কোভিড হটস্পটত পৰিণত কলকাতা: ২৪ ঘণ্টাত ১০০ ৰো অধিক চিকিৎসক কোভিডত আক্ৰান্ত

দেশৰ আন কেইবা খনো ৰাজ্যৰ লগতে পশ্চিবংগতো শেহতীয়াকৈ কোভিডে কালান্তক ৰূপ ধাৰণ কৰিছে।

এনে পৰিস্থিতিত ৰাজ্য খনৰ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰে ৰাজ্য খনত একপ্ৰকাৰৰ মিনি লকডাউন সদৃশ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

পশ্চিমবংগৰ ৰাজধানী চহৰ কলকাতাত শেহতীয়াকৈ কোভিডে আক্ৰান্ত কৰিছে স্বাস্থ্য ক্ষেত্ৰৰ সৈতে জৰিত বহু লোকক।

প্ৰাপ্ত তথ্য অনুসৰি কলকাতাত শেহতীয়াকৈ বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১০০ ৰো অধিক চিকিৎসক। এই কথাই এতিয়া উদ্বিগ্ন কৰি তুলিছে মমতাৰ চৰকাৰক।

কলকাতাৰ তিনিখন পৃথক চিকিৎসালয়ৰ ১০০ ৰো অধিক চিকিৎসকে ২৪ ঘণ্টাত এনেদৰে কোভিডত আক্ৰান্ত হৈছে।

কলিকতা ৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰায় ৭০ জন চিকিৎসক, কালিঘাটৰ চিত্তৰঞ্জন সেৱা সদন আৰু শিশু সদন চিকিৎসালয়ৰ ২৪ জন চিকিৎসক আৰু আঞ্চলিক অফিলম প্ৰতিষ্ঠানৰ ১২ জন চিকিৎসক কোভিডত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে।

স্বাস্থ্য বিভাগৰ এক বুলেটিনত কোৱা হৈছে যে দেওবাৰে কলকাতাত ৬,১৫৩ টা কোভিড সংক্ৰমণৰ ঘটনা নথিভুক্ত হৈছে। ৰাজ্যখনে শনিবাৰে ৪,৫১২ টা কোভিড-১৯ সংক্ৰমণৰ ঘটনা নথিভুক্ত কৰিছিল। কেৱল কলকাতাতে আক্ৰান্ত হৈছিল ২,৩৯৮ গৰাকী লোক।

দেওবাৰে কৰোনা ভাইৰাছৰ কলকাতাত ফলত আঠজন লোকৰ মৃত্যু হৈছিল, আনহাতে আগদিনা নজন ৰোগীৰ মৃত্যু হৈছিল।