NORTHEAST NOW (Assamese)

১ নৱেম্বৰৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান

October 20, 2020 7:50 pm · এন ই নাও নিউজ
ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ফটো-নৰ্থ-ইষ্ট নাও

নৱেম্বৰৰ ১ তাৰিখৰ পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্প।

মঙলবাৰে মঙলদৈৰ বন সংমণ্ডলৰ তৰফৰ পৰা প্ৰকাশ কৰা এক জাননীত এই কথা প্ৰকাশ কৰা হয়।

কোভিড সংক্ৰমণৰ বাবে ঘোষণা কৰা ৰাষ্ট্ৰজোৰা ল’কডাউনৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যান বন্ধ হৈ আছিল।

২০১৮ বৰ্ষৰ জৰীপ অনুসৰি, মিনি কাজিৰঙা ৰূপে পৰিচিত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান সময়ত ১০০ ৰো অধিক এশিঙিয়া গড় থকাৰ উপৰিও ২১ টা ৰোয়েল বেংগল বাঘ আছে।

৭৯ বৰ্গকিলোমিটাৰ অঞ্চল জুৰি বিয়পি থকা ওৰাং ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া হাতী, বনৰীয়া মহ, বন হৰিণ, বন গাহৰিকে ধৰি ভালেসংখ্যক বনৰীয়া জীৱ জন্তুৰ বাসস্থান।

উল্লেখযোগ্য যে, পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰিলেও পৰ্যটক সকলে ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শনৰ সময়ত কোভিড প্ৰ’টকল মানি চলিব লাগিব।

ইয়াৰ পূৰ্বে মানস ৰাষ্ট্ৰীয় উদ্যানো পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল।

Related News