হিমন্ত বিশ্বৰ ‘সাম্প্ৰদায়িক’ মন্তব্যৰ বিৰুদ্ধে মুখ্য নিৰ্বাচনী আয়ুক্তলৈ পত্ৰ বিৰোধী দলপতিৰ

D4lccbeW4AAokga-750x375

শনিবাৰে ভৱানীপুৰত হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাত ভাষণ দিছে। ফটো : টুইটাৰ

কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেবব্ৰত শইকীয়াই বিজেপি নেতা তথা ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ‘সাম্প্ৰদায়িক’ মন্তব্যৰ বিৰুদ্ধে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ কাষ চাপিছে।

শনিবাৰে মুখ্য নিৰ্বাচনী আয়ুক্তলৈ লিখা এখন পত্ৰত শইকীয়াই একাংশ স্থানীয় স্থানীয় বাতৰিকাকতত প্ৰকাশিত এটা বাতৰিৰ প্ৰসংগ উল্লেখ কৰিছে। বাতৰিটোত প্ৰকাশ পোৱা মতে শৰ্মাই বিভিন্ন নিৰ্বাচনী সভাত কৈছে, ‘’বিজেপিক ‘লুঙী’ পিন্ধাসকলৰ ভোট নালাগে।‘

বাতৰি অনুসৰি শৰ্মাই লগতে কৈছে,’’ কংগ্ৰেছ যদি শাসনলৈ আহে, তেতিয়াহ’লে ‘লুঙী’ অসমৰ জাতীয় পোছাক হৈ পৰিব।‘’

অসম বিধানসভাৰ বিৰোধী দলপতি শইকীয়াই উল্লেখ কৰে যে স্কাৰ্টৰ দৰে কঁকালৰ তলত পিন্ধা ‘লুঙী’ মুছলমানসকলৰ প্ৰিয় পোছাক।

‘’ড০ শৰ্মাই লগতে মন্তব্য কৰে যে বিজেপি যদি পুনৰ ক্ষমতালৈ আহে, তেতিয়াহ’লে দলে ১৯৫১ চনৰ পৰা ১৯৭১ চনৰ মাজত অসমলৈ অহা সকলো মুছলমানৰ নাগৰিকত্ব কৰ্তন কৰিব,’’-শইকীয়াই এইদৰে অভিযোগ কৰে।

এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি লোৱাটো ভাৰতীয় সংবিধানৰ মূল কাঠামোৰ পৰিপন্থী কয় কংগ্ৰেছ নেতাজনে।

অসমত অহা ২৩ এপ্ৰিলত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। শইকীয়াই লগতে প্ৰকাশ কৰে যে ‘’এই ধৰণৰ সাম্প্ৰদায়িক নিৰ্বাচনী প্ৰচাৰে নিৰ্বাচন আয়োগে বান্ধি দিয়া নিৰ্বাচনী আচৰণ বিধিৰ নিৰ্দেশনা ১(১) আৰু ১(৩)ৰ সম্পূৰ্ণ উলংঘা কৰিছে।‘’

শইকীয়াই লগতে কয়,‘’তেওঁ (শৰ্মাই) দেখুওৱা ঘৃণাৰ বীজে অসম তথা সমগ্ৰ ভাৰততে প্ৰভাৱ পেলাব।‘’

কংগ্ৰেছ নেতাজনে মুখ্য নিৰ্বাচনী আয়ুক্তক মন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায় যিটোৱে ‘’ আন কোনো ৰাজনৈতিক নেতাক সম্প্ৰদায়ৰ মাজত অবিশ্বাস তথা ঘৃণাৰ ভাৱ বিয়পোৱাত বাধা দিব আৰু তেতিয়া অসমৰ সাধাৰণ ৰাইজৰ মাজত শান্তি আৰু সম্প্ৰীতি অটুট ৰখাত সহায় হ’ব।‘’