উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন: আজি প্ৰাৰ্থী সম্পৰ্কে আলোচনাৰ বাবে মিলিত হ’ব বিৰোধী

vice-presidential election

অহা ৬ আগষ্টত অনুষ্ঠিত হ’বলগীয়া দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ সম্পৰ্কে আজি আলোচনাত মিলিত হ’ব বিৰোধী। সংসদৰ আগন্তুক অধিৱেশন সন্দৰ্ভত আলোচনাৰ বাবে চৰকাৰে আহ্বান জনোৱা সৰ্বদলীয় বৈঠকৰ পিছতে বিৰোধীয়ে আলোচনাত অংশ ল’ব।

ইফালে কংগ্ৰেছে ইতিমধ্যে আন বিৰোধী দলসমূহক কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থী প্ৰদান নকৰে বুলি নিশ্চিত কৰি দিছে।

ইতিমধ্যে শাসনাধিষ্ঠ এন ডি এ- ই উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে পশ্চিম বংগৰ ৰাজ্যপাল জগদ্বীপ ধনখড়ক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে।

শনিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আনুষ্ঠানিকভাৱে এই ঘোষণা কৰে। আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে টুইটযোগে ধনখড়ৰ প্ৰতি সমৰ্থন আগবঢ়ায়।

এন ডি এৰ প্ৰক্ষেপিত প্ৰাৰ্থী জগদীপ ধনখড় সম্পৰ্কে মন্তব্য দিয়াৰ পৰা বিৰত থাকে তৃণমূল কংগ্ৰেছ। উল্লেখ্য যে বংগৰ শাসকীয় দল তৃণমূল কংগ্ৰেছে ৰাজ্যখনৰ ৰাজ্যপাল ধনখাড়ৰ সৈতে নিৰন্তৰ বিবাদত লিপ্ত হৈ আহিছে।

দলটোৰ মুখপাত্ৰ কুনাল ঘোষে কয়, “আমি ২১ জুলাইলৈকে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন সম্পৰ্কীয় কোনো বিষয়ে মন্তব্য নকৰো।”

মমতা বেনাৰ্জীয়ে ২১ জুলাইত কলকাতাৰ বাসগৃহত সকলো সাংসদ আৰু বিধায়কক সাক্ষাৎ কৰি নিৰ্বাচনৰ বিষয়ে সিদ্ধান্ত ল’ব বুলি ঘোষে লগতে উল্লেখ কৰে।

স্মৰ্তব্য যে অহা ১০ আগষ্টত ভাৰতৰ বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ কাৰ্যকাল সমাপ্ত হ’ব। দেশৰ পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি পদৰ বাবে অহা ৬ আগষ্টত নিৰ্বাচন অনুষ্ঠিত হ’ব।

নিৰ্বাচন আয়োগে কৰা ঘোষণা অনুসৰি একেদিনাই নিৰ্বাচনৰ ভোটগণনাও অনুষ্ঠিত হ’ব।