সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়তে কৰা সৌজ্যতামূলক আচৰণৰ শাস্তি হিচাবে সংসদৰ শীতকালীন অধিৱেশনত বিভিন্ন দলৰ ১২ গৰাকীকৈ সাংসদক নিলম্বিত কৰাৰ বিষয়টোকলৈ আজি উত্তপ্ত হৈ পৰে ৰাজ্যসভাৰ মজিয়া।
কংগ্ৰেছ, ডিএমকেকে ধৰি বিৰোধী দলৰ সাংসদসকলে ১২ সাংসদৰ নিলম্বন প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰে যদিও ৰাজ্যসভাৰ অধ্যক্ষ ভেংকয়া নাইডুৱে সেই দাবী মানি ল’বলৈ অস্বীকাৰ কৰে।
নাইডুৱে কয় যে সাংসদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ অধিকাৰ ৰাজ্যসভাৰ অধ্যক্ষৰ আছে। সেই অধিকাৰৰ আলমতে ১২ সাংসদক ৰাজ্যসভাৰ শীতকালীন অধিৱেশনৰ বাকী দিন কেইটাৰ বাবে নিলম্বন কৰা বুলি তেওঁ উল্লেখ কৰে।
নাইডুৰ পৰা এনে উত্তৰ পোৱাৰ পিছতে বিৰোধী দলৰ সাংসদসকলে আজি ৰাজ্যসভাৰ মজিয়া ত্যাগ কৰে। ৰাজ্যসভাৰ অধ্যক্ষ ভেংকয়া নাইডুৱে দিনৰ দুই বজালৈ ৰাজ্যসভা স্থগিত ৰখাৰ কথা ঘোষণা কৰে।
উল্লেখ্য বৰ্ষাকালীন অধিৱেশনতে সংঘটিক একাধিক ঘটনাৰ পৰিপ্ৰেক্ষিতত ১২ গৰাকী সাংসদক নিলম্বিত কৰা ৰ সিদ্ধান্ত লোৱা হৈছিল । কালী শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে ৰাজ্যসভাৰ উক্ত ১২ গৰাকী সাংসদক নিলম্বিত কৰা হয়।
নিলম্বিত সাংসদ কেইগৰাকী হ’ল ক্ৰমে শিৱ সেনাৰ প্ৰিয়ংকা চতুৰ্বেদী,তৃণমূলৰ দোলা সেন, চিপিএমৰ ইলামাৰাম কৰিম,কৃগ্ৰেছৰ ফুলো দেৱী নেটাম,ছায়া বাৰ্মা,ৰিপুন বৰা,ৰাজামণি পেটেল,ছৈয়দ নাছিৰ হুছেইন,অখিলেশ প্ৰসাদ সিং,চিপিআইৰ বিনয় বিশ্বম,তৃণমূল কংগ্ৰেছৰ শান্তা ছেত্ৰী,শিৱসেনাৰ অনিল দেশাই।
১২ গৰাকীকৈ সাংসদক নিলম্বন কৰাৰ প্ৰসংগত কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে বৰ্ষাকালীন অধিৱেশনৰ সিদ্ধান্ত এটা শীতকালীন অধিৱেশনত কাৰ্যকৰী কৰি চৰকাৰে স্বৈৰাচাৰিতাৰ প্ৰমাণ দিলে।
বৰ্ষাকালীন অধিৱেশনৰ সময়ত কৃষি আইন বাতিল, পেগাছাছ ফোন টেপিঙৰ বিষয়কলৈ সাংসদ একাংশই পৰিবেশ উত্তপ্ত কৰি তুলিছিল।
কিছুসংখ্যক বিৰোধী দলৰ আনকি সাংসদে চকী-মেজ ফাইল আদি দলিয়াই দিছিল বুলিও অভিযোগ উঠিছিল।
সেই সময়তে ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডু আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ১২ গৰাকী বিধায়কক নিলম্বিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি থৈছিল। সেই সিদ্ধান্তই শীতকালীন অধিৱেশনত কাৰ্যকৰী কৰা হয়।