• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘পি জৈন আৰু পি জৈন’ক লৈ বাকযুদ্ধ তুংগত মোদী আৰু অখিলেশ যাদৱৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 29, 2021 11:10 am
Modi vs akhilesh yadav
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুজন মানুহ; দুয়োজনৰে নামৰ প্ৰথম আখৰ ‘প’ আৰু উপাধিও একেই, জৈন। উত্তৰ প্ৰদেশৰ কনৌজৰ একেটা চুবুৰীৰে চুবুৰীয়া দুয়োজন।দুয়োজনৰ ব্যৱসায়ো একেই, সুগন্ধি অৰ্থাৎ পাৰফিউমৰ ব্যৱসায় কৰে দুয়ো জৈনে। এই দুই জৈন এতিয়া উত্তৰ প্ৰদেশৰ প্ৰতিদ্বন্দিতাপূৰ্ণ নিৰ্বাচনী প্ৰচাৰত শাসক-বিৰোধীৰ নিৰ্বাচনী যুঁজৰ আহিলা হৈ পৰিছে।

উল্লেখ্য এওঁলোক দুই জৈনৰ এজন পীয়ুষ জৈনৰ সম্পত্তিৰ ওপৰত জিএছটি কৰ্তৃপক্ষৰ অভিযানত নগদ ১৯৪ কোটি টকা উদ্ধাৰ কৰাৰ পিছতে প্ৰধানমন্ত্ৰী মোদী আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ মাজত তীব্ৰ বাকযুদ্ধৰ সূত্ৰপাট হৈছে।

Apply Now

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অভিযানক লক্ষ্য কৰি সমাজবাদী পাৰ্টিৰ বিৰুদ্ধে তেওঁলোকৰ শাসনকালত সমগ্ৰ উত্তৰ প্ৰদেশত “দুৰ্নীতিৰ সুগন্ধি” ছটিয়াই দিয়াৰ অভিযোগ উত্থাপন কৰে।

আনহাতে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে কয় যে কেন্দ্ৰীয় কৰ্তৃপক্ষই ভুল জৈনত তালাচী চলাইছিল। এই জৈনৰ বিজেপিৰ সৈতে সম্পৰ্ক আছে। তেওঁ কয় যে সমাজবাদী পাৰ্টিৰ জৈন হৈছে পুষ্পৰাজ পাম্পি জৈন আৰু তেওঁৰ শেহতীয়া সুগন্ধি অখিলেশ যাদৱে যোৱা মাহত মুকলি কৰিছিল। এই পাৰফিউমক তেওঁ “সমাজবাদী ইত্ৰা” বুলি অভিহিত কৰিছিল।

সূত্ৰ অনুসৰি, পীয়ুষ জৈন এজন ল’-প্ৰফাইল ব্যৱসায়ী যি এক নিয়ন্ত্ৰিত জীৱনশৈলী বজাই ৰাখে। সোমবাৰে কানপুৰৰ এখন আদালতে কৰ ফাঁকিৰ গোচৰত চহৰখনত অৱস্থিত ৫০ বছৰীয়া ব্যক্তিজনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। তেওঁৰ পৰা জব্দ কৰা নগদ ধনৰ ছবি ভাইৰেল হৈছিল।

আনহাতে, ৬০ বছৰীয়া পুষ্পৰাজ জৈনক কনৌজত এজন সমাজহিতৈষী বুলি কোৱা হয়।

কানপুৰ মেট্ৰ’ ৰে’ল প্ৰকল্প উদ্বোধন কৰাৰ পিছত এখন ৰাজহুৱা সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে পীয়ুষ জৈনৰ ওপৰত চলোৱা অভিযানৰ কথা উল্লেখ কৰি কয়, “২০১৭ চনৰ আগতে সমাজবাদী পাৰ্টিয়ে সমগ্ৰ উত্তৰ প্ৰদেশত ছটিয়াই দিয়া দুৰ্নীতিৰ সুগন্ধি সকলোৱে চাবলৈ আছে। কিন্তু এতিয়া তেওঁলোকে মুখ বন্ধ ৰাখিছে আৰু কৃতিত্ব ল’বলৈ আগবাঢ়ি অহা নাই। সমগ্ৰ ৰাষ্ট্ৰই দেখা নোটৰ পাহাৰটোৱেই তেওঁলোকৰ কৃতিত্ব আৰু বাস্তৱ।”

