• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বন্ধু মোদীলৈ আমেৰিকাৰ ২১ মিলিয়ন ডলাৰ’, ট্ৰাম্পৰ নতুন বিস্ফোৰণত অসহায় বিজেপি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 23, 2025 8:04 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত ইউএছ এইডৰ (আমেৰিকান সাহায্য) ২ কোটি ১০ লাখ ডলাৰৰ অনুদান কোনে লাভ কৰিলে সেই লৈ তীব্ৰ বিতৰ্কৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নতুনকৈ বোমা ফুটুৱাইছে। বুধবাৰে তেওঁ কয় যে বাইডেন প্ৰশাসনে সম্ভৱতঃ মোডীৰ সলনি আন কাৰোবাক জয় কৰিবলৈ ভাৰতত ভোটাৰৰ ভোটদান বৃদ্ধিৰ বাবে এই অনুদান আগবঢ়াইছিল।

কিন্তু শুকুৰবাৰে তেওঁৰ মন্তব্য, “ভাৰতত ভোটাৰৰ সংখ্যা বৃদ্ধিৰ বাবে মোৰ বন্ধু প্ৰধানমন্ত্ৰী মোডীক ২ কোটি ১০ লাখ ডলাৰ দিয়া হৈছিল।” এইবাৰ কংগ্ৰেছে ট্ৰাম্পৰ মন্তব্যক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। শনিবাৰে তেওঁলোকে বিজেপিক কটাক্ষ কৰি সুধিলে, “গেৰুৱা শিবিৰ এতিয়া নিমাত কিয়?”

Apply Now

কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষ পৱন খেৰাই শনিবাৰে এক সংবাদমেলত কয় যে ড’নাল্ড ট্ৰাম্পে কৈছে যে আমি আমাৰ বন্ধু নৰেন্দ্ৰ মোডীক ২ কোটি ১০ লাখ ডলাৰ দিছিলো। ভোটৰ হাৰ বৃদ্ধিৰ বাবে ভাৰতক ২ কোটি ১০ লাখ ডলাৰ দিয়া হৈছিল। এই ২ কোটি ১০ লাখ ডলাৰ ক’লৈ গ’ল? তাৰমানে ভোটদানৰ হাৰ বাঢ়িছে নেকি?

মোডীক ২ কোটি ১০ লাখ ডলাৰ দিয়া বুলি দাবী কৰাৰ উপৰিও শুকুৰবাৰে ট্ৰাম্পে এই ধন ভাৰতকে দিয়া বুলিও দাবী কৰে। বাংলাদেশক সুকীয়াকৈ ধন দিয়া হৈছে। ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছিল যে আমেৰিকাই নতুন দিল্লীক নহয়, ঢাকাক ২ কোটি ১০ লাখ ডলাৰৰ অনুদান দিছিল।

সেই দাবী নাকচ কৰি ট্ৰাম্পে কয় যে বাংলাদেশৰ ৰাজনৈতিক পৰিস্থিতি শক্তিশালী কৰিবলৈ ২৯ মিলিয়ন ডলাৰ এনে এটা প্ৰতিষ্ঠানলৈ গৈছিল যাৰ নাম কোনেও শুনা নাই। তেওঁলোকে লাভ কৰে ২৯ মিলিয়ন ডলাৰ। কল্পনা কৰিব পাৰিনে?’

ট্ৰাম্পৰ এই দাবীৰ লগে লগে ৱাশ্বিংটন পোষ্টৰ অনুসন্ধানমূলক প্ৰতিবেদনত কোৱা হৈছে যে তেওঁলোকে ভাৰতলৈ ২ কোটি ১০ লাখ ডলাৰ প্ৰেৰণ কৰাৰ কোনো চৰকাৰী ৰেকৰ্ড বিচাৰি পোৱা নাই। এই দুখন কাকতৰ অনুসন্ধানমূলক বাতৰিৰ উদ্ধৃতি দি পৱন খেৰাই কয় যে, “ইণ্ডিয়ান এক্সপ্ৰেছে ৰিপ’ৰ্ট কৰিছিল যে ২ কোটি ১০ লাখ ডলাৰ ভাৰতলৈ নহয়, বাংলাদেশলৈ গৈছিল।” ৱাশ্বিংটন পোষ্টেও প্ৰকাশ কৰিছে যে তেওঁলোকৰ তদন্তত এই ধৰণৰ একো পোৱা নগ’ল। ২০০১ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ইউ এছ এইডে বছৰি গড়ে প্ৰায় ১.১৩ বিলিয়ন টকা ভাৰতলৈ প্ৰেৰণ কৰিছিল। ইয়াৰে ৪৪ শতাংশ মোডী চৰকাৰৰ কাৰ্যকালত আহিছিল। প্ৰায় ৪০ শতাংশ আহিছিল কংগ্ৰেছ চৰকাৰৰ দিনত। এই ধনৰ এক চতুৰ্থাংশ যোৱা চাৰি বছৰত আহিছে। চৰকাৰে জনোৱা উচিত ইউ এছইডৰ ধন কোনে লাভ কৰিলে?”

ইউএছ এইডক লৈ বিতৰ্ক তুংগত উঠাৰ লগে লগে কংগ্ৰেছে এই বিষয়ত মোডী চৰকাৰক এখন শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ দাবী জনায়। পৱন খেৰাই শনিবাৰে পুনৰ সেই দাবী উত্থাপন কৰে। তেওঁ কয়, “প্ৰধানমন্ত্ৰীয়ে তৎক্ষণাত বন্ধুক ফোন কৰি সুধিব লাগে যে তেওঁ কিয় এনেকুৱা কথা ক’লে। যদি তেওঁ তেনেকুৱা কৰিব নোৱাৰে তেন্তে আমি ধৰি ল’ব লাগিব যে ট্ৰাম্পে কোৱা কথাখিনি শুদ্ধ। ইমান মৌনতা কিয়? কোনে মিছা কথা কৈছে? সাংস্কৃতিক সংগঠনৰ বেশত দল, ব্যক্তি আৰু ৰাজনৈতিক সংগঠনে কিমান টকা লাভ কৰিছে সেই বিষয়ে আমি এখন শ্বেতপত্ৰ বিচাৰো।”

এটা বাতৰিৰ উদ্ধৃতি দি কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় যে, “২০২১ আৰু ২০২৪ বিত্তীয় বৰ্ষত ইউএছএআইডিয়ে ভাৰতক ৬৫ কোটি ডলাৰ আগবঢ়াইছে। কিয় আৰু কি উদ্দেশ্যত মোডী চৰকাৰে লাভ কৰিলে ৬৫ কোটি ডলাৰ?”

এইটোও মনত ৰখা উচিত যে “গণতান্ত্ৰিক অংশগ্ৰহণ আৰু নাগৰিক সমাজ’ৰ বাবে ৩ লাখ ৬৫ হাজাৰ ডলাৰৰ প্ৰথমটো কিস্তি ২০১২ চনৰ ১ অক্টোবৰত আহিছিল। সেই সময়ত আন্না হাজাৰে আন্দোলন তুংগত আছিল। অৰবিন্দ কেজৰিৱালে নিজাকৈ দল গঠন কৰি আছিল। নৰেন্দ্ৰ মোডীয়ে বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ প্ৰস্তুতি চলাইছিল। গতিকে, এই পুঁজিৰ পৰা কোনে লাভৱান হ’ল?”

শেহতীয়াকৈ দিল্লী বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছে ইণ্ডিয়া মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ আপৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল। পৱন খেৰাই শনিবাৰে স্পষ্ট কৰি দিয়ে যে ভোট শেষ হোৱাৰ পাছতো কংগ্ৰেছে কেজৰিৱালৰ প্ৰতি নৰম মনোভাৱ নেদেখুৱায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

September 29, 2026 11:37 am
ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

September 29, 2026 11:23 am
কেলিফৰ্ণিয়াত নিউয়ৰ্ক টাইমছৰ প্ৰযুক্তি কাৰ্যবাহীক গুলীয়াই হত্যা; শহুৰ-শাহুৱেকক গ্ৰেপ্তাৰ

কেলিফৰ্ণিয়াত নিউয়ৰ্ক টাইমছৰ প্ৰযুক্তি কাৰ্যবাহীক গুলীয়াই হত্যা; শহুৰ-শাহুৱেকক গ্ৰেপ্তাৰ

September 29, 2026 10:50 am
তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

তৃণমূলৰ বিদ্ৰোহী বিধায়কৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ দাবী! অধ্যক্ষক নিৰ্ধাৰিত সময়ত সিদ্ধান্ত লোৱাৰ আহ্বান সৰ্বোচ্চ ন্যায়ালয়ৰ

September 29, 2026 10:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

September 29, 2026 11:37 am
ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

ক’ত গ’ল মুমতাজ বেগম? বাংলাদেশলৈ বিতাড়নৰ ৩ মাহৰ পাছতো নাই কোনো শুংসূত্ৰ!

September 29, 2026 11:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd