসদত বিষয়টোৰ সন্দৰ্ভত হোৱা বিতৰ্কৰ সময়ত অতি আৱেগিক পৰিবেশৰ সৃষ্টি হয়। সদনত চুইজাৰলেণ্ডৰ ছ’চিয়েলিষ্ট পাৰ্টিৰ সদস্য তামাৰা ফুনিচিয়েলোৱে সংসদত কয় যে, ‘আপুনি নিশ্চয়কৈ আপোনাৰ ওচৰ-চুবুৰীয়াৰ মানিবেগৰ পৰা টকা উলিয়াই নিদিয়ে। নিশ্চয় কলিং বেল নবজোৱাকৈ কাৰো ঘৰলৈ সোমাই নাযায়। নিৰাপত্তাৰ ক্ষেত্ৰত মোৰ শৰীৰতকৈ মোৰ মানিবেগ আৰু মোৰ ঘৰটো কেনেকৈ বেছি গুৰুত্বপূৰ্ণ হ’ব পাৰে?’

কিন্তু বহু সোঁপন্থী সংসদ সদস্যই এই প্ৰস্তাৱৰ বিৰোধিতা কৰে। তেওঁলোকে কয় যে ইয়াৰ ফলত বিভ্ৰান্তিৰ সৃষ্টি হ’ব আৰু যৌনতাৰ ক্ষেত্ৰত এই নিয়মটো অনুশীলন কৰাটো কঠিন হ’ব।

অৱশ্যে চুইজাৰলেণ্ডৰ সংসদৰ ভোটদানৰ ফলাফলত সন্তুষ্টি প্ৰকাশ কৰিছে মানৱ অধিকাৰ সংস্থা এম্নেষ্টী ইণ্টাৰনেশ্যনেলে।

উল্লেখ্য যে চুইজাৰলেণ্ড, স্পেইন, ছুইডেন, ডেনমাৰ্ক, বেলজিয়ামকে ধৰি ইউৰোপৰ কেইবাখনো দেশে ধৰ্ষণৰ সংজ্ঞা সম্প্ৰসাৰণ কৰাৰ বাবে প্ৰগতিশীল পদক্ষেপ গ্ৰহণ কৰিছে।

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ! ম’বাইলৰ পোহৰতে অস্ত্ৰোপচাৰ সম্পন্ন দুগৰাকী গৰ্ভৱতীৰ

September 13, 2026 5:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd