আজি সামৰণি পৰিব সংসদৰ বাজেট অধিবেশনৰ দ্বিতীয়াৰ্ধ। আজি দুয়ো সদনৰ কাম-কাজ স্থগিত ৰখাৰ পিছতে সংসদৰ পৰা বিজয় চ’কলৈ কেইবাটাও বিৰোধী দলৰ সাংসদে ‘ত্ৰিৰঙ্গা পদযাত্ৰা’ নামৰ এক কাৰ্যসূচী ৰূপায়ণ কৰিব।
বিৰোধী সাংসদসকলে লগতে এক সংবাদমেলো আহ্বান কৰিব। এই সংবাদমেলত বাজেট অধিৱেশনৰ দ্বিতীয়াৰ্ধ চৰকাৰৰ অহং মনোভাৱৰ বাবেই বিঘ্নিত হোৱাৰ প্ৰমাণসহ আলোকপাত কৰিব বুলি সদৰী কৰা হৈছে।
কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই এই সন্দৰ্ভত উল্লেখ কৰা মতে, বাজেট অধিবেশনৰ সময়ৰ সকলো সত্য জনসাধাৰণৰ সন্মুখত উন্মোচন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। বিৰোধী দলসমূহে ভৱিষ্যতেও এনে সমন্বয় তথা সহযোগিতাৰ সিদ্ধান্ত লৈছে বুলিও তেওঁ মন্তব্য কৰে।
কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালৰ ভাষ্য মতে, নিৰ্ধাৰিত সময় অনুসৰি দুয়ো সদন স্থগিত ৰখাৰ পিছতে ‘তিৰঙ্গা পদযাত্ৰা’ আয়োজন কৰা হ’ব। তেওঁৰ অভিযোগ মতে বাজেট অধিবেশনৰ সমগ্ৰ দ্বিতীয়াংশ কেৱল চৰকাৰৰ অহং মনোভাৱৰ বাবেই নষ্ট হৈছিল।
“প্ৰথমবাৰৰ বাবে চৰকাৰে কাৰ্যবিধি স্থগিত ৰাখিছিল আৰু পিছত আদানী বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছিল। বিৰোধীয়ে কিয় এই বিষয়ত আলোচনাৰ দাবী কৰিছিল, সেই কথাও চৰকাৰে গুৰুত্ব দিয়া নাছিল।”– তেওঁ লগতে কয়।
সংবাদমেলত এই সকলোবোৰ বিষয় ৰাইজৰ সন্মুখত উত্থাপন কৰা হ’ব বুলিও বিৰোধী নেতাগৰাকীয়ে কয়। বুধবাৰে কেইবাটাও বিৰোধী দলৰ সাংসদ ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা খৰ্গেৰ কোঠাত বৈঠকত মিলিত হয়।
এই বৈঠকত কংগ্ৰেছ, ডি এম কে, সমাজবাদী পাৰ্টি, শিৱসেনা (উদ্ধৱ থাকৰে গোট), টি এম চি, আপ, জে ডি (ইউ), চি পি আই, চি পি আই (এম), আৰ জে ডি, জে এম এম, আৰ এছ পি আৰু আই ইউ এম এল আদি দলৰ নেতাসকলে অংশগ্ৰহণ কৰে।
পিছত কংগ্ৰেছৰ সাংসদসকলে কংগ্ৰেছৰ সংসদীয় দলৰ কাৰ্যালয়ত বৈঠকত মিলিত হয় আৰু তেওঁলোকৰ পৰৱৰ্তী কৌশল সম্পৰ্কে আলোচনা কৰে। উল্লেখ্য যে বিৰোধী আৰু চৰকাৰৰ মাজত সৃষ্টি হোৱা বিবাদৰ ফলশ্ৰুতিত ১৩ মাৰ্চৰ পৰা বাজেট অধিবেশনৰ দ্বিতীয় খণ্ড আৰম্ভ হোৱাৰ পাছৰে পৰা লোকসভাৰ কাৰ্যবিধি ব্যাহত হৈ পৰিছে।