কৰ্ণাটক বিধানসভা নিৰ্বাচনলৈ মাজত আৰু ১৬দিন বাকী। নিৰ্বাচনৰ তিনি দিনৰ পাছতেই ঘোষণা কৰা হ’ব ফলাফল। অৰ্থাৎ কৰ্ণাটকত নতুন চৰকাৰ গঠনৰ বাবে এতিয়াও আছে তিনি সপ্তাহতকৈও অধিক সময়। কিন্তু নিৰ্বাচনৰ পূৰ্বেই এক দু:চিন্তাত দহিছে কংগ্ৰেছ। আভ্যন্তৰীণ কন্দলৰ আশংকাত চিন্তিত হৈ পৰিছে দলটো।
কংগ্ৰেছৰ কেন্দ্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে তথা দলৰ অন্যতম প্ৰধান নেতা ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি দলটোৰ আন নেতাসকল নিৰ্বাচনৰ পিছত কংগ্ৰেছৰ নিৰ্বাচিত বিধায়ক চুৰি হোৱাৰ আশংকাত চিন্তিত হৈ পৰিছে।
কিছুদিন পূৰ্বে কৰ্ণাটকত এক নিৰ্বাচনী বৈঠকত ৰাহুলে গান্ধীয়ে দিছিল কৰ্ণাটক জয়ৰ শংকা। কিন্তু সমান্তৰালভাৱে তেওঁ ইয়াৰ বাবে প্ৰায় ১৫০ খন আসন পাব লাগিব বুলিও দোহাৰিছিল। অন্যথা দুৰ্নীতিৰ ধনেৰে বিজেপিয়ে কংগ্ৰেছী বিধায়কক ক্ৰয় কৰিব পাৰে বুলি মন্তব্য কৰিছিল গান্ধীয়ে।
ইফালে শনিবাৰে সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেইও একেই ইঙ্গিতকে দিয়ে। গান্ধীৰ দৰেই তেওঁ কয়, “আমি কৰ্ণাটকত বহু আসন পাব লাগিব। নহলে বিজেপিয়ে আমাৰ বিধায়কক ‘চুৰি’ কৰিব পাৰে।”
উল্লেখ্য যে, অহা ১০ মে’ত অনুষ্ঠিত হ’ব কৰ্ণাটক বিধানসভা নিৰ্বাচন। ৰাজ্যখনৰ শাসকীয় বিজেপি দলক প্ৰতিহত কৰাৰ লক্ষ্যৰে এইবাৰ জোৰদাৰ ৰণপ্ৰস্তুতি চলাইছে কংগ্ৰেছে। দলটোৰ সূত্ৰই এইবাৰ কৰ্ণাটকত জয় লাভ কৰিব বুলি আত্মবিশ্বাসী হৈ থকা বুলি দাবী কৰিছে।
লক্ষণীয়ভাৱে একাংশ সমীক্ষাতো দদাক্ষিণাত্যৰ ৰাজ্যখনত বিজেপিয়ে ক্ষমতা হেৰুৱাব পাৰে বুলি ইংগিত দিছে। আনহাতে নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত ইজনৰ পিছত সিজনকৈ বিজেপি নেতাৰ দলত্যাগ আৰু কংগ্ৰেছত যোগদান কৰাৰ ফলতো বিপদত পৰিছে বিজেপি।
অৱশ্যে দলৰ বাবে আশাপ্ৰদ এনে দৃশ্যৰাজিয়েও নিশ্চিন্ত কৰিব পৰা নাই কংগ্ৰেছ শিবিৰক। শেহতীয়াকৈ কংগ্ৰেছৰ টিকটত নিৰ্বাচিত হোৱা বিধায়কসকলক ক্ৰয় কৰি বিজেপিয়ে দলটোক সংকটত পেলাইছে। তদুপৰি সংখ্যাগৰিষ্ঠতা নোপোৱাকৈ কৰ্ণাটকত চাৰিবাৰকৈ চৰকাৰ গঠন কৰাৰ নজিৰ আছে বিজেপিৰ ক্ষেত্ৰত।
গতিকে, স্বাভাৱিকতেই এনে অভিজ্ঞতাই চিন্তিত কৰি ৰাখিছে কংগ্ৰেছক। আৰু এনে পৰিস্থিতিতে দলটোৱে অধিক আসন জয়ৰ পোষকতা কৰিছে।