ইয়াৰ পিছতে উন্নাওত সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশে দাবী কৰিছিল যে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ প্ৰকৃত লক্ষ্য আছিল পুষ্পৰাজ জৈন। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অভিযানত উদ্ধাৰ হোৱা ধন সমাজবাদী পাৰ্টি আৰু দলটোৰ বাবে সুগন্ধি প্ৰস্তুত কৰা এজন ব্যৱসায়ীৰ সৈতে সম্পৰ্কিত বুলি অভিযোগ কৰাৰ পিছত অখিলেশ যাদৱে ইয়াতকৈ ডাঙৰ মিছা কথা নাই বুলি মন্তব্য কৰে।

অখিলেশে কয়, “পুষ্পৰাজ জৈনেই আমাৰ বাবে সুগন্ধি প্ৰস্তুত কৰিছিল। তেওঁলোকে সংবাদ মাধ্যমৰ জৰিয়তে বিজ্ঞাপন দিছিল যে অভিযান চলাই থকা ব্যক্তিজন সমাজবাদী পাৰ্টিৰ। আবেলিলৈকে সাংবাদিকসকলে বুজি পাইছিল যে অভিযান চলাই থকা ব্যক্তিজনৰ আমাৰ দলৰ সৈতে কোনো সম্পৰ্ক নাই। তাৰ পিছত তেওঁলোকে তেওঁলোকৰ বিবৃতিও সলনি কৰিলে”

অভিযানটো ভুলতে তেওঁলোকৰ নিজৰ ব্যক্তিৰ বিৰুদ্ধে কৰা বুলি উল্লেখ কৰে অখিলেশ যাদৱে পিয়ুষ জৈনৰ ফোন কলৰ বিৱৰণ উলিয়ালেই বিজেপিৰ লোকসকলৰ নাম বিচাৰি পাব বুলি মন্তব্য কৰে।

জিএছটি কৰ্তৃপক্ষই জনোৱা অনুসৰি, কানপুৰ আৰু কনৌজৰ পীয়ুষ জৈনৰ সৈতে সম্পৰ্কিত সম্পত্তিৰ তালাচী অভিযানত ১৯৪ কোটিৰো অধিক ধন আৰু ২৩ কিলোগ্ৰাম সোণৰ উদ্ধাৰ কৰা হৈছে। অভিযানত উদ্ধাৰ হোৱা নগদ ধনৰ ফটোবোৰে পীয়ুষৰ কনৌজৰ পৰিয়ালৰ ঘৰৰ ওচৰৰ স্থানীয় বাসিন্দাসকলক বিস্মিত কৰি তুলিছে।

তেওঁলোকৰ মতে, পীয়ুষ আৰু তেওঁৰ সৰু ভায়েক আম্ব্ৰীশে জৈন পথত তেওঁলোকৰ পিতৃ-মাতৃৰ ঘৰৰ পৰা পাৰিবাৰিক ব্যৱসায় চলাই ছিল। “প্ৰায় দুই দশক আগতে পীয়ুষে তেওঁৰ পৰিয়ালৰ সৈতে কানপুৰলৈ স্থানান্তৰিত হৈছিল আৰু তেওঁৰ বাসগৃহৰ পৰা এটা নতুন সুগন্ধি ব্যৱসায় মুকলি কৰিছিল। কেইবছৰমানৰ পিছত, আম্ব্ৰীশেও তেওঁৰ পৰিয়ালৰ সৈতে কানপুৰলৈ স্থানান্তৰিত হয়।” এজন ব্যক্তিয়ে কয়।

“আমি পীয়ুষ জৈন আৰু তেওঁৰ পৰিয়ালক জানো। পৰিয়ালৰ কোনেও কেতিয়াও কোনো ৰাজনৈতিক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা নাছিল, তেওঁলোকে ইমান বৃহৎ পৰিমাণ ক’ৰ পৰা পাইছিল আমাৰ কোনো ধাৰণা নাই।” কনৌজ পাৰফিউম এছ’চিয়েশ্যনৰ সভাপতি পৱন ত্ৰিবেদীয়ে কয়।

যদিও অভিযানৰ পিছত পীয়ুষ জৈনৰ পৰিয়ালে কোনো মন্তব্য কৰা নাই, কানপুৰ আৰু কনৌজৰ আৰক্ষীয়ে ব্যৱসায়ীজনৰ কাৰ্যকলাপৰ বিষয়ে কোনো তথ্য দিবলৈ অস্বীকাৰ কৰিছে।

আনহাতে পুষ্পৰাজ জৈন ২০১৬ চনত ইটাৱা-ফাৰুখাবাদৰ পৰা বিধান পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। লগতে তেওঁ ১৯৫০ চনত তেওঁৰ দেউতাক স্বেভাল জৈনে আৰম্ভ কৰা প্ৰগতি এৰোমা অইল ডিষ্টিলাৰ্ছ প্ৰাইভেট লিমিটেডৰ ব্যৱসায় সম্প্ৰসাৰণ কৰে।

২০১৬ চনত তেওঁৰ নিৰ্বাচনী শপতনামা অনুসৰি পুষ্পৰাজজ আৰু তেওঁৰ পৰিয়ালৰ ৩৭.১৫ কোটি টকাৰ স্থাৱৰ সম্পত্তি আৰু ১০.১০ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আছে। তেওঁৰ কোনো অপৰাধমূলক ৰেকৰ্ড নাই আৰু তেওঁ কনৌজৰ স্বৰূপ নাৰায়ণ ইণ্টাৰমিডিয়েট কলেজত দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰিছে।

মঙলবাৰে তেওঁ কয় যে ২০০০ চনত অখিলেশ যাদৱ কনৌজৰ সাংসদ হোৱাৰ পিছত তেওঁ ৰাজনীতিত যোগদান কৰিছিল আৰু জিলাখনত সুগন্ধি উদ্যোগৰ সম্ভাৱনা উপলব্ধি কৰিছিল। সমাজবাদী পাৰ্টিৰ এজন স্থানীয় নেতাই কৈছিল যে পুষ্পৰাজে দৰিদ্ৰসকলৰ বাবে সঘনাই শিবিৰৰ আয়োজন কৰে আৰু তেওঁলোকক বিনামূলীয়া চিকিৎসা প্ৰাপ্ত কৰাত সহায় কৰে। তেওঁৰ এই সমাজহিতৈষী কৰ্ম আৰু দলৰ বাবে তেওঁৰ কামৰ বাবে তেওঁক বিধান পৰিষদৰ সদস্যৰ টিকেট দিয়া হৈছিল।

অভিযান আৰম্ভ হোৱাৰ পিছত ৰাষ্ট্ৰীয় সংবাদ সংস্থা দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ সৈতে কথা পাতি পুষ্পৰাজে কয় “পীয়ুষ জৈনৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। একমাত্ৰ সচৰাচৰ কথাটো হ’ল পীয়ুষ জৈন মোৰ দৰে একে সম্প্ৰদায়ৰ। যদি তেওঁৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে, তেন্তে তেওঁ নিজেই ইয়াৰ মোকাবিলা কৰিব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am
হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

হাজাৰটা নিয়ম মানিও ডায়েবেটিছ নিয়ন্ত্ৰণলৈ অহা নাই নেকি? ভাত বা ৰুটি খোৱাৰ আগতে খাওক এইবিধ খাদ্য

July 29, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd