• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আধাৰ-সংযোগ : ১৭ কোটিতকৈ অধিক পান কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিব পাৰে অচিৰেই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 9, 2020 9:38 pm

2 min read

Aadhaar-and-PAN-link-750x375
15.5k
VIEWS
Share on FacebookShare on Twitter

আয়কৰ বিভাগে অচিৰেই দেশৰ ১৭ কোটিতকৈ অধিক পান কাৰ্ড নিষ্ক্ৰিয় কৰিব পাৰে।

বিভাগটোৱে দেশৰ সকলো পানকাৰ্ডধাৰীক তেওঁলোকৰ পান কাৰ্ড আধাৰৰ সৈতে সংযোগ কৰিবলৈ এতিয়ালৈকে বহুকেইবাৰ জাননী দিলে যদিও ১৭ কোটিতকৈ অধিক কাৰ্ডধাৰীয়ে এতিয়াও সেয়া কৰা নাই।

জানিব পৰামতে, আয়কৰ বিভাগে ইয়াৰ বাবে সময়সীমা ৮বাৰকৈ বৃদ্ধি কৰিছে।

বিত্ত বিধেয়ক, ২০১৯ (Finance Bill, 2019)-ৰ সংশোধনৰ পিছত আয়কৰ বিভাগক এই আধাৰ সংযোগবিহীন কাৰ্ডবোৰ নিষ্ক্ৰিয় কৰাৰ অনুমতি দিছে।

“যদি এজন ব্যক্তিয়ে আধাৰ নম্বৰ সংযোগ কৰাত ব্যৰ্থ হৈছে, তেনে ব্যক্তিৰ বিপৰীতে থকা পান নম্বৰ জাননীত দিয়া তাৰিখৰ পিছত নিয়ম অনুযায়ী নিষ্ক্ৰিয় কৰা হ’ব”, আয়কৰ আইনৰ ধাৰা 139AA দফা 41-ত এইদৰে কোৱা হৈছে।

সংশোধনটো ২০১৯ চনৰ ১ ছেপ্টেম্বৰৰ পৰা কাৰ্য্যকৰী হৈছে।

ইয়াৰ পৰা স্পষ্ট হয় যে এই নিষ্ক্ৰিয়কৃত পান কাৰ্ডবোৰ আধাৰ সংযোগ নকৰিলে কামত নহা হৈ পৰিব।

বিত্ত দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে লোকসভাত দিয়া তথ্যমতে, জানুৱাৰি মাহলৈকে ৩০.৭৫ কোটি পান কাৰ্ড আধাৰৰ সৈতে সংযোগ কৰা হৈছে।

সংযোগবিহীন হৈ থকা পান কাৰ্ডৰ সংখ্যা ১৭.৫৮ কোটি।

বিভাগটোৱে পান কাৰ্ডৰ সৈতে আধাৰ সংযোগৰ সময়সীমা শেহতীয়াকৈ ২০১৯ চনৰ ৩১ ডিচেম্বৰ কৰিছিল যদিও ইয়াক পুনৰ বৃদ্ধি কৰি ২০২০ চনৰ ৩ মাৰ্চ কৰিছে।

“বৰ্ধিত সময়ছোৱাই পানকাৰ্ডধাৰী লোকসকলক উপকৃত কৰিব, কাৰণ তেওঁলোকে তাৰ বাবে প্ৰয়োজনীয় কিছু অতিৰিক্ত সময় পাব”, ঠাকুৰৰ মন্তব্য।

আয়কৰ বিভাগৰ তথ্য মতে, ভাৰতত ৪৮ কোটিতকৈ অধিক লোকৰ পান কাৰ্ড আছে। ইয়াৰ বিপৰীতে ১২০ কোটিতকৈ অধিক লোকৰ আধাৰ কাৰ্ড আছে।

আধাৰ সংযোগ কৰা হ’লে আয়কৰ সম্পৰ্কীয় কামত দুয়োটা পৰিচয়বাহক কাৰ্ড পৰস্পৰ ঠাইত ব্যৱহাৰ কৰিব পৰা যাব। যদি দুয়োটা সংযোগ কৰা নহয়, আৰু আপুনি যদি পান কাৰ্ডৰ ঠাইত আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আছে, তেন্তে আয়কৰ বিভাগে আপোনাৰ বাবে স্বয়ংক্ৰিয়ভাৱে এটা নতুন পান কাৰ্ড জাৰি কৰিব পাৰে।

Recent News

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd