NORTHEAST NOW (Assamese)

আজি ৬০০ৰো অধিক উগ্ৰপন্থী সদস্যই এৰিব অস্ত্ৰ-শস্ত্ৰ

January 23, 2020 11:22 am · এন ই নাও নিউজ
Updated: January 23, 2020 11:32 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

আজি গুৱাহাটীৰ জি এম চি এইচ্চৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত ৰাজ্যখনৰ কেইবাটাও উগ্ৰপন্থী সংগঠনৰ ৬০০ ৰো অধিক সদস্যই আনুষ্ঠানিকভাৱে অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰিব।

আত্মসমৰ্পণ কৰিব লগীয়া উগ্ৰপন্থী সদস্য সকল আলফা, এন ডি এফ বি, এন এছ এল ও, কে এল ও, এন এল এফ বি আৰু আদিবাদী ড্ৰেগন ফ’ৰ্চ সংগঠনৰ বুলি এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

‘বৃহস্পতিবাৰে গুৱাহাটীত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত মুঠ ৬৪৪ গৰাকী উগ্ৰপন্থী সদস্যই অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰিব। বৃহৎ সংখ্যক অস্ত্ৰ-শস্ত্ৰৰ সৈতে তেওঁলোক মূল সুঁতিলৈ ঘূৰি আহিছে আৰু বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে তেওঁলোকে আত্মসমৰ্পণ কৰিব’। আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ মন্তব্য।

উল্লেখ্য যে অলপতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে এন ডি এফ বিৰ অধ্যক্ষ বি চাওৰাইগৱৰাই যুদ্ধ বিৰতি চুক্তিত স্বাক্ষৰ কৰিছিল।

এই চুক্তিৰ পিছৰে পৰা ৰাজ্যৰ আৰক্ষী প্ৰশাসনে সকলো উগ্ৰপন্থী সংগঠনকে মূল সুঁতিলৈ ঘূৰি আহি চৰকাৰৰ সৈতে শান্তি আলোচনাত অংশ ল’বলৈ আহ্বান জনাইছিল।

Related News