• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উফন্দি উঠিছে ব্ৰহ্মপুত্ৰকে ধৰি ইয়াৰ উপনৈসমূহ; ৰাজ্যত বানত এতিয়ালৈকে ১৫ জন লোকৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2023 12:01 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

বান পৰিস্থিতিয়ে ৰাজ্যত পুনৰ উদ্বেগৰ সৃষ্টি কৰিছে। প্ৰায় দুই লাখ লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যৰ বিভিন্ন অঞ্চল নৈসমূহৰ বাঢ়নী পানীত ডুব গৈছে। চলিত বৰ্ষত ৰাজ্যখনত এই পৰ্যন্ত বানত ১৫ জন লোকৰ মৃত্যু হৈছে।

সোমবাৰে অসম চৰকাৰে প্ৰকাশ কৰা বুলেটিনত কোৱা হৈছে যে ৰাজ্যখনৰ বানত ১ লাখ ৯০ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। সোমবাৰে এজন লোকৰ মৃত্যু হয়। ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ কেইবাখনো নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। নদীৰ পাৰৰ গাঁওবোৰ পানীত বুৰ গৈছে। বহু লোকে ঘৰ এৰি চৰকাৰী সাহায্য শিবিৰত আশ্ৰয় ল’বলৈ বাধ্য হৈছে।

লগতে পঢ়ক: ইছৰোৰ আদিত্য এল ১ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক

ব্ৰহ্মপুত্ৰৰ পানী কিছুমান ঠাইত বিপদসীমাৰ ওপৰেৰে বৈ আছে। গুৱাহাটী আৰু যোৰহাটত ব্ৰহ্মপুত্ৰৰ ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্যোগ সঁহাৰি বাহিনীয়ে কাম কৰি আছে। তেওঁলোকে জনোৱা মতে, এই মুহূৰ্তত অসমৰ মুঠ ১৭খন জিলা বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে লখিমপুৰ। ইয়াৰ পিছতে আছে ধেমাজি। এই দুই জিলাত ৪০ হাজাৰৰো অধিক লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাহায্য শিবিৰ মুকলি কৰিছে। এতিয়ালৈকে ৪৫টা সাহায্য প্ৰদান কৰা হৈছে আৰু প্ৰায় ৫০০ লোকে সেই শিবিৰত আশ্ৰয় লৈছে। ব্ৰহ্মপুত্ৰৰ উপৰি বেকী, দিছাং, দিখৌ, সুৱনশিৰি নদীয়ে বিপদ সীমা অতিক্ৰম কৰিছে। ৰাজ্যৰ ৮ হাজাৰ হেক্টৰৰো অধিক কৃষিভূমি বানপানীৰ বাবে পানীৰ তলত।

বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা জিলা কেইখন হৈছে বিশ্বনাথ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, মৰিগাঁও, নগাঁও, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তামুলপুৰ আৰু ওদালগুৰি।

লগতে পঢ়ক: ইতিহাসত প্ৰথমবাৰৰ বাবে পাকিস্তানত ভাৰতীয় মিছনৰ নেতৃত্ব দিব এগৰাকী মহিলাই

লখিমপুৰত ৪৭,৩৩৮ লোক ক্ষতিগ্ৰস্ত হোৱাৰ পিছতে ধেমাজিত বানপানীৰ কবলত পৰিছে ৪০,৯৯৭ লোক, গোলাঘাটত ২৭,৮৬৯ জন লোক আৰু শোণিতপুৰ জিলাত বানপানীৰ বাবে ২১,৪৩৫ লোক ক্ষতিগ্ৰস্ত হৈছে।

বৰ্তমান ৫২২ খন গাঁও বানপানীৰ কবলত পৰাৰ লগতে সমগ্ৰ অসমৰ ক্ষতিগ্ৰস্ত জিলাসমূহত ৮,০৮৬ হেক্টৰৰো অধিক শস্যৰ ক্ষতিসাধন হৈছে।

নিজ নিজ জিলা প্ৰশাসনে চিৰাং, ধেমাজি, লখিমপুৰ আৰু শোণিতপুৰ জিলাত মুঠ ৪৭ টা সাহায্য শিবিৰ আৰু ৪৫ টা সাহায্য বিতৰণ কেন্দ্ৰ চলাই আছে য’ত ৪২৭ জন স্থানচ্যুত লোকে আশ্ৰয় লৈছে।

লগতে পঢ়ক: নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ বিজেপি নেতাৰ ইক’ ৰিজ’ৰ্টৰ পৰা জব্দ হৰিণৰ মাংস

বিগত কিছুদিন ধৰি ৰাজ্যত চলি থকা অবিৰত বৰষুণৰ ফলত বহু নদী উফন্দি উঠিছে। বৰষুণ বন্ধ নহ’লে বান পৰিস্থিতিৰ উন্নতিৰ সম্ভাৱনা নাই।

Recent News

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

মহাকাশত ভাৰতৰ সুৰক্ষাৰ বাবে ১০টা কৃত্ৰিম উপগ্ৰহ সক্ৰিয়! দেশৰ নিৰাপত্তাত কি ভূমিকা ইছৰোৰ?

মহাকাশত ভাৰতৰ সুৰক্ষাৰ বাবে ১০টা কৃত্ৰিম উপগ্ৰহ সক্ৰিয়! দেশৰ নিৰাপত্তাত কি ভূমিকা ইছৰোৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd