আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰীৰ বেচৰকাৰী সংস্থা (এনজিঅ’) ‘অক্সফাম ইণ্ডিয়া’ই অসমৰ ঐতিহ্যমণ্ডিত চাহ উদ্যোগৰ বিৰুদ্ধে এক নেতিবাচক আৰু বিদ্বেষপূৰ্ণ প্ৰচাৰ চলোৱাৰ লগতে সংস্থাটো বিদেশী নীতিৰ এক সম্ভাব্য আহিলা হিচাপে ব্যৱহাৰ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় চৰকাৰে। দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা এক গুৰুত্বপূৰ্ণ শপতনামাত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জানিবলৈ দিয়ে যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা আৰু কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডৰ (CBDT) অনুসন্ধানত এই সংস্থাই ‘বিদেশী বৰঙণি নিয়ন্ত্ৰণ আইন’ (FCRA) উলংঘা কৰাৰ স্পষ্ট তথ্য পোহৰলৈ আহিছে। দেশৰ অৰ্থনৈতিক স্বাৰ্থৰ পৰিপন্থী কাৰ্যকলাপত লিপ্ত থকাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে সংস্থাটোৰ এফচিআৰএ পঞ্জীয়ন নবীকৰণৰ আবেদন খাৰিজ কৰা বুলি ন্যায়ালয়ক আনুষ্ঠানিকভাৱে অৱগত কৰে।
গৃহ মন্ত্ৰালয়ে আদালতক জনোৱা অনুসৰি, অক্সফাম ইণ্ডিয়াই অসমৰ চাহ উদ্যোগৰ বিৰুদ্ধে সংবাদ মাধ্যমত পক্ষপাতদুষ্ট মন্তব্য আৰু নেতিবাচক প্ৰচাৰ চলাই ভাৰতীয় চাহ খণ্ডৰ অপূৰণীয় ক্ষতিসাধন কৰিছিল। এই কাৰ্যৰ মূল উদ্দেশ্য ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ আৰু এক অপ্ৰত্যাশিত উত্তেজনাৰ সৃষ্টি কৰা আছিল বুলিও মন্ত্ৰালয়ে সন্দেহ প্ৰকাশ কৰিছে। ইয়াৰ উপৰি, সংস্থাটো কেৱল সামাজিক কাৰ্যসূচী ৰূপায়নৰ বাবেহে পঞ্জীয়নভুক্ত আছিল যদিও ই স্থানীয় ট্ৰেড ইউনিয়নসমূহৰ সহযোগত কয়লা উদ্যোগৰ বিৰুদ্ধে জনমত গঠন কৰিবলৈ আন এটা বেচৰকাৰী সংস্থাক পুঁজি যোগান ধৰিছিল। গৃহমন্ত্ৰালয়ৰ মতে, এনে কাৰ্যকলাপ এফচিআৰএ-ৰ ঘোষিত উদ্দেশ্যৰ সৈতে কোনোকালেই সংগতিহীন আৰু ই দেশৰ অৰ্থনৈতিক প্ৰগতিৰ ক্ষেত্ৰত হেঙাৰস্বৰূপ। বিদেশী চৰকাৰ আৰু বহুজাতিক সংগঠনৰ সৈতে নিয়মীয়া যোগাযোগ ৰাখি ভাৰত চৰকাৰৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় চাপ সৃষ্টি কৰাৰো অভিযোগ উত্থাপন হৈছে এনজিঅ’টোৰ বিৰুদ্ধে।
ইফালে, অক্সফাম ইণ্ডিয়াই কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰা সকলো অভিযোগ দৃঢ়তাৰে অস্বীকাৰ কৰি ন্যায়ালয়ত নিজৰ পক্ষ সমৰ্থন কৰিছে। বিদেশী ৰাষ্ট্ৰদূত বা কূটনৈতিক মিছনৰ সৈতে যোগাযোগ কৰাৰ সন্দৰ্ভত সংস্থাটোৱে কয় যে বিদেশী দাতা সংস্থাসকলে নিৰ্দিষ্ট সামাজিক উদ্দেশ্যৰ বাবেহে অনুদান প্ৰদান কৰিছিল। সেই অনুদানৰ ব্যৱহাৰ আৰু স্থিতি সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰহে তেওঁলোকৰ অনুৰোধমৰ্মে ভাৰতত থকা কূটনৈতিক মিছনক জনোৱা হৈছিল, যাৰ বাবে ইয়াক এক স্বাভাৱিক প্ৰক্ৰিয়া হিচাপে গণ্য কৰা উচিত। একেদৰে, অসমৰ চাহ উদ্যোগৰ প্ৰসংগত সংস্থাটোৱে স্পষ্ট কৰে যে তেওঁলোকে ২০১৯ চনত মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ছচিয়েল ছায়েন্সেছৰ (TISS) এক প্ৰতিবেদনৰ আধাৰত চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি বৃদ্ধিৰ বাবেহে এক শান্তিপূৰ্ণ প্ৰচাৰ চলাইছিল। এই প্ৰচাৰৰ ফলস্বৰূপে পৰৱৰ্তী সময়ত ২০২২ চনত চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি পাইছিল বুলিও সংস্থাটোৱে দাবী কৰে। কয়লা উদ্যোগৰ বিৰুদ্ধে ‘এনভাইৰোনিক্স ট্ৰাষ্ট’ নামৰ সংস্থাক ধন যোগান ধৰাৰ অভিযোগ খণ্ডন কৰি অক্সফাম ইণ্ডিয়াই কয় যে উক্ত ট্ৰাষ্টে অৱশ্যে ধনৰ অনুৰোধ কৰিছিল, কিন্তু তেওঁলোকক কোনো পুঁজি হস্তান্তৰ কৰা হোৱা নাছিল।
প্ৰণিধানযোগ্য যে ২০২২ চনৰ ১ জানুৱাৰীত সমগ্ৰ দেশৰ প্ৰায় ৫,৯৩২ টা বেচৰকাৰী সংস্থাৰ এফচিআৰএ পঞ্জীয়নৰ ম্যাদ অন্ত পৰিছিল, যাৰ ভিতৰত অক্সফাম ইণ্ডিয়াও অন্যতম আছিল। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সংস্থাটোৰ পঞ্জীয়ন নবীকৰণৰ আবেদন খাৰিজ কৰাৰ পিছত অক্সফাম ইণ্ডিয়াই দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। ইয়াৰ পূৰ্বে ২০২২ চনৰ নৱেম্বৰ মাহত আদালতে কেন্দ্ৰীয় চৰকাৰক এই সন্দৰ্ভত ছয় সপ্তাহৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত ল’বলৈ নিৰ্দেশ দিছিল, যাৰ পৰিপ্ৰেক্ষিতত ২০২২ চনৰ ডিচেম্বৰ মাহত গৃহ মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে আবেদনখন নাকচ কৰে। চৰকাৰী পক্ষৰ মতে, ইউনিচেফৰ পুঁজি ব্যৱহাৰত খেলিমেলি, প্ৰশাসনিক ব্যয় ২০ শতাংশতকৈ অধিক হোৱা আৰু অনুমতি অবিহনে অন্য সংস্থালৈ ধন হস্তান্তৰ কৰাৰ দৰে কাৰ্যৰ বাবেই এই শাস্তিমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছিল।
বৰ্তমান সময়ত এই জটিল আইনী যুদ্ধ অব্যাহত থকাৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাই আদালতক জনাইছে যে অক্সফাম ইণ্ডিয়াই নতুনকৈ এফচিআৰএ পঞ্জীয়নৰ বাবে কৰা আবেদনখন বৰ্তমান গৃহ মন্ত্ৰালয়ৰ সক্ৰিয় বিবেচনাধীন হৈ আছে। ইয়াৰ পূৰ্বে চৰকাৰে কোনো ধৰণৰ পূৰ্বাগ্ৰহ নোহোৱাকৈ নতুন আবেদনখন পৰীক্ষা কৰিবলৈ সম্মতি প্ৰকাশ কৰিছিল। সমগ্ৰ বিষয়টো বৰ্তমান দিল্লী উচ্চ ন্যায়ালয়ৰ মজিয়াত বিচাৰাধীন হৈ থকাৰ বাবে পৰৱৰ্তী আইনী শুনানিলৈ দেশৰ আইনী আৰু সামাজিক খণ্ডৰ সকলোৱে তীক্ষ্ণ দৃষ্টি ৰাখিছে।





