• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘দেশৰ বিজ্ঞানীসকলে ক’ৰ’ণা ভেকচিন আৱিষ্কাৰৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে’ ; প্ৰধানমন্ত্ৰী মোদী

এন ই নাও নিউজ by এন ই নাও নিউজ
October 20, 2020 7:41 pm
PM-Modi-750x375
247
VIEWS
Share on FacebookShare on Twitter

লকডাউন বলৱৎ হৈ নাথাকিলেও দেশৰ পৰা ক’ৰ’ণা কিন্তু আঁতৰি যোৱা নাই। আজি সন্ধিয়া ৬ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধি দিয়া ভাষণত এইদৰে কয়।

দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত কোনো নতুন ঘোষণা নকৰিলেও প্ৰধানমন্ত্ৰী মোদীয়ে ক’ৰ’ণা প্ৰতিৰোধৰ স্বাৰ্থত কোভিড প্ৰটক’ল মানি চলিবলৈ দেশবাসীক আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে লগতে আৰু কয় যে “যোৱা ৭-৮ মাহজুৰি দেশবাসীয়ে কৰা প্ৰচেষ্টাৰ ফলত দেশৰ পৰিস্থিতি সুস্থিৰ হৈ আছে আৰু এই সুস্থিৰতাক আমি যাতে পুনৰ অৱনতি হ’বলৈ নিদিওঁ।”

পৰিস্থিতি উন্নতৰ হোৱাৰ লগে লগে অনেকেই সাৱধানতা অৱলম্বন কৰা বন্ধ কৰি দিছে, যিটো উচিত হোৱা নাই বুলি ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে।

মাস্ক পৰিধান নকৰাকৈ ঘৰৰ পৰা উলাই যোৱা লোকে কেৱল নিজৰেই নহয়, নিজৰ লগতে পৰিয়াল তথা শিশু, বয়োজ্যেষ্ঠসকলকো বিপদত পেলাব পাৰে বুলি ব্যক্ত কৰি সকলোকে মাস্ক পৰিধান কৰি ঘৰৰ পৰা উলাবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী মোদীয়ে।

দেশৰ বিজ্ঞানীসকলে ক’ৰ’ণাৰ ভেকচিন আৱিষ্কাৰৰ বাবে আহোপুৰুষাৰ্থ কৰি আহিছে বুলিও কয় প্ৰধানমন্ত্ৰী মোদীয়ে।

আনহাতে ক’ৰ’ণাত বিধ্বস্ত শীৰ্ষ দেশ ক্ৰমে আমেৰিকা, ব্ৰাজিল, স্পেইন, ব্ৰিটেইন আদিৰে তুলনা কৰি কয় যে ভাৰতৰ ক’ৰ’ণাক্ৰান্তৰ মৃত্যুৰ হাৰ যথেষ্ট কম।

“ভাৰতত প্ৰতি ১০ লাখ জনসংখ্যাৰ বিপৰীতে ক’ৰ’ণাক্ৰান্তৰ মৃত্যুৰ সংখ্যা মাত্ৰ ৮৩ জন আৰু আমেৰিকা, ব্ৰাজিল, স্পেইন, ব্ৰিটেইন আদি দেশত ইয়াৰ সংখ্যা ৬০০ৰো অধিক।” প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

তেওঁ লগতে কয় যে প্ৰতি ১০ লাখ মানুহৰ ভিতৰত ভাৰতত ৫,৫০০ জন লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে আৰু আমেৰিকা আৰু ব্ৰাজিলত ইয়াৰ সংখ্যা হৈছে প্ৰায় ২৫ হাজাৰ জন।

ৰামচৰিত মানসৰ উপমাৰে প্ৰধানমন্ত্ৰীয়ে কয়, “আমি সম্পূৰ্ণৰূপে মুক্তি নোপোৱালৈকে জুই, শত্ৰু আৰু ৰোগক সহজভাৱে ল’ব নালাগে।”

উল্লেখ্য যে মংগলবাৰে দেশত প্ৰথমবাৰৰ বাবে তিনি মাহত ৫০ হাজাৰৰো কম লোক ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ তথ্য আহিছে। ৭.৬ মিলিয়নৰ ভিতৰত ভাৰতত ৪৬,৭৯০ জন কোভিড পজিটিভ পোৱা গৈছে।

যোৱা ২৪ ঘণ্টাত দেশত ৫৭৮ গৰাকী কোভিড আক্ৰান্তৰ মৃত্যু হৈছে। ইয়াকে লৈ ভাৰতত কোভিড১৯ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১,১৫,১৯৭ গৰাকীলৈ বৃদ্ধি পালে।

Tags: COVID-19

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd