• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিৰোধী সংহতি! আজি ‘ত্ৰিৰঙ্গা পদযাত্ৰা’ ৰূপায়ন কৰিব বিৰোধী সাংসদে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 6, 2023 9:09 am
Tiranga march
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি সামৰণি পৰিব সংসদৰ বাজেট অধিবেশনৰ দ্বিতীয়াৰ্ধ। আজি দুয়ো সদনৰ কাম-কাজ স্থগিত ৰখাৰ পিছতে সংসদৰ পৰা বিজয় চ’কলৈ কেইবাটাও বিৰোধী দলৰ সাংসদে ‘ত্ৰিৰঙ্গা পদযাত্ৰা’ নামৰ এক কাৰ্যসূচী ৰূপায়ণ কৰিব।

বিৰোধী সাংসদসকলে লগতে এক সংবাদমেলো আহ্বান কৰিব। এই সংবাদমেলত বাজেট অধিৱেশনৰ দ্বিতীয়াৰ্ধ চৰকাৰৰ অহং মনোভাৱৰ বাবেই বিঘ্নিত হোৱাৰ প্ৰমাণসহ আলোকপাত কৰিব বুলি সদৰী কৰা হৈছে।

Apply Now

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই এই সন্দৰ্ভত উল্লেখ কৰা মতে, বাজেট অধিবেশনৰ সময়ৰ সকলো সত্য জনসাধাৰণৰ সন্মুখত উন্মোচন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। বিৰোধী দলসমূহে ভৱিষ্যতেও এনে সমন্বয় তথা সহযোগিতাৰ সিদ্ধান্ত লৈছে বুলিও তেওঁ মন্তব্য কৰে।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালৰ ভাষ্য মতে, নিৰ্ধাৰিত সময় অনুসৰি দুয়ো সদন স্থগিত ৰখাৰ পিছতে ‘তিৰঙ্গা পদযাত্ৰা’ আয়োজন কৰা হ’ব। তেওঁৰ অভিযোগ মতে বাজেট অধিবেশনৰ সমগ্ৰ দ্বিতীয়াংশ কেৱল চৰকাৰৰ অহং মনোভাৱৰ বাবেই নষ্ট হৈছিল।

“প্ৰথমবাৰৰ বাবে চৰকাৰে কাৰ্যবিধি স্থগিত ৰাখিছিল আৰু পিছত আদানী বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ অস্বীকাৰ কৰিছিল। বিৰোধীয়ে কিয় এই বিষয়ত আলোচনাৰ দাবী কৰিছিল, সেই কথাও চৰকাৰে গুৰুত্ব দিয়া নাছিল।”– তেওঁ লগতে কয়।

সংবাদমেলত এই সকলোবোৰ বিষয় ৰাইজৰ সন্মুখত উত্থাপন কৰা হ’ব বুলিও বিৰোধী নেতাগৰাকীয়ে কয়। বুধবাৰে কেইবাটাও বিৰোধী দলৰ সাংসদ ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা খৰ্গেৰ কোঠাত বৈঠকত মিলিত হয়।

এই বৈঠকত কংগ্ৰেছ, ডি এম কে, সমাজবাদী পাৰ্টি, শিৱসেনা (উদ্ধৱ থাকৰে গোট), টি এম চি, আপ, জে ডি (ইউ), চি পি আই, চি পি আই (এম), আৰ জে ডি, জে এম এম, আৰ এছ পি আৰু আই ইউ এম এল আদি দলৰ নেতাসকলে অংশগ্ৰহণ কৰে।

পিছত কংগ্ৰেছৰ সাংসদসকলে কংগ্ৰেছৰ সংসদীয় দলৰ কাৰ্যালয়ত বৈঠকত মিলিত হয় আৰু তেওঁলোকৰ পৰৱৰ্তী কৌশল সম্পৰ্কে আলোচনা কৰে। উল্লেখ্য যে বিৰোধী আৰু চৰকাৰৰ মাজত সৃষ্টি হোৱা বিবাদৰ ফলশ্ৰুতিত ১৩ মাৰ্চৰ পৰা বাজেট অধিবেশনৰ দ্বিতীয় খণ্ড আৰম্ভ হোৱাৰ পাছৰে পৰা লোকসভাৰ কাৰ্যবিধি ব্যাহত হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd