আলফা (স্বাঃ)ৰ অ’ভাৰগ্ৰাউণ্ড ক্ৰিয়াকলাপ বৃদ্ধি হোৱাৰ কথা স্বীকাৰ গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ

গুৱাহাটীৰ ১৫ মে’ৰ গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত ৫জনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ পিছত আজি গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে এখন সংবাদমেল দি কেতবোৰ গুৰুত্বপূৰ্ণ দিশ ৰাজহুৱা কৰিছে।

আলফা স্বাধীনৰ অভাৰ গ্ৰাউণ্ড ক্ৰিয়াকলাপ যথেষ্ট বৃদ্ধি হোৱাৰ কথাটো স্পষ্ট হৈ পৰে আয়ুক্তজনৰ ভাষ্যত।

“আলফাৰ বিচাৰধাৰা প্ৰচাৰ কৰিবলৈ শিক্ষিত লোকৰ দৰকাৰ হয়। বহুতে সমাজৰ সন্মানীয় অৱস্থানত থাকি আলফাৰ শীৰ্ষ নেতৃত্বৰ সৈতে যোগাযোগ ৰক্ষা কৰি থাকে। এওঁলোকে অ’ভাৰগ্ৰাউণ্ডত কাম কৰি আছে” সংবাদ মাধ্যমৰ আগত ঘটনাটোৰ আঁতি-গুৰি ফঁহিয়াই দেখুৱাবলৈ চেষ্টা কৰা আয়ুক্ত দীপক কুমাৰৰ ভাষ্য।

তেওঁ লগতে কয় গোটেই ছেৱেন ছিষ্টাৰ্ছ লগ লাগি ভাৰতৰ পৰা পৃথক হোৱাৰ বাবে গোটেই সাতখন ৰাজ্যৰ পৰা সহানুভূতি আদায়ৰ চেষ্টা চলিছে। “অপাৰেইশ্যন ছেৱেন ছিষ্টাৰ্ছ” শীৰ্ষক ফেইচবুক অভিযানৰ প্ৰসংগ টানি আযুক্তজনে এইদৰে কয়।

তেওঁ সমগ্ৰ ঘটনাৰ পুংখানুপুংখ তদন্ত কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে।

সুৰক্ষাকৰ্মীৰ ওপৰতহে আক্ৰমণৰ পৰিকল্পনা কৰিছিল বুলি কৰা আলফা স্বাধীনৰ দাবী সন্দৰ্ভত কয় যে বিস্ফোৰণটোৰ ফলত অসামৰিক লোকহে বেছি আঘাতপ্ৰাপ্ত হৈছে। তেওঁ কয়, “যদি সুৰক্ষাকৰ্মীৰ ওপৰত কৰিব বিচাৰিছিল মলৰ সন্মুখত কিয় কৰিছিল? গতিকে আলফাৰ কাম অসমৰ ৰাইজৰ বিৰুদ্ধে গৈছে”।

ঘটনাটো সন্দৰ্ভত কেন্দ্ৰীয় গৃহ দপ্তৰে নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি আছে বুলি জানিবলৈ দি কুমাৰৰ মন্তব্য “কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে নিৰন্তৰ পৰ্য্যালোচনা কৰি আছে। কোনো মানুহ যাতে সাৰি যাব নোৱাৰে তেনেকৈ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। যিমানেই ডাঙৰ মানুহ হওক, বুদ্ধিজীৱী হওক জড়িত থকাৰৰ প্ৰমাণ পালে কাকো ৰেহাই নিদিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে নিৰ্দেশ দিছে।”

যিমানেই ডাঙৰ মানুহ নহওক জড়িত সকলোৰে বিৰুদ্ধে “কঠোৰ পদক্ষেপ” লোৱা হ’ব বুলি ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াজনে সকীয়াই দিয়ে।

উল্লেখযোগ্য যে ঘটনাটোত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে এতিয়ালৈ পাঁচজনক গ্ৰেপ্তাৰ কৰিলে। প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াৰ পাছত শুকুৰবাৰে আৰক্ষীৰ জালত পৰিছে আলফাৰ বোমা বিশেষজ্ঞ বুলি আৰক্ষীয়ে দাবী কৰা গোলাঘাটৰ অমিত বল্লভ গোস্বামী, নগাঁৱৰ ইন্দ্ৰমোহন বৰা আৰু গুৱাহাটীৰ চিন্ময় লহকৰ।