ক্ৰয় নকৰাকৈয়ে হওক গাড়ীৰ গৰাকী; মাৰুতিয়ে দিছে এই সুবিধা

WhatsApp Image 2020-08-30 at 10.21.07 AM

গাড়ী কিনাৰ সপোন সকলোৰে থাকে যদিও বহুতেই পইচাৰ অভাৱত সেই সসপোন পূৰণ কৰিব নোৱাৰে।

এনে লোকসকলক মাৰুতি চুজুকিয়ে  ক্ৰয় নকাৰকৈয়ো গাড়ীৰ গৰাকী হোৱাৰ সুযোগ দি আছে।

প্ৰকৃততে, কোম্পানীটোৱে মাৰুতি চুজুকি ছাবস্ক্ৰাইব নামেৰে এটা কাৰ্যসূচী আৰম্ভ কৰিছে।

এই কাৰ্যসূচীৰ অধীনত আপুনি নতুন ছুইফট ডিজায়াৰ, ভিটাৰা ব্ৰিজা, আৰ্টিগা, বলেন’ এক্স এল ৬ আৰু ছিয়াজ ১২ মাহ, ১৮মাহ, ২৪ মাহ,৩০মাহ,৩৬মাহ,৪২মাহ আৰু ৪৮মাহৰ বাবে ছাবস্ক্ৰাইব কৰিব পাৰে।

সহজ ভাষাত এই সময়ছোৱাৰ বাবে আপুনি গাড়ী নিজৰ ঘৰলৈ লৈ যাব পাৰে। কোম্পানীৰ ফালৰ পৰা গাড়ী আৰু সময় বাচনি কৰাৰ স্বাধীনতা দিয়া হৈছে। অৰ্থাৎ আপুনি নিজৰ ইচ্ছামতে গাড়ীখন ঘৰলৈ লৈ যাব পাৰে।

এই সুবিধাৰ বাবে গ্ৰাহকৰ পৰা কোনো মেইনটেনেন্স খৰচ বা বীমা খৰচ আদায় কৰা নহয়। সেইদৰে ইয়াৰ বাবে ডাউন পেমেন্ট দিয়াৰো প্ৰয়োজন নাই।

মাত্ৰ গ্ৰাহকে গাড়ীখনৰ ভাড়া দিব লাগিব। ছাবস্ক্ৰিপশ্যনৰ সময় সম্পূৰ্ণ হোৱালৈকে গ্ৰাহকে বাইবেক অপশ্যনৰ সুবিধাও লাভ কৰিব।

এই সুবিধা গ্ৰহণ কৰিব বিচাৰিলে আপুনি প্ৰয়োজনীয় নথি লগত লৈ ওচৰৰ ডীলাৰৰ তাত যাব লাগিব।

তাত https://www.marutisuzuki.com/subscribe ৱেবছাইটত গৈ আপুনি আবেদন দাখিল কৰিব পাৰে।

ফৰ্মখনত আপোনাৰ ফোন নম্বৰৰ লগতে আন প্ৰয়োজনীয় তথ্যপাতি দিব লাগিব। ইয়াৰ পাছত কোম্পানীয়ে আপোনাৰ সৈতে সম্পৰ্ক কৰিব ।

অৱশ্যে, বৰ্তমান এই সুবিধা কেবল বেংগালুৰু, পুনে, হায়দৰাবাদ আৰু গুৰগাঁৱত আৰম্ভ কৰা হৈছে আৰু পাছলৈ আন ঠাইতো এই সুবিধা আগবঢ়োৱা হ’ব।