• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অমানবীয়: জে চি বিৰে সমাধিত পেলাই দিয়া হ’ল কৰ’না আক্ৰান্তৰ মৃতদেহ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2020 7:49 am
2020_7$largeimg_2059043387

প্ৰতিনিধিত্বমূলক ফটো। সৌজন্য: দ্য ট্ৰিবিউন

12.1k
VIEWS
Share on FacebookShare on Twitter

বিশ্বজুৰি কৰ’নাৰ সংহাৰ অব্যাহত আছে। বৰ্তমান কৰ’না আক্ৰান্তৰ সংখ্যাৰ দিশেৰে বিশ্বৰ তৃতীয় স্থানত আছে ভাৰত।

বিভিন্ন ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা। সেইদৰে, কৰ’নাত মৃত্যু হোৱা লোকৰ মৃতদেহকলৈয়ো সৃষ্টি হৈছে বহু অভূতপূৰ্ব ঘটনা।

অন্ধ্ৰ প্ৰদেশত এটা কৰ’না আক্ৰান্ত মৃতদেহৰ ক্ষেত্ৰত পোহৰলৈ অহা এক ঘটনাই সকলোৰে চকু কপালত তুলিছে।

ভাইৰেল হৈ পৰা প্ৰায় তিনি মিনিটৰ এটা ভিডিঅ’ত দেখা গৈছে যে মাটি কটা জে চি বি মেচিনেৰে কৰ’না আক্ৰান্তৰ মৃতদেহ গাঁতত পেলাই দিয়া হৈছে।

উক্ত ভিডিঅ’টো শ্বেয়াৰ কৰিছে অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্য মন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে।

তেওঁ লগতে লিখিছে,’’এয়া অতি দুৰ্ভাগ্যজনক ঘটনা। নেল্লোৰত জে চি বি মেচিনেৰে কোনোমতে পেলাই দিয়া হৈছে এগৰাকী কৰ’না আক্ৰান্ত ব্যক্তিৰ মৃতদেহ। মুখ্য মন্ত্ৰী ৱাই এছ ৰেড্ডীয়ে ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচৰা উচিত।‘’

ৰাজ্যখনৰ নেল্লোৰ জিলাত সংঘটিত হৈছে এই অমানৱীয় ঘটনা। ইতিমধ্যে, নেল্লোৰৰ মহকুমা দণ্ডাধীশে এই লজ্জাজনক ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে।

উল্লেখ্য যে অন্ধ্ৰ চৰকাৰৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও এনে অভিযোগ উত্থাপিত হৈছে। যোৱা ২৬জুনত আৰু এগৰাকী কৰ’না আক্ৰান্তৰ মৃতদেহ জে চি বিৰে শ্মশানলৈ কঢ়িয়াই নিয়া হৈছিল।

Pained to see bodies of #Covid_19 patients in Nellore being disrespectfully thrown into a single pit using an Earthmover. This is happening time & again. @ysjagan Govt must offer an apology to the grieving families who wished for a respectful departure for their loved ones. pic.twitter.com/1y4TSG2brv

— N Chandrababu Naidu (@ncbn) July 10, 2020

অনুৰূপ ঘটনা সংঘটিত হৈছিল কৰ্ণাটকতো। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল এটি ভিডিঅ’ য’ত ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰীগৰাকীৰ গৃহ জিলা বল্লাৰীত গাঁতৰ ভিতৰত এটা এটাকৈ কৰ’না আক্ৰান্ত লোকৰ মৃতদেহ পেলাই দিয়া হৈছিল।

সেই ঘটনাত পিপিই কিট পৰিধান কৰা কেইজন ব্যক্তিয়ে ক’লা প্লাষ্টিকেৰে বন্ধা কেইবাটাও মৃতদেহ গাঁতৰ ভিতৰত পেলাই দিছিল। ডাম্পাৰত কঢ়িয়াই অনা আঠটাকৈ মৃতদেহ সেই গাঁতটোত সমাধিস্থ কৰা হৈছিল।

ৰাজ্য চৰকাৰে উক্ত কাৰ্যত জড়িত লোককেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে যদিও এই ঘটনাই মানৱতাক লজ্জিত কৰি তুলিছে।

অন্ধ্ৰ প্ৰদেশৰ এই শেহতীয়া ঘটনাতো দেশৰ সচেতন নাগৰিকসকলে মানৱতাৰ অপমৃত্যু লক্ষ্য কৰি চৰকাৰক ধিক্কাৰ দিছে।

Tags: COVID-19

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